ETV Bharat / state

মৰণফান্দত পৰিণত ৰঙিয়াৰ এখন দলং - ৰঙিয়া সমষ্টি

মৰণফান্দলৈ পৰিণত হৈছে ৰঙিয়াৰ এখন কাঠৰ দলং ৷ ৰঙিয়াৰ কেকেনীকুছিৰ পুঠিমাৰী নৈৰ ওপৰত থকা কাঠৰ দলংখনৰ জৰাজীৰ্ণ অবস্থাই দুঃশ্চিন্তাত পেলাইছে স্থানীয় ৰাইজক ৷ একাংশ দুৰ্নীতি পৰায়ণ ঠিকাদাৰৰ জোৰা টাপলি মৰা কামৰ বাবে দলং খনৰ অৱস্থা এনে হোৱা বুলি অভিযোগ স্থানীয় ৰাইজৰ ৷

মৰণফান্দত পৰিণত ৰঙিয়াৰ এখন দলং
মৰণফান্দত পৰিণত ৰঙিয়াৰ এখন দলং
author img

By

Published : Nov 2, 2020, 10:54 PM IST

ৰঙিয়া, 2 নৱেম্বৰ : মৰণফান্দ সদৃশ এখন দলঙেৰে দৈনিক যাত্ৰা ৰঙিয়াবাসী ৰাইজৰ ৷ মৰণফান্দত পৰিণত হৈছে ৰঙিয়াৰ কেকেনীকুছিৰ পুঠিমাৰী নৈৰ ওপৰত থকা এখন কাঠৰ দলং ৷ জৰাজীৰ্ণ কাঠৰ দলং খনেৰে স্থানীয় লোকসকলে মৰণক শৰণ দি যাতায়ত অব্যাহত ৰাখিছে ।

ৰাইজে জানিবলৈ দিয়া মতে এই দলং খনেৰে যাতায়ত নকৰিলে তেওঁলোকে অন্য পথেৰে প্ৰায় ২০/২৫ কিলোমিটাৰ ঘূৰি নিজৰ গন্তব্য স্থানলৈ যাব লগা হয় ৷ যিকোনো মূহুৰ্ততে পথচাৰীৰ বাবে বিপদ মাতি আনিব পাৰ দলং খনৰ বাবে এতিয়া দুঃশ্চিন্তাত পৰিছে পথটোৰে দৈনিক অহা যোৱা কৰা স্থানীয় ৰাইজ ৷

ৰাইজৰ অভিযোগ দলংখন মেৰামতি কৰিবলৈ সময়ে সময়ে ঠিকাদাৰ আহে যদিও দলং খনৰ অৱস্থাৰ কোনো পৰিৱৰ্তন নহয় । অভিযোগ অনুসৰি অলপমান জোৰা-টাপলি মাৰিয়ে দলং মেৰামতিৰ কাম সম্পূৰ্ণ কৰে একাংশ দুৰ্নীতি পৰায়ণ ঠিকাদাৰে । এই দুৰ্নীতি পৰায়ণ ঠিকাদাৰ সকলৰ বাবেই ৰঙিয়া সমষ্টি আৰু কমলপুৰ সমষ্টিৰ কেইবাখন গাঁৱৰ সহস্ৰাধিক ৰাইজে দুৰ্ভোগ ভুগিব লগা হৈছে বুলিও স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰে ।

লগতে পঢ়ক: গাৰ ছাঁই লগ এৰিলেও জৰা-ফুকাই লগ নেৰে আজমলৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.