বাইহাটা, 5 আগষ্ট : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ গৃহ সমষ্টি জালুকবাৰীত এইবাৰ প্ৰাদেশিকীকৰণৰ দাবীত প্ৰতিবাদত বহিল প্ৰাদেশিকীকৰণৰ পৰা বঞ্চিত শিক্ষক-শিক্ষয়ত্ৰী ৷ জালুকবাৰী সমষ্টিৰ গোগ মজলীয়া বিদ্যালয়ত ৰূপায়ন কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী ৷ 2017 চনৰ শিক্ষা আইন মতে বাদ পৰা শিক্ষক-শিক্ষয়ত্ৰী সকলে চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল কৰি তোলে বিদ্যালয়ৰ চৌহদ ৷
প্ৰতিবাদী শিক্ষক-শিক্ষয়ত্ৰী সকলে অভিযোগ কৰা মতে ২০০৫ চনত স্বীকৃতি প্ৰাপ্ত বিদ্যালয় সমূহত পাঁচজন শিক্ষকৰ পৰিৱৰ্তে চলিত বৰ্ষৰ ৫ ফেব্ৰুৱাৰীত মাত্ৰ তিনি জন শিক্ষকৰ পদহে প্ৰাদেশিকীকৰণ কৰা হয় । যাৰ পৰিপেক্ষিতত প্ৰতিখন বিদ্যালয়ৰ কৰ্মৰত পাঁচজন শিক্ষকৰ দুজনকৈ শিক্ষক বঞ্চিত হ'বলগীয়া হয় ।
লগতে পঢ়ক: সেউজ ন্যায়াধিকৰণৰ নিৰ্দেশত বন্ধ হ'ল বৰাগাঁৱৰ ডাম্পিং গ্ৰাউণ্ড
বঞ্চিত শিক্ষক-শিক্ষয়ত্ৰীসকলে চৰকাৰৰ এনে বিভাজনকাৰী সিদ্ধান্ত বাতিল কৰি আইনখন পুনৰ সংশোধন কৰাৰ বাবে দাবী উত্থাপন কৰে । চলিত অসম বিধানসভা অধিবেশনতে যাতে আইনখন সংশোধন কৰি বঞ্চিত শিক্ষক-শিক্ষয়ত্ৰী সকলক প্ৰাদেশিকীকৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰক দাবী জনাইছে শিক্ষক-শিক্ষয়ত্ৰী সকলে ৷
উল্লেখ্য যে, ন্যাৰ্য প্ৰাপ্তিৰ দাবীত উক্ত প্ৰতিবাদী কাৰ্যসূচীত শতাধিক অপ্ৰাদেশিকৃত শিক্ষক-শিক্ষয়ত্ৰীয়ে অংশ গ্ৰহণ কৰে ৷ হাতে হাতে প্লে’কাৰ্ড লৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ভেঞ্চাৰ শিক্ষক-শিক্ষয়ত্ৰী সকলে ৷
লগতে পঢ়ক: পথ পকীকৰণৰ দাবীত ৰাজপথত ৰঙিয়াৰ বৰমুৰাৰ ৰাইজ