কামৰূপ, 6 মাৰ্চঃ গুৱাহাটীত উপস্থিত জনপ্ৰিয় কন্ঠশিল্পী উষা মংগেশকাৰ । বৰঝাৰ বিমানবন্দৰত উপস্থিত কুকীলকন্ঠী গায়িকাগৰাকী । বৰঝাৰ বিমানবন্দৰত উপস্থিত হৈয়ে মা কামাখ্যাই অসমৰ হাৰ্থথ্ৰৱ' জুবিন গাৰ্গক যাতে সোনকালে সুস্থ কৰি তোলে তাৰে কামনা কৰিলে বৰ্ষীয়ান শিল্পী গৰাকীয়ে । মাজুলীত অনুস্থিত মিচিং জনগোষ্ঠীৰ যুৱ মহোউৎসৱত অংশ গ্ৰহণ কৰাৰ উদ্দেশ্যৰে অসমলৈ আহিছে উষা মংগেশকাৰ ৷
উল্লেখ্য যে, ইয়াৰ পূৰ্বেও বহুবাৰ অসমলৈ আহিছে কন্ঠশিল্পীগৰাকী । বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে কন্ঠশিল্পী গৰাকীক আদৰণী জনাই শুভকাংশীসকলে । শাৰীৰিক অসুস্থতাৰ পাচতো অসম প্ৰেমী শিল্পী গৰাকী উপস্থিত হোৱা বাবে অভূভিত হৈ পৰে অনুৰাগীসকল ৷