ETV Bharat / state

বিয়লি 5 বজাৰ শীৰ্ষ 10 বাতৰি - top ten at 5 pm

বিয়লি 5 বজাৰ শীৰ্ষ 10 বাতৰি

top ten at 5 pm
বিয়লি 5 বজাৰ শীৰ্ষ 10 বাতৰি
author img

By

Published : Aug 22, 2021, 5:05 PM IST

অসমৰ একাংশ ইছলামধৰ্মী লোকৰ মন-মগজু তালিবানী চিন্তাৰে সংপৃক্ত: মমিনুল আৱাল

তালিবানলৈ সমৰ্থন মন্তব্য কৰি শনিবাৰে অসম আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ'ল 14 জনকৈ লোক ৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে জ্যেষ্ঠ বিজেপি নেতা মমিনুল আৱালে । অসমৰ একাংশ ইছলামধৰ্মী লোকৰ মন-মগজু এতিয়াও তালিবানী চিন্তাৰে সংপৃক্ত বুলি মন্তব্য আৱালৰ ৷

শ্ৰীশ্ৰী আউনীআটী সত্ৰই স্থাপন কৰিব বিশ্বমুখী বিশ্ববিদ্যালয়

আধুনিকতাৰ লগতে নৈতিক আৰু সামাজিক মূল্যবোধেৰে সমাজখন নকৈ গঢ়ি তোলাৰ লক্ষ্যৰে শ্ৰীশ্ৰী আউনীআটী সত্ৰই এখন বিশ্বমুখী বিশ্ববিদ্যালয় স্থাপনৰ যো-জা চলাইছে‌ ৷ ভাৰত চৰকাৰৰ নতুন শিক্ষা নীতিৰ আধাৰত ঐতিহ্য আৰু আধুনিকতাৰ দৃষ্টিৰে সত্ৰই স্থাপন কৰিবলৈ লৈছে আউনীআটী বিশ্ববিদ্যালয় ৷

বৰ্তমান মাদ্ৰাছা টেট উত্তীৰ্ণসকলৰ প্ৰাসংগিকতা নাই : শিক্ষামন্ত্ৰী

পহীহাটৰ বেলুগুৰিত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে শনিবাৰে 2 কোটি টকা ব্যয় সাপেক্ষে WPT ৰ অধীনত এটি জনজাতীয় প্ৰেক্ষাগৃহৰ আধাৰশিলাৰ উদ্বোধন কৰে ৷ উক্ত অনুষ্ঠানত ৰূপহীহাটৰ বড়ো লোকসকলে শিক্ষামন্ত্ৰীক জনজাতীয় পৰম্পৰাৰে ব্যাপক আদৰণি জনায় ৷

বিদ্যালয় গৃহত শিক্ষা বিষয়াৰ নৈশভোজক অভিষন্ধিমূলক ষড়যন্ত্ৰ আখ্যা খণ্ড শিক্ষা বিষয়াৰ

নগাঁও জিলাৰ ৰূপহী শিক্ষাখণ্ডৰ অন্তৰ্গত কনুৱামাৰী বি চি দাস মাধ্যমিক বিদ্যালয়ত শুকুৰবাৰে নিশা সান্ধ্য আইন উলংঘন কৰি নৈশ ভোজৰ আয়োজন কৰাক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল এক উত্তপ্ত পৰিস্থিতিৰ । খোদ শিক্ষা বিষয়াৰ এনে কাণ্ডত লজ্জানত হৈছিল শৈক্ষিক মহল ।

কল্যাণ সিঙক শ্ৰদ্ধাঞ্জলি জনাবলৈ লক্ষ্ণৌত উপস্থিত প্ৰধানমন্ত্ৰী

শনিবাৰে নিশা চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কল্যাণ সিঙে (Kalyan Sing) ৷ কল্যাণ সিঙক শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ উদ্দেশ্য লক্ষ্ণৌলৈ ৰাওনা প্ৰধানমন্ত্ৰীৰ লগতে বহুকেইগৰাকী আৰ এছ এছ (RSS) নেতা ৷

কেৰালাত গ্ৰেপ্তাৰ আফগান নাগৰিক আব্বাছৰ হাতত অসমৰ আধাৰ কাৰ্ড

তালিবানৰ নিয়ন্ত্ৰণত আফগানিস্তান । ইতিমধ্যে ভয় আৰু শংকাত আফগানিস্তানৰ পৰা পলায়ন কৰিছে বহু আফগান নাগৰিকে । তেনে সময়তে কেৰালা আৰক্ষীৰ জালত এগৰাকী আফগান নাগৰিক । কিন্তু ৰহস্যজনকভাৱে লোকজনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে অসমৰ আধাৰ কাৰ্ড ।

ৰাজনৈতিক নেতাই অধিকাৰ কৰিলে ৰাখীৰ বজাৰ !

এইবাৰ কলকাতাৰ বজাৰ দখল কৰিছে ‘দিদি ৰাখী’ আৰু ‘মোডী ৰাখী’য়ে ৷ ‘আজাদী কা অমৃত মহোৎসৱ’ৰ সৈতে সংগতি ৰাখি বজাৰত উপলব্ধ হৈছে ত্ৰিৰংগা ৰাখী ৷

গুৱাহাটী মহানগৰীত ক'ভিড পৰিস্থিতি অনিয়ন্ত্ৰিত

ৰাজ্যখনত বিগত ২৪ ঘণ্টাত তুনকৈ ৬৪০ গৰাকী লোক ক'ভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে ১৫ গৰাকীৰ মৃত্যু হয় । সংক্ৰমণৰ হাৰ ০.৭৭ শতাংশ । মহানগৰ জিলাত ১২৬ গৰাকী লোক নতুনকৈ আক্ৰান্ত । কামৰূপ মহানগৰ জিলাত ১,৩৫২ গৰাকী লোক কৰ'ণাত আক্ৰান্ত হৈছে ৷

কল্যাণ সিং : এগৰাকী গেৰুৱা ৰাজনীতিবিদৰ উত্থান-পতনৰ কাহিনী

তৃণমূল পৰ্যায়ৰ আৰএছএছ কৰ্মীৰ পৰা ৰাজ্যপালৰ পদবীত অধিষ্ঠিত হোৱালৈকে কল্যাণ সিঙে কৰিবলগা হৈছিল কঠোৰ পৰিশ্ৰম তথা অধ্যৱসায় ৷ কঠোৰ অধ্যৱসায়ৰ বাবেই 1932 চনৰ 5 জানুৱাৰীত উত্তৰ প্ৰদেশৰ আলীগড়ত এটি সাধাৰণ কৃষক পৰিয়ালত জন্মগ্ৰহণ কৰা কল্যাণ সিং ৰাজ্যপালৰ পদত পদত অধিষ্ঠিত হ'বলৈ সক্ষম হৈছিল ৷

আফগান ব্যৱহাৰকাৰীৰ একাউণ্টৰ পৰা ব্যক্তিগত তথ্য আঁতৰাইছে ক্লাব হাউচে

জনপ্ৰিয় অডিঅ' মেছজিং এপ ক্লাব হাউচে সুৰক্ষাজনিত কাৰণত গ্ৰহণ কৰিছে এই পদক্ষেপ । আফগানিস্তানৰ ব্যৱহাৰকাৰীসকলক বিশেষ নিৰ্দেশনাযোগে সকীয়াই দিছে ক্লাব হাউচে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.