ETV Bharat / state

11 বজাৰ শীৰ্ষ দহটা বাতৰি...

author img

By

Published : Jun 21, 2021, 11:08 AM IST

11 বজাৰ শীৰ্ষ দহটা বাতৰি...

TOP 10 NEWS AT 11 AM
11 বজাৰ শীৰ্ষ দহটা বাতৰি

11 বজাৰ শীৰ্ষ দহটা বাতৰি:

অসমত বান-গৰাখহনীয়া সমস্যা সমাধান কৰা সম্ভৱ নহয়: উৰ্খাও গৌৰা ব্ৰহ্ম

হস্ততাঁত বস্ত্ৰ শিল্প মন্ত্ৰী (handloom and Textile Minister) উৰ্খাও গৌৰা ব্ৰহ্মই দেওবাৰে চিৰাং জিলাৰ বিজনী ঝাৰবিষপানীত ধলা নৈৰ গৰাখহনীয়া পৰিদৰ্শন কৰাৰ লগতে বিজনী মহকুমাৰ অন্তৰ্গত ১নং বিষ্ণুপুৰ ঝাৰবিষপানী ধলা নৈত নিৰ্মাণ কৰা বান্ধৰ কামৰ বুজ লয়। জিলাখনৰ গৰাখহনীয়াৰ স্থায়ী সমাধান কৰাৰ লগতে ৰাইজৰ সা-সম্পত্তি যাতে নিৰাপত্তা দিব পাৰি তাৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মন্তব্য কৰে মন্ত্ৰী ব্ৰহ্মই।

জনসংখ্যা নীতিক লৈ মুখ্যমন্ত্ৰীক ৰাজনীতি নকৰিবলৈ আহ্বান দেৱব্ৰত শইকীয়াৰ

ৰাজ্য চৰকাৰে শেহতীয়াকৈ প্ৰৱৰ্তন কৰিবলৈ লোৱা জনসংখ্যা নীতিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দেওবাৰে বিৰোধী দলপতি গৰাকীয়ে কয় যে, জনসংখ্যা বৃদ্ধি ৰোধ কৰিবলৈ কেৱল বিজেপিয়েহে যে একক প্ৰচেষ্টা চলাইছে মুখ্যমন্ত্ৰীয়ে তেনে এক ধাৰণা দিবলৈ চেষ্টা চলাইছে । কিন্তু সেয়া শুদ্ধ নহয় । কিয়নো, দেশত পূৰ্বৰ কংগ্ৰেছ চৰকাৰেই "হাম দো হামাৰে দো" শ্ল'গানেৰে জনসংখ্যা ৰোধ কৰাৰ আঁচনি লৈছিল । কংগ্ৰেছ চৰকাৰৰ দিনতে কেন্দ্ৰত শিক্ষা বিভাগৰ নাম সলনি কৰি মানৱ সম্পদ বিভাগ নাম দিয়া হৈছিল ৷ যাতে এইধৰণৰ বিষয়বিলাকো বিভাগটোৱে চকু দিব পাৰে । সেয়েহে জনসংখ্যা নীতিক লৈ মুখ্যমন্ত্ৰীয়ে ৰাজনীতি নকৰাই উচিত বুলি কয় দেৱব্ৰত শইকীয়াই ।

সীমা বিবাদ : মীমাংসাৰ বাবে শীঘ্ৰেই আহি আছে অমিত শ্বাহ

চুবুৰীয়া কেইবাখনো ৰাজ্যৰ দীৰ্ঘদিনীয়া সীমা বিবাদ BORDER PROBLEM) নিস্পত্তিৰ সূত্ৰ নিৰ্ণয় কৰিবলৈ জুলাই(july Month) মাহৰ মধ্যভাগত অসম (Assam)লৈ আহিব কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ (Home Minister) । উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ মাজত চলি থকা আন্তঃৰাজ্যিক সীমা বিবাদ নিস্পত্তি কৰাৰ বাবে অসম আৰু উত্তৰ-পূৱৰ মুখ্যমন্ত্ৰীসকল (Noerth East Chief Minister)ৰ সৈতে এক বৈঠকত ভাগ ল'ব গৃহমন্ত্ৰী গৰাকীয়ে ।

নিৰ্বাপিত হোৱা নাই কমলপুৰৰ বিধ্বংসী অগ্নিকাণ্ড

এতিয়াও নিৰ্বাপিত হোৱা নাই কামৰূপ জিলাৰ কমলপুৰৰ আল্টাৰ প্লাষ্টিক কোম্পানীৰ ভয়াৱহ অগ্নিকাণ্ড ৷ অগ্নিনিৰ্বাপক বাহিনীৰ প্ৰায় দহখনকৈ বাহনে ওৰেটো নিশা জুই নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰখাৰ পাচতো জুইৰ লেলিহান শিখাই আৱৰি ৰাখে উদ্যোগটোৰ চৌপাশ ৷

অতি শীঘ্ৰে ৰূপায়ণ হ’ব BTR চুক্তিৰ 9 নং দফা

বিটিআৰ চুক্তিৰ ৯ নং দফা অনুসৰি প্ৰাক্তন এনডিএফবি সকলৰ পুনৰ সংস্থাপনৰ দিবলৈ ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ সেই অনুসৰি প্ৰাক নিযুক্তি প্ৰশিক্ষণৰ যোগেদি প্ৰাক্তন এনডিএফবি সকলক সামৰিক আৰু অৰ্ধসামৰিক বাহিনীত নিযুক্তি দিয়া হ’ব । যি সকলৰ নিযুক্তিৰ বয়স ইতিমধ্যে উকলি গৈছে তথা প্ৰাক নিযুক্তি প্ৰশিক্ষণৰ যোগেদিও যিসকলে যোগ্যতা অৰ্জন কৰিব নোৱাৰে তেওঁলোকক দক্ষতা বিকাশ প্ৰশিক্ষণৰ জৰিয়তে স্বাৱলম্বী কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে বুলি মন্তব্য কৰে বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ ৷

গণতন্ত্ৰৰ প্ৰতি আস্থা নাই মুখ্যমন্ত্ৰীৰ: দেৱব্ৰত শইকীয়া

মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাই কৰা শেহতীয়া এক মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই । মুখ্যমন্ত্ৰীয়ে শনিবাৰে 'পাঁচ বছৰে বিৰোধী পক্ষত থাকি বিধায়কে কি কৰিব আৰু সেইবাবে সকলোৱে শাসকীয় পক্ষত থাকি কাম কৰক' বুলি কৰা মন্তব্য়ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীৰ গণতন্ত্ৰৰ প্ৰতি আস্থা নাই বুলি সমালোচনা কৰে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই ৷

ভতিজা বোৱাৰীক অশ্লীল মেছেজ দি বিতৰ্কত সংখ্যালঘু নেতা

আবু বক্কৰ ছিদ্দিক, অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সম্পাদক । সীমাহীন কু-কৰ্মত জড়িত থকাৰ অভিযুক্ত এইজন ছিদ্দিকে নিজকে সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থতে সংখ্যালঘু সংগ্ৰাম পৰিষদক ব্যৱহাৰ কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে । এইবাৰ এইজন বিতৰ্কিত নামধাৰী সংখ্যালঘু নেতাৰ পৰা ৰেহাই নাপালে খোদ ভতিজা বোৱাৰীয়েকে ।

শ্ৰী শ্ৰী দক্ষিণ পাট সত্ৰত যোগ দিৱস পালন

আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস(International Yoga Day) ৷ সমগ্ৰ বিশ্বৰ লগতে ভাৰততো সপ্তমবাৰৰ বাবে পালন কৰা হৈছে যোগ দিৱস ৷ ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে 2014 চনৰ 11 ডিচেম্বৰ তাৰিখে 21 জুন তাৰিখটোক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস (International Yoga Day) হিচাপে ঘোষণা কৰিছিল ৷ যোগ হ'ল প্ৰাচীন ভাৰতত আৰম্ভ হোৱা এক শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক ক্ৰিয়া । ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰসংঘক 21 জুন তাৰিখটো আন্তৰ্জাতিক যোগ দিৱস হিচাপে ঘোষণা কৰিবলৈ প্ৰস্তাৱ আগবঢ়োৱাৰ পাচতে 2015 চনৰ 21 জুনৰ পৰা যোগ দিৱস পালন কৰি আহিছে ৷ আন আন ঠাইৰ দৰে সত্ৰীয়া পৰম্পৰাৰে এই যোগ দিৱস মাজুলীৰ শ্রী শ্রী দক্ষিণ পাট সত্ৰতো পালন কৰা দেখা যায় । ক'ভিড-19ৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে বান্ধি দিয়া নীতি-নিয়ম মানি অনুষ্টুপীয়াকৈ এই যোগ দিৱস পালন কৰে সত্ৰৰ বৈষ্ণৱ সকলে ৷

পৰীক্ষা বাতিলক লৈ কি ক'লে মাজুলীৰ শিক্ষাৰ্থীয়ে ?

হায়াৰ ছেকেণ্ডাৰী (HS) আৰু মেট্ৰিক (HSLC) পৰীক্ষা বাতিলৰ ঘোষণা কৰাৰ লগে লগে অন্ত পৰিল দীৰ্ঘদিনে পৰীক্ষাক লৈ সৃষ্টি হৈ থকা কৌতুহলৰ ৷ পৰীক্ষা বাতিল কৰাৰ লগে লগে বিভিন্ন জনে বিভিন্ন মত প্ৰকাশ কৰিছে ৷ একাংশ অভিভাৱক তথা শিক্ষাৰ্থীৰ মতে, পৰীক্ষা অনুষ্ঠিত কৰিব লাগিছিল আন একাংশৰ মতে, পৰীক্ষা অনুষ্ঠিত নোহোৱাই ভাল হৈছে ৷ তাৰ মাজতে চৰকাৰে গ্ৰহণ কৰা পৰীক্ষা নীতিকলৈও একাংশ শিক্ষাৰ্থী দোমোজাত পৰিছে ৷ শিক্ষাৰ্থী সকলৰ প্ৰশ্ন, মূল্যাংকনৰ জৰিয়তে তেওঁলোকে ভবা ধৰণে ফলাফল লাভ কৰিব নে ? তেওঁলোকে ভবা মতে এখন ভাল কলেজত নাম ভৰ্তি কৰিব পাৰিবনে ? কি হ'ব অসমৰ লাখ লাখ পৰীক্ষাৰ্থীৰ ভৱিষ্যত ? এই সন্দৰ্ভত কি ক'লে মাজুলীৰ পৰীক্ষাৰ্থীসকলে ?

কোন দিশে নলবাৰীৰ ঢুলীয়া শিল্পীৰ জীৱন পৰিক্ৰমা

নলবাৰীৰ কৈহাটীৰ ঢুলীয়া শিল্পীৰ দুৰ্দশা । লাভ কৰা নাই চৰকাৰী সা-সুবিধা । পেটত গামোচা বান্ধিয়েই পাৰ কৰিছে জীৱন ৷ কৈহাটী গাঁৱৰ ঢুলীয়া শিল্পীৰ লগত জড়িত প্ৰায় ১০০ তকৈ অধিক পৰিয়াল আজিও সা-সুবিধাৰ পৰা বঞ্চিত ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.