ETV Bharat / state

5 বজাৰ শীৰ্ষ দহটা খবৰ - TOP 10 AT 5 PM

5 বজাৰ শীৰ্ষ দহটা খবৰ

5 বজাৰ শীৰ্ষ দহটা খবৰ
5 বজাৰ শীৰ্ষ দহটা খবৰ
author img

By

Published : Mar 20, 2021, 5:12 PM IST

কলিয়াবৰত হাতীৰ আক্ৰমণত নিহত এজন

নগাঁৱৰ কলিয়াবৰত বনৰীয়া হাতীৰ আক্ৰমণত নিহত মনৰূপ মল্লিক নামৰ এজন যুৱক । শুকুৰবাৰে বৰভগীয়া গাঁৱত সংঘটিত হয় এই শোকাৱহ ঘটনাটো ।

ৰহাত ব্যাপক প্ৰচাৰ এজেপিৰ প্ৰাৰ্থী উৎপল বণিয়াৰ

৭ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা ৰহা সমষ্টিত তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ ৷ যিয়ে যেনেকৈ পাৰে, ভোটাৰক আকৰ্ষণ কৰাৰ চেষ্টা চলাইছে ৷ বৃদ্ধজনৰ আশীষ লৈ ভোটাৰৰ মন জয় কৰাৰ চেষ্টা অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী উৎপল বণিয়াৰ ৷

মুখ্যমন্ত্ৰীক ফল’ কৰে লুৰিণে: ৰামেশ্বৰ তেলী

আছুৰ পৰা সৰ্বানন্দও আহিছে, লুৰিণো আহিছে । সৰ্বানন্দ সোণোৱালে দৰিদ্ৰ পৰিয়ালৰ ঘৰত গৈ ভাত খাইছিল । তাকে অনুকৰণ কৰি অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণে দৰিদ্ৰ পৰিয়ালৰ ঘৰত গৈ ভাত খাইছে । নাহৰকটীয়া সমষ্টিত অনুষ্ঠিত বিজেপি দলৰ যোগদান কাৰ্যসূচীত উপস্থিত থাকি কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে উল্লেখ কৰে এই কথা ৷

কামৰূপ আৰক্ষীৰ জালত দুৰ্ধৰ্ষ ডকাইত

নিৰ্বাচনৰ প্ৰাক মুহুৰ্তত কামৰূপ আৰক্ষীয়ে এক অভিযান চলাই দুটা পিষ্টলসহ ৬০ জাই সক্ৰিয় গুলী জব্দ কৰে ৷ লগতে চানফুল আলী নামৰ এজন ডকাইতক আটক কৰে ৷

কংগ্ৰেছ ত্যাগ প্ৰাক্তন মন্ত্ৰী গৌতম বৰাৰ

প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হৈ কংগ্ৰেছ ত্যাগ কৰিলে গৌতম বৰাই । অচিৰেই বিজেপিত যোগদানৰ সম্ভাৱনা । প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হোৱাৰ পিছতেই নিজৰ কেইজনমান সমৰ্থকক লগত লৈ কংগ্ৰেছ ত্যাগ কৰিলে বটদ্ৰৱা সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী গৌতম বৰাই । শনিবাৰে এক সংবাদমেল আয়োজন কৰি দলত্যাগৰ কথা ঘোষণা কৰিলে কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে ।

পুতলা নাচৰ জৰিয়তে বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ

নলবাৰীৰ ঘগ্ৰাপাৰত নিৰ্বাচনী কাৰ্যালয় মুকলি কৰি পুতলা নাচৰ জৰিয়তে বিজেপি প্ৰাৰ্থী জয়ন্ত মল্ল বৰুৱাই চলালে নিৰ্বাচনী প্ৰচাৰ ৷ ভোটাৰক আকৰ্ষণ কৰিবলৈ ৰাইজৰ মাজলৈ আহিল অভিনেত্ৰী প্ৰাঞ্জনা দত্ত ৷

ডিমা হাছাওত নিৰ্বাচনী হিংসা: কংগ্ৰেছ কৰ্মীক আক্ৰমণ

বৃহস্পতিবাৰে দিহাংগী আৰক্ষী থানাৰ অন্তৰ্গত ডিকেৰেংমা গাঁৱত গ্ৰাম প্ৰধান হলেন্দ্ৰ ওয়াৰিচাৰ ঘৰত যুৱ কংগ্ৰেছৰ সদস্যসকলে এক সভাৰ আয়োজন কৰিছিল । সেই সময়তে বিজেপি দলৰ গুণ্ডা বাহিনীয়ে দুখন বাহন লৈ তাত উপস্থিত হয় আৰু কংগ্ৰেছ কৰ্মীৰ ওপৰত আক্ৰমণ চলোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতি ডেনিয়েল লাংথাচাই ।

গুৱাহাটীত বাধ্যতামূলক মাস্ক

নিৰ্বাচনৰ প্ৰাকক্ষণত দেশৰ নিৰ্বাচন আয়োগে নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি জাৰি কৰা ক'ভিড বিধি কোনো এটা ৰাজনৈতিক দলে মানি চলা পৰিলক্ষিত হোৱা নাই । শুকুৰবাৰে মনোনয়ন দাখিলৰ পৰ্ব সমাপ্ত হোৱাৰ পাছতহে সাৰ পাইছে ৰাজ্যৰ স্বাস্থ্য বিভাগ । ৰাজহুৱা স্থান, কাৰ্যালয়, হাস্পতাল আদিত মাস্ক নিপিন্ধিলে ৫০০ টকা পৰ্যন্ত জৰিমনাৰ ঘোষণা প্ৰশাসনৰ ।

বিজেপি প্ৰাৰ্থীৰ জয়ী কামনাৰে বিশেষ পূজা

বিজেপি প্ৰাৰ্থী তৰংগ গগৈৰ জয় নিশ্চিত কৰিবলৈ নাহৰকটীয়াত আয়োজন কৰা হৈছে আহোম জনগোষ্ঠীয় বিশেষ পূজা । আহোম জনগোষ্ঠীয় ৰীতি-নীতিৰ মাজেৰে মলুং সকলৰ দ্বাৰা কৰা হৈছে পূজা ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.