ETV Bharat / state

11 বজাৰ শীৰ্ষ দহটা বাতৰি... - top 10

11 বজাৰ শীৰ্ষ দহটা বাতৰি...

top 10 at 11
11 বজাৰ শীৰ্ষ দহটা বাতৰি...
author img

By

Published : Mar 7, 2021, 11:05 AM IST

ৰাতাবাৰীত জব্দ 20 লাখ টকা

শনিবাৰে ৰাতাবাৰী সমষ্টিৰ অন্তৰ্গত ঈশান ছৰা অঞ্চলত এখন ব্যক্তিগত বাহনৰ পৰা আৰক্ষী আৰু ফ্লায়িং স্কোৱাডৰ সহযোগত ষ্টেটিক ছাৰ্ভিলেঞ্চ টিমে জব্দ কৰে নগদ 20 লাখ টকা । নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ ভিন্ন প্ৰান্তত এনেদৰে উদ্ধাৰ হৈছে নগদ ধন ৷

অভিজিৎ হাজৰিকা আৰু বেণুধৰ নাথৰ টিকট লাভ

শনিবাৰে নিশা গুৱাহাটীৰ তাজ ভিভাণ্টা হোটেলত কংগ্ৰেছে প্ৰকাশ কৰিলে প্ৰথমখন প্ৰাৰ্থী তালিকা । তালিকা অনুসৰি ৭৪ নং ৰঙাপৰা বিধানসভা সমষ্টি আৰু ৭১ নং ঢেকিয়াজুলি বিধানসভা সমষ্টিত ভাৰতীয় জাতীয় কংগ্ৰেছ দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ক্ৰমে অভিজিৎ হাজৰিকা আৰু বেণুধৰ নাথক ৷

মহাজোঁটবন্ধন কৰি বৰাকত সংকটত পৰিছে কংগ্ৰেছ

বিজেপিক প্ৰতিহত কৰিবলৈ মহাজোঁটবন্ধন কৰি সংকটত পৰিছে কংগ্ৰেছ ৷ বিগত চাৰি দিন ধৰি কংগ্ৰেছৰ স্ক্ৰীনিং কমিটীৰ বৈঠক অনুষ্ঠিত হৈ আহিছে যদিও আসন বুজাবুজিৰ লগতে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিব পৰা নাই কংগ্ৰেছে ৷ অংশীদাৰ দল বি পি এফক 12 টা সমষ্টি আৰু তিনিটা বাওঁদলক 4 টা সমষ্টি এৰি দিয়া কংগ্ৰেছে এ আই ইউ ডি এফৰ লগত আসন বুজাবুজিৰ ক্ষেত্ৰত সহমতত উপনীত হ'ব পৰা নাই কংগ্ৰেছ৷ বিশেষকৈ বৰাকৰ সমষ্টি কেইটা ভাগ বটোৱাৰা কৰাৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হৈছে ৷

ফুলাম গামোচাৰে উষ্ম আদৰণি ৰূপক শৰ্মাক

নগাঁও সদৰ সমষ্টিৰ বাবে বিজেপি নেতা ৰূপক শৰ্মাক মনোনীত কৰাত বিপুল আদৰণি জনাই সহস্ৰাধিক দলীয় কৰ্মী আৰু সমৰ্থকে । প্ৰাৰ্থিত্ব লাভৰ পাচতে শৰ্মাক বিশাল মটৰ চাইকেল ৰেলীৰে আদৰি আনিলে সমৰ্থকসকলে ৷

মণিলাল গোৱালাৰ দল এৰাৰ ভাবুকি

পাথাৰকান্দি সমষ্টিত টিকট বঞ্চিত হোৱাৰ আভাষ পাই শনিবাৰে দল এৰাৰ ভাবুকি জ্যেষ্ঠ কংগ্ৰেছী নেতা মণিলাল গোৱালাৰ ৷

কংগ্ৰেছে প্ৰকাশ কৰিলে প্ৰথমখন প্ৰাৰ্থী তালিকা

গুৱাহাটীৰ তাজ ভিভাণ্টা হোটেলত সকলোৰে সন্মতি সাপেক্ষে শনিবাৰে নিশা কংগ্ৰেছে প্ৰকাশ কৰিলে ৪০ টাকৈ বিধানসভা সমষ্টিৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা ।

অজাপৰ প্ৰাৰ্থীত্ব লাভৰ পাচতে বিশাল বাইক ৰেলীৰে আদৰি আনিলে অজয় তাঁতীক

ৰঙাপৰা বিধানসভা সমষ্টিত অজয় তাঁতীক অজাপৰ প্ৰাৰ্থিত্ব প্ৰদান ৷ প্ৰাৰ্থীত্ব লাভৰ পাচতে বিশাল মটৰ চাইকেল ৰেলীৰে আদৰি আনিলে সমৰ্থকে ৷

চিলাপথাৰত নিৰুদ্দেশ মাতৃ-কন্যা

চিলাপথাৰৰ পৰা নিৰুদ্দেশ মাতৃ সহ চাৰে চাৰি বছৰীয়া কন্যা ৷ চিলাপথাৰ আৰক্ষী থানাৰ অধীনৰ নতুন মিচিং গাঁৱৰ তানু পাইতৰ পত্নী লমতেন বাংছিয়া পাইত আৰু কন্যা বাৰ্বী পাইত বিগত 2 মাৰ্চৰ পৰা সন্ধানহীন হৈ আছে ৷

গুজৰাটত জৰুৰী অৱতৰণ ভাৰতীয় সেনাৰ হেলিকপ্তাৰ

জৰুৰীকালীন অৱতৰণ ভাৰতীয় সেনাৰ এখন হেলিকপ্তাৰ ৷ গুজৰাটৰ খেডা জিলাৰ মহুদা তালুকৰ বীনা গাঁৱৰ এখন ফাৰ্মত অৱতৰণ বিমানখনৰ । যান্ত্ৰিক বিজুতিৰ ফলত জৰুৰীকালীন অৱতৰণ কৰে বিমানখনে । এই ঘটনাত কোনো আহত হোৱা নাই বুলি সেনাৰ সূত্ৰত প্ৰকাশ ।

নিজ দেশৰ নাগৰিকক ভাৰতৰ পৰা ঘূৰাই পঠিওৱাৰ আহ্বান ম্যানমাৰৰ

অবৈধভাৱে মিজোৰামত প্ৰৱেশ কৰা ম্যানমাৰৰ নাগৰিকক ম্যানমাৰলৈ প্ৰত্যাৱৰ্তনৰ বাবে আহ্বান জনালে ম্যানমাৰৰ ফালাম জিলাৰ উপায়ুক্তই । মিজোৰামৰ চম্ফাই জিলাৰ উপায়ুক্তলৈ এখন পত্ৰ প্ৰেৰণ কৰি ফালাম জিলাৰ উপায়ুক্তই এই আহ্বান জনাইছে । শনিবাৰে এই কথা নিশ্চিত কৰিলে চম্ফাই জিলাৰ উপায়ুক্ত মাৰিয়া চি টি জুৱালিয়ে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.