ETV Bharat / state

1 বজাৰ শীৰ্ষ বাতৰি

author img

By

Published : Aug 4, 2020, 1:08 PM IST

1 বজাৰ শীৰ্ষ বাতৰিসমূহ ...

Top 10 at 1 PM
1 বজাৰ শীৰ্ষ বাতৰি

1. পৰিৱেশ প্ৰভাৱ সম্পৰ্কীয় খচৰাই উত্তাল কৰিছে উত্তৰ-পূৰ্বাঞ্চল

কেন্দ্ৰীয় চৰকাৰৰ পৰিবেশ, বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰণালয়ে এনভায়ৰমেন্ট ইম্পেক্ট এছেছমেন্ট (EIA) সন্দৰ্ভত কেতবোৰ নতুন নীতি জাৰি কৰা জাননীয়ে ইতিমধ্যে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

2. হাইলাকান্দিত দুষ্টচক্ৰৰ আক্ৰমণৰ বলি সাংবাদিক

হাইলাকান্দিত কৰ্তব্যৰত দুগৰাকী সাংবাদিকৰ ওপৰত সোমবাৰে নিশা আক্ৰমণ কৰে কোনো দুষ্টচক্ৰই ৷ ঘটনা সন্দৰ্ভত স্থানীয় আৰক্ষী চকীত দুটাকৈ গোচৰ ৰুজু কৰা হৈছে যদিও এইপৰ্যন্ত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাই কোনো লোকক ৷

3. বানাক্ৰান্তক দুৰ্ব্যৱহাৰ বিধায়ক বলিন চেতিয়াৰ

গৰাখহনীয়া ৰোধ কৰাৰ উদ্দেশ্যে কুণ্ডিল নৈৰ গতিপথ সলাবলৈ অহৰ্নিশে কাম কৰি থকা বিভিন্ন জনগোষ্ঠীৰ সংগঠনৰ কৰ্মীৰ লগতে ৰাইজৰ লগত স্থানীয় বিধায়ক বলিন চেতিয়াৰ বাক-বিতণ্ডা ৷ জনগোষ্ঠীয় সংগঠনৰ সহযোগত ৰাইজে নদীখনৰ গতি পথ সলাবৰ বাবে কাম কৰি থকাৰ মাজতে সোমবাৰে হঠাৎ উপস্থিত হয় বলিন চেতিয়াৰ লগতে বিধায়কজনৰ একাংশ সাংগোপাংগ ৷

4. ক্ৰমাৎ অধিক মজবুত হৈছে ভাৰত-ভূটানৰ সম্পৰ্ক

শেহতীয়াকৈ ভূটানৰ নৃপতিয়ে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ প্ৰেৰণ কৰিছে এখন পত্ৰ ৷ লক ডাউনৰ সময়ছোৱাত অসমে গ্ৰহণ কৰা ইতিবাচক ভূমিকাক শলাগ লোৱা হৈছে এই পত্ৰত ৷ এই পত্ৰই প্ৰমাণ কৰিছে অসমৰ সৈতে চুবুৰীয়া ৰাজ্য ভূটানৰ সুমধুৰ সম্পৰ্কৰ কথা ৷

5. সুশান্তৰ মৃত্যু সন্দৰ্ভত চি.বি.আই তদন্তৰ আবেদন নীতিশ কুমাৰৰ

সুশান্ত সিং ৰাজপুত আত্মহত্যাৰ ঘটনা সন্দৰ্ভত চি.বি.আই তদন্তৰ বাবে আবেদন কৰিছে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ৷ ইয়াৰ বাবে গোহাৰি জনাইছিল সুশান্তৰ পিতৃয়ে ৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে অৱশ্যে এই সন্দৰ্ভত কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই ৷

6. সুধাকণ্ঠৰ সহশিল্পী গিয়াছুদ্দিন আহমেদৰ দেহাৱসান

সোমবাৰে আমগুৰি গাঁও মায়াচুকৰ বাসভৱনত দেহাৱসান ঘটে সুধাকণ্ঠৰ একালৰ সহযোগী গিয়াছুদ্দিন আহমেদৰ ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮২ বছৰ ৷

7. মাদাৰপুৰ গাঁৱৰ মাজেৰে গতি সলালে আই নদীয়ে : পানীৰ তলত সমগ্ৰ গাঁও

চিৰাঙৰ মাদাৰপুৰ গাঁৱত আই নদীৰ বান আৰু গৰাখহনীয়াৰ তাণ্ডৱ । বান্ধ ছিগি গাঁৱৰ মাজেৰে আই নদীৰ পানী সোমোৱাৰ ফলত দুশৰো অধিক পৰিয়ালৰ ঘৰ আই নদীৰ খহনীয়া আৰু বানত বিলীন হৈ পৰিছে । কেইবাশ বিঘা কৃষিভূমি এতিয়া নদীৰ খহনীয়াত হ'ল নিশ্চিহ্ন ।

8. ৰঙিয়াত বানাক্ৰান্তক সহায়ৰ হাত শিল্পীৰ

বান সাহাৰ্য লৈ ৰঙিয়াৰ বান বিধ্বস্ত অঞ্চলত উপস্থিত হ'ল শিল্পীৰ এটা দল । পুঠিমাৰী নৈৰ মথাউৰি ছিঙি সৰ্বস্বান্ত হোৱা বগৰীবাৰীত ৰাইজৰ মাজত সোমবাৰে সাহাৰ্য‍ সামগ্ৰী বিতৰণ কৰিলে দলটোৱে ।

9. চিলাপথাৰত উপস্থিত মন্ত্ৰী পীয়ুয হাজৰিকা

সোমবাৰে অসম চৰকাৰৰ মন্ত্ৰী পীয়ুয হাজৰিকা আৰু লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা চিলাপথাৰত উপস্থিত হয় ৷ উক্ত অঞ্চলত উপস্থিত হৈ 25 হাজাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰীগৰাকীয়ে ৷

10. ৰাজ্যজুৰি কংগ্ৰেছৰ প্ৰতাৰণা দিৱস উদযাপন

সোমবাৰে ৰাজ্যজুৰি প্ৰধান বিৰোধী দল কংগ্ৰেছে বিজেপি চৰকাৰৰ বিৰুদ্ধে পালন কৰে প্ৰতাৰণা দিৱস প্ৰতিবাদী কাৰ্যসূচী ৷ ৰাজ্যৰ বঙাইগাঁওকে ধৰি বিশ্বনাথ, নগাঁও, কলিয়াবৰ, নাজিৰাতো ব্যাপক প্ৰতিবাদ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.