ETV Bharat / state

ৰঙিয়াৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্বৃত্তৰ লুটপাত

author img

By

Published : Jul 6, 2021, 1:40 PM IST

ৰঙিয়াৰ ৰাজপথত চিলনী চোৰৰ উপদ্ৰৱ ৷ দিন দুপৰতে এগৰাকী মহিলাৰ ডিঙিৰ পৰা কাঢ়ি লৈ গ’ল সোণৰ চেইন ৷ মঙলবাৰে ৰঙিয়াৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চেপ্তিত সংঘটিত হৈছে এই ঘটনা ৷

thief case at rangia
ৰঙিয়াত চিলনী চোৰৰ উপদ্ৰৱ

ৰঙিয়া, 6 জুলাই : ৰাজ্যত অব্যাহত আছে চিলনী চোৰৰ উপদ্ৰৱ ৷ এইবাৰ চিলনী চোৰে উপদ্ৰৱ চলালে ৰঙিয়াৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত ৷ মঙলবাৰে ৰঙিয়াৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চেপ্তিত দুই দুৰ্বৃত্তই এগৰাকী মহিলাক চলালে লুটপাত ৷

ঘটনাৰ বিৱৰণী অনুসৰি, এগৰাকী মহিলাই আত্মীয়ৰ সৈতে এখন স্কুটীত ৰঙিয়া অভিমুখে আহি আছিল ৷ কিন্তু তেনে সময়তে পালচাৰ বাইকত অহা দুই দুৰ্বৃত্তই মহিলাগৰাকীৰ ডিঙিৰ পৰা কাঢ়ি লৈ যায় সোণৰ চেইন ৷ কেৱল সোণৰ চেইনডালেই নহয়, মহিলাগৰাকীৰ কাণফুলিও আঁজুৰি নিব বিচাৰিছিল যদিও ব্যৰ্থ হয় ৷

ভুক্তভোগী মহিলাগৰাকী বাইহাটা চাৰিআলিৰ গুণেশ্বৰী ডেকা কলিতা বুলি জানিব পৰা গৈছে ৷

ৰঙিয়াত চিলনী চোৰৰ উপদ্ৰৱ

ভুক্তভোগী কলিতাই বাইক আৰোহীৰূপী দুই চিলনী চোৰে মৰাণজানাৰ পৰা স্কুটীখনৰ পিছ লৈ অহা বুলি সদৰী কৰিছে । অৱশেষত দুই চোৰে চেপ্তিৰ তেল ডিপোৰ সন্মুখতে চলায় এই লুটপাত । চলন্ত স্কুটী আৰোহী ভুক্তভোগী মহিলাগৰাকীৰ ডিঙিৰ পৰা সোণৰ অলংকাৰ কাঢ়ি গতিয়াই থৈ যায় দুৰ্বৃত্তই । যাৰ ফলত আহত হৈছে মহিলাগৰাকী ।

ঘটনাৰ বিৱৰণী অনুসৰি, ক'লা ৰঙৰ পালচাৰ বাইকত আহিছিল দুই চোৰ । সোণৰ চেইন কাঢ়িয়ে ৰঙিয়া অভিমুখে পলাইন কৰে দুই অভিযুক্তই । জানিব পৰা মতে, প্ৰায় ৮০ হেজাৰ টকা মূল্যৰ আছিল সোণৰ চেইনডাল ৷ ইতিমধ্যে এই ঘটনা সন্দৰ্ভত আৰক্ষীৰ কাষ চাপিছে ভুক্তভুগী মহিলাগৰাকী ।

লগতে পঢ়ক: 50 ৰ সলনি 65 শতাংশ যাত্ৰী কঢ়িয়াব পৰিব ঘৰুৱা বিমানে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.