ৰঙিয়া, 16 জুনঃ ৰঙিয়াত শিক্ষকৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ গুৰুতৰ অভিযোগ ৷
ৰঙিয়াৰ তিনিআলি নিবাসী শিক্ষক পৰেশ চন্দ্ৰ দেৱশৰ্মাৰ বিৰুদ্ধে উত্থাপিত হৈছে বাৰ বছৰীয়া কিশোৰীক যৌন নিৰ্যাতনৰ অভিযোগ ৷ ঘৰত কাম কৰিবলৈ বুলি আনি ভাড়াঘৰত ৰাখি এগৰাকী কিশোৰীক শিক্ষকগৰাকীয়ে নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ অৱশেষত কিশোৰীগৰাকীয়ে ভাড়াঘৰৰ পৰা পলাই আহিবলৈ সক্ষম হোৱাৰ লগতে পোহৰলৈ আহে সকলো কু-কৰ্ম ৷
অধিক পঢ়কঃ বটদ্ৰৱা সংখ্যালঘু যুৱ মঞ্চৰ ফেচবুক পেজত বিতৰ্কিত মন্তব্য় কৰা দুজনক গ্ৰেপ্তাৰ
বেংগলী ছাত্র ফেডাৰেচনৰ কৰ্মীসকলে শিক্ষকগৰাকীক ধৰি আৰক্ষীক গতাই দিয়ে ৷ জানিব পৰামতে পৰেশ চন্দ্ৰ দেৱশৰ্মা তুলসীবাৰী বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সংস্কৃত শিক্ষক ৷