ETV Bharat / state

শুৱালকুছি অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ স্থান পৰিদৰ্শন কামৰূপ জিলা প্ৰশাসনৰ

author img

By

Published : Jan 28, 2021, 3:21 PM IST

Updated : Jan 28, 2021, 3:32 PM IST

আগন্তুক 10 দিনৰ ভিতৰত আৰম্ভ হ'ব শুৱালকুছি অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ নিৰ্মাণ কাৰ্য ৷ বৃহস্পতিবাৰে কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিকৰ নেতৃত্বত এটা দলে শুৱালকুছি অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ নিৰ্মাণৰ স্থান পৰিদৰ্শন কৰে ৷ স্থান পৰিদৰ্শন জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিকে সাংবাদিকৰ আগত শুৱালকুছি অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰে ৷

Sualkushi ENGINEERING COLLEGE
শুৱালকুছি অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ স্থান পৰিদৰ্শন কামৰূপ জিলা প্ৰশাসনৰ

কামৰূপ, 28 জানুৱাৰী : ৰাজ্যৰ লগতে শুৱালকুছিবাসীৰ বাবে ভাল খৱৰ ৷ আগন্তুক দিনত শুৱালকুছিত স্থাপল হ'বলগীয়া শুৱালকুছি অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ স্থান বৃহস্পতিবাৰে পৰিদৰ্শন কৰে কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিকে ৷ তেওঁৰ লগত থাকে কামৰূপ জিলা প্ৰশাসনৰ কেইবাজনো শীৰ্ষ বিষয়া ৷

উল্লেখ্য যে, শুৱালকুছি অভিযান্ত্ৰিক মহাবিদ্যালয় স্থাপন কৰিবৰ বাবে শুৱালকুছিৰ মুগা গোপাচাৰত প্ৰায় 100 বিঘা মাটি আৱন্টন দিয়া হৈছে ৷ আগন্তুক 10 দিনৰ ভিতৰত শুৱালকুছি অভিযান্ত্ৰিক মহাবিদ্যালয় নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হ'ব বুলি সাংবাদিকক সম্বোধন কৰি কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিকে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: এজোপা ২৫০ বছৰীয়া গছক কেন্দ্ৰ কৰি গঢ়ি উঠিছে আধ্যাত্মিক পৰম্পৰা

Last Updated : Jan 28, 2021, 3:32 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.