ETV Bharat / state

দক্ষিণ কামৰূপত নিশা পৰিবহন বিভাগৰ অভিযান; ৭০ খনৰো অধিক বাহন জব্দ - খ\\\

মঙলবাৰে নিশা হঠাৎ দক্ষিণ কামৰূপৰ ভিন্ন ঠাইত ট্ৰাক-ডাম্পাৰৰ বিৰুদ্ধে অভিযান চলিল পৰিবহন বিভাগৰ । হাৰি নগ'ল আৰক্ষীও । জিলা উপায়ুক্ত, পৰিবহন বিষয়া, চক্ৰ বিষয়াৰ অভিযানত ৭০ খনৰো অধিক ট্ৰাক-ডাম্পাৰ জব্দ ।

অভিযানত জব্দ হোৱা ট্ৰাক-ডাম্পাৰ
author img

By

Published : Oct 23, 2019, 9:40 AM IST

Updated : Oct 23, 2019, 12:22 PM IST

ব্যুৰ' ৰিপৰ্ট, 23 অক্টোবৰঃ অৱশেষত যেন গা লৰিল পৰিবহন বিভাগৰ ৷ মঙলবাৰে নিশা হঠাৎ দক্ষিণ কামৰূপৰ ভিন্ন ঠাইত অভিযান চলিল পৰিবহন বিভাগৰ । কি ট্ৰাক, কি বাইক, কি চাৰিচকীয়া বাহন, যান-বাহন আইন অমান্য কৰা সকলো লোককে পৰিবহন বিভাগে বিহিলে জৰিমনা । হাৰি নগল আৰক্ষীও ৷ হেলমেট পৰিধান নকৰাকৈ বাইক চলাই যান-বাহন আইন নমনাৰ বাবে পৰিবহন বিষয়াই জৰিমনা বিহিলে আৰক্ষীক । ইপিনে যোৱা ৩ টা দিনত দক্ষিণ কামৰূপৰ বিভিন্ন স্থানত ট্ৰাক-ডাম্পাৰৰ দৌৰাত্মৰ ফলত ১০ জনকৈ লোকে প্ৰাণ হেৰুৱাইছিল । যাৰ বাবে পৰিবহন বিভাগে হঠাৎ অভিযান চলাই মঙলবাৰে নিশা দক্ষিণ কামৰূপৰ বকো, ছয়গাও, মিৰ্জা, কুলশী, লোহাৰঘাট আদিত অভিযান চলাই বিভিন্ন অঞ্চলত শতাধিক চালানবিহীন বালিৰ ট্ৰাক-ডাম্পাৰ জব্দ কৰে ৷

দক্ষিণ কামৰূপত নিশা হঠাৎ পৰিবহন বিভাগৰ অভিযান

বিশেষকৈ কুলশী অঞ্চলত ৫০ খনৰো অধিক চালানবিহীন বালি কঢ়িওৱা ট্ৰাক জব্দ কৰাৰ লগতে ছয়গাঁও কুকুৰমাৰা ওচৰৰ বৰতেজপুৰত ২০ খনৰো অধিক গাড়ী জব্দ কৰে ৷ আনহাতে বকোতো অতিৰিক্ত জিলা উপায়ুক্ত, চক্ৰ বিষয়াৰ উপস্থিতিত বহুকেইখন গাড়ী জব্দ কৰে পৰিবহন বিভাগে । লগতে ছয়গাঁও কুকুৰমাৰাত AS-01-CC-2611 নম্বৰৰ দুখন একে নম্বৰৰ গাড়ী জব্দ কৰে ৷ এই অভিযানত স্বয়ং কামৰূপ জিলা উপায়ুক্ত কমল কুমাৰ বৈশ্যৰ লগতে অতিৰিক্ত আৰক্ষী অধীক্ষককে ধৰি যান-বাহন নিয়ন্ত্ৰণ শাখাৰ লগতে আৰক্ষী আৰু চক্ৰ বিষয়াই অংশগ্ৰহণ কৰে ৷

Intro:অৱশেষত গা লৰিল পৰিবহন বিভাগৰ ! নিশা হঠাৎ দক্ষিণ কামৰূপৰ ভিন্ন ঠাইত ট্ৰাক-ডাম্পাৰৰ অভিযান চলিল পৰিবহন বিভাগৰ । শাৰী নগল আৰক্ষীও । জিলা উপায়ুক্ত,পৰিবহন বিষয়া,চক্ৰ বিষয়াৰ অভিযানত ৭০খনৰো অধিক ট্ৰাক-ডাম্পাৰ জব্দ ।Body:Vo.. অৱশেষত গা লৰিল পৰিবহন বিভাগৰ ! নিশা হঠাৎ দক্ষিণ কামৰূপৰ ভিন্ন ঠাইত অভিযান চলিল পৰিবহন বিভাগৰ । কি ট্ৰাক,কি বাইক,কি চাৰিচকীয়া সকলো অভিযান কালত জব্দ । যান-বাহন আইন নমনা সকলো লোককে বিহিছে জৰিমনা । শাৰী নগল এইগৰাকী আৰক্ষীও,হেলমেট পৰিধান নকৰাকৈ বাইক চলাই আহিছিল এইজন আৰক্ষী বিষয়াই কিন্তু পৰিবহন বিষয়াৰ পৰা শাৰী নগল আৰক্ষীজন যান-বাহন আইন নমনাৰ বাবে জৰিমনা বিহিলে আৰক্ষীক । যোৱা ৩টা দিনত দক্ষিণ কামৰূপত ট্ৰাক-ডাম্পাৰৰ দৌৰাত্মৰ ফলত ১০জনকৈ লোকে প্ৰাণ হেৰুৱাইছিল । আজি মঙ্গলবাৰে নিশা দক্ষিণ কামৰূপৰ বকো,ছয়গাও,মিৰ্জা,কুলশী,লোহাৰঘাট আদিত অভিযান চলাই পৰিবহন বিভাগে বিভিন্ন অঞ্চলত শতাধিক চালানবিহীন বালিৰ ট্ৰাক-ডাম্পাৰ জব্দ কৰে ৷ বিশেষকৈ কুলশী অঞ্চলত ৫০ খনৰো অধিক চালানবিহীন বালি কঢ়িওৱা ট্ৰাক জব্দ কৰাৰ লগতে ছয়গাও কুকুৰমাৰা ওচৰৰ বৰতেজপুৰত ২০খনৰো অধিক গাড়ী জব্দ কৰে আনহাতে বকোতো অতিৰিক্ত জিলা উপায়ুক্ত,চক্ৰ বিষয়াৰ উপস্থিতিত বহুকেইখন গাড়ী জব্দ কৰে পৰিবহন বিভাগে । আনহাতে ছয়গাও কুকুৰমাৰাত AS-01-CC-2611 নম্বৰৰ দুখন একে নম্বৰৰ গাড়ী জব্দ কৰে ৷ এই অভিযানত স্বয়ং কামৰূপ জিলা উপায়ুক্ত কমল কুমাৰ বৈশ্যৰ লগতে অতিৰিক্ত আৰক্ষীককে ধৰি যান বাহন নিয়ন্ত্ৰণ শাখাৰো লোকৰ লগতে পলাশবাৰী,ছয়গাঁও আৰু বকো আৰক্ষী আৰু চক্ৰ বিষয়াই অংশগ্ৰহণ কৰে ৷
উল্লেখ্য যে বিগত কেইবাদিনত দক্ষিণ কামৰূপ অঞ্চলত একাংশ অবৈধ বালি ট্ৰাক, ডাম্পাৰ দৌৰাত্ম্যৰ ফলত বহু কেইজন লোকৰ পথ দুৰ্ঘটনাত মৃত্যু হৈছে এই বাতৰি যোৱাকালি "ইটিভি ভাৰত অসমে"ও প্ৰকাশ কৰিছিলো । তাৰপিছতে আজি নিশা হঠাৎ অভিযান চলাই পৰিবহন বিভাগে ।
লগতে এই অভিযানতে অধিক বোজা কঢ়িওৱা,সুৰাপান কৰি গাড়ী চলোওৱাকে ধৰি যান-বাহন আইন ভংগ কৰা বহুতো লোকক জৰিমনা বিহে ।

Bite1..পৰিবহন বিষয়া গৌতম দাস
Bite2..গৌৰি শংকৰ শৰ্মা (ADC)

মুঠতে নিশা চলা অভিযান কালত যান-বাহন আইন নমনা সকলো লোককে জৰিমনা বিহিলে । উল্লখ্য যে যোৱা ৩ টা দিনত ট্ৰাক-ডাম্পাৰৰ দৌৰাত্মৰ ফলত ১০জনকৈ লোকে প্ৰান হেৰুৱাব লগা হৈছে । Conclusion: এয়া অভিযান যাতে কেৱল এদিনৰ বাবে নহয় কিয়ণো নিশা হলেই ট্ৰাক-ডাম্পাৰ হৈ পৰে পথৰ ৰজা যাৰ ফলত অকাল মৃত্যুক সাৱতি লৈছে বহুতো লোকে ।

বকোৰ পৰা কুলেন্দু কলিতা আৰু ছয়গাওৰ পৰা বিপুল দাসৰ সহযোগত দক্ষিণ কামৰূপ/ আজাৰা পৰা অজয় দাস,etv bharat assam
Last Updated : Oct 23, 2019, 12:22 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.