ETV Bharat / state

ৰাস উপলক্ষে মুছলমান ৰাইজে দলং সাজি দেখুৱালে সম্প্ৰীতিৰ নিদৰ্শন

ৰঙিয়াত ৰাস উপলক্ষে হিন্দু-মুছলমান সকলোৱে একেলগ হৈ দলং সাজি উলিয়ালে ৷ সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিলে বৰকুুকুৰীয়াবাসী ৰাইজে ৷

author img

By

Published : Nov 12, 2019, 2:26 PM IST

Updated : Nov 12, 2019, 5:13 PM IST

ৰাস উপলক্ষে মুছলমান ৰাইজে দলং সাজি দেখুৱালে সম্প্ৰীতিৰ নিদৰ্শন

ৰঙিয়া,12 নৱেম্বৰ: ৰঙিয়াত বৰকুকুৰীয়া গাঁৱত হিন্দু-মুছলমানৰ মাজত সম্প্ৰীতিৰ অপূৰ্ব নিদৰ্শন ৷ ৰঙিয়াত বৰকুকুৰীয়া গাঁৱত ৰাস মহোৎসৱ অংশগ্ৰহণ মুছলমান লোকৰ ৷ ৰাসত অংশগ্ৰহণৰ লগতে ৰাস উৎসৱ অনুষ্ঠিত কৰাত পূৰ্ণ সহযোগিতা মুছলমান সমাজৰ ৷ ৰাস উপলক্ষে বৰকুকুৰীয়া গাঁৱত এখন দলং নিৰ্মাণ কৰে মুছলমান লোকসকলে ৷

সম্প্ৰীতিৰ নিদৰ্শন

বৰকুকুৰিয়াত প্ৰতিবছৰে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে উদযাপন কৰি আহিছে শাৰদীয় ৰাস মহোৎসৱ । কিন্তু কাষেৰে বৈ যোৱা বৰলীয়া নৈৰ ওপৰত দলং নথকাত অঞ্চলটোৰ একাংশ ৰাইজে ৰাসত মহোৎসৱ অংশগ্ৰহণ কৰিব নোৱাৰে ৷ ইয়াৰোপৰি এই অঞ্চলটোৰ ৰাইজে বছৰ বছৰ ধৰি ভুগি আহিব লগা হৈছে যাতায়ত সমস্যা। দলঙৰ অভাৱত দুয়োপাৰৰ ৰাইজে ঘূৰি যাব লাগে কেইবা কিলোমিটাৰ বিপদসংকুল পথ। বছৰ বছৰ ধৰি চৰকাৰক কাকূতি মিনতি কৰিও নাপালে এখন স্থায়ী দলং। উপায়ন্তৰ হৈ প্ৰতি বছৰৰ দৰে এইবাৰো ৰাসৰ সময়ত বৰকুকুৰিয়াত বৰলীয়া নৈত অহা-যোৱা কৰিবলৈ দলং সজাত ব্যস্ত হৈ পৰিছে অঞ্চলটোৰ লোক। মুছলমান সম্প্ৰদায়ৰ লোকসকলেও আন্তৰিকতাৰে স্বতস্ফুৰ্তভাৱে পূৰ্বৰ দৰে বৰলীয়া নৈত বাঁহৰ দলং সাজি যাতায়তৰ সমস্যা সাময়িক ভাৱে সমাধান কৰাত সহায়ৰ হাত আগবঢ়াইছে ৷ উল্লেখ্য যে যি সময়ত ধৰ্মৰ দোহাই দি একাংশ লোকে সমাজত অশান্তিৰ সৃষ্টি কৰি আছে তেনে সময়তে বৰকুকুৰীয়া ৰাইজৰ এই পদক্ষেপে সমাজলৈ এক আদৰ্শ দাঙি ধৰিছে ৷

লগতে চাওকঃহাউলীত শুভাৰম্ভ ৯২ সংখ্যক ৰাস মহোৎসৱ

Intro:ৰাস উপলক্ষে মুছলমান লোকে দলং সাজি দাঙি ধৰিলে অপূৰ্ব সম্প্ৰিতিৰ নিদৰ্শনBody:ৰঙিয়াত সম্প্ৰীতিৰ অপূৰ্ব নিদৰ্শন দাঙি ধৰিলে বৰকুকুৰীয়াবাসী ৰাইজে। যি সময়ত ধৰ্মৰ দোহাই দি একাংশ লোকে সমাজত অশান্তিৰ সৃষ্টি কৰি আছে তেনে সময়তে ৰাস উপলক্ষে হিন্দু-মুছলমান লোকে একগোট হৈ বৰলীয়া নৈৰ ওপৰত দলং সাজি দেখুৱাইছে সম্প্ৰীতিৰ নমুনা। বৰকুকুৰিয়াত প্ৰতিবছৰে বৃহত্তৰ অঞ্চল টোৰ ৰাইজে উদযাপন কৰি আহিছে শাৰদীয় ৰাস মহোৎসৱ। কিন্তু কাষেৰে বৈ যোৱা বৰলীয়া নৈৰ ওপৰত দলং নাই বাবে এই অঞ্চলটোৰ ৰাইজে ৰাসত অংশগ্ৰহণ কৰিব নোৱাৰে আৰু লগতে বছৰ বছৰ ধৰি ভুগি আহিব লগা হৈছে যাতায়ত সমস্যা। দলঙৰ অভাৱত দুয়োপাৰৰ ৰাইজে ঘুৰি যাব লাগে কেইবা কিলোমিটাৰ বিপদসংকুল পথ। বছৰ বছৰ ধৰি চৰকাৰক কাবৌ -কাকলি কৰিও নাপালে এখন স্থায়ী দলং। উপায়ন্তৰ হৈ প্ৰতি বছৰৰ দৰে এইবাৰো ৰাসৰ সময়ত বৰকুকুৰিয়াত বৰলীয়া নৈত অহা- যোৱা কৰিবলৈ দলং সজাত ব্যস্ত হৈ পৰিছে অঞ্চলটোৰ লোক । মুছলমান সম্প্ৰদায়ৰ লোক সকলেও আন্তৰিকতাৰে স্বতস্ফুৰ্তভাবে পূৰ্বৰ দৰে বৰলীয়া নৈত বাহৰ দলং সাজি যাতায়তৰ সমস্যা সাময়িক ভাৱে সমাধান কৰাই নহয় অন্য ঠাইলৈ সম্প্ৰীতিৰ এক অনবদ্য বাণীও প্ৰেৰণ কৰিছে।
বাইট : স্হানীয় লোক ।Conclusion:বন্দনা শৰ্মা, ৰঙিয়া
Last Updated : Nov 12, 2019, 5:13 PM IST

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.