ETV Bharat / state

ৰিপুণ বৰা আৰু ৰকিবুল হুছেইনে কংগ্ৰেছ দল ধ্বংস কৰিলে: ৰূপজ্যোতি কুৰ্মী - ৰকিবুল হুছেইন

শুকুৰবাৰে বিধানসভাৰ সচিবালয়ত উপস্থিত হৈ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ হাতত বিধায়কৰ পদত্যাগ পত্ৰ দাখিল কৰে ৰূপজ্যোতি কুৰ্মীয়ে ৷ বিধায়ক পদ ত্যাগ কৰাৰ লগতে তেওঁ একে সময়তে কংগ্ৰেছ দলৰ প্ৰাথমিক সদস্য পদৰ পৰাও ইস্তাফা দিয়ে ৷

Ripun Bara and Rakibul Hussain destroyed the Congress party
ৰিপুণ বৰা আৰু ৰকিবুল হুছেইনে কংগ্ৰেছ দল ধ্বংস কৰিলে : ৰূপজ্যোতি কুৰ্মী
author img

By

Published : Jun 18, 2021, 12:38 PM IST

গুৱাহাটী, 18 জুন : অৱধাৰিত ভাৱেই কংগ্ৰেছ দল আৰু বিধায়ক পদ শুকুৰবাৰে ত্যাগ কৰিলে চাৰিবাৰকৈ মৰিয়নী সমষ্টিৰ পৰা বিধায়ক হিচাপে জয়ী হৈ অহা ৰূপজ্যোতি কুৰ্মীয়ে (Rupjyoti Kurmi)। শুকুৰবাৰে বিধানসভা সচিবালয়ত উপস্থিত হৈ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ হাতত বিধায়কৰ পদত্যাগ পত্ৰ দাখিল কৰে ৰূপজ্যোতি কুৰ্মীয়ে (Rupjyoti Kurmi) । তেওঁক সংগ দিয়ে সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকা (Piyush Hazarika) আৰু মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্তমল্ল বৰুৱাই (Jayantamalla Baruah) ।

ৰিপুণ বৰা আৰু ৰকিবুল হুছেইনে কংগ্ৰেছ দল ধ্বংস কৰিলে : ৰূপজ্যোতি কুৰ্মী

ইতিমধ্যে কংগ্ৰেছ দল ত্যাগ কৰা আন একাংশ নেতাকো আজি ৰূপজ্যোতি কুৰ্মীৰ সৈতে দেখা যায় । আনহাতে, বিধায়ক পদ ত্যাগ কৰাৰ লগতে তেওঁ একে সময়তে কংগ্ৰেছ দলৰ প্ৰাথমিক সদস্য পদৰ পৰাও ইস্তাফা দিয়ে । অধ্যক্ষৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰি উঠি সংবাদ মাধ্যমৰ আগত বৰ্তমানৰ কংগ্ৰেছ নেতৃত্বৰ বিৰুদ্ধে তীৰ্যক মন্তব্যৰে আক্ৰমনাত্মক হৈ পৰে ৰূপজ্যোতি কুৰ্মী ।

তেওঁ কয় যে, কংগ্ৰেছত মাত্ৰ ৰিপুণ বৰা আৰু ৰকিবুল হুছেইনৰ ৰাজত্ব চলিছে । চাৰিবাৰকৈ বিধায়ক হিচাপে বিজয়ী হোৱাৰ পিছতো তেওঁক গুৰুত্বহীন কৰি ৰখা হৈছে কংগ্ৰেছ দলত । তেওঁ বিৰোধী দলপতি নাইবা প্ৰদেশ কংগ্ৰেছৰ সভাপতি কিম্বা বিধানসভাৰ ৰাজহুৱা হিচাপ কমিটীৰ অধ্যক্ষৰ পদ বিচাৰিছিল যদিও কংগ্ৰেছে নিদিলে বুলি কয় ।

ৰূপজ্যোতি কুৰ্মীৰ মন্তব্য- "ৰিপুণ বৰা আৰু ৰকিবুল হুছেইনে কংগ্ৰেছ দল ধ্বংস কৰিলে ।" আনহাতে, ৰূপজ্যোতি কুৰ্মীয়ে (Rupjyoti Kurmi) আজি স্পষ্টকৈ ঘোষণা কৰে যে অহা সোমবাৰে তেওঁ লখিমপুৰত আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰিব ।

লগতে পঢ়ক : কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীয়ে গ্ৰহণ কৰিলে ক’ভিড-19ৰ দুয়োবিধ টীকা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.