ETV Bharat / state

ভিলেজ ৰকষ্টাৰ্ছৰ পিছত এইবাৰ ভিলেজ ৰকষ্টাৰ্ছ পাৰ্ট-টু

author img

By

Published : Jun 30, 2019, 2:51 PM IST

ৰীমা দাসৰ ভিলেজ ৰকষ্টাৰ্ছে স্বৰ্ণ কমল বঁটা লাভ কৰি সমগ্ৰ ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱাৰ পিছত এইবাৰ চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাস আগবাঢ়িছে ভিলেজ ৰকষ্টাৰ্ছ পাৰ্ট -টু নিৰ্মাণৰ বাবে ।

ভিলেজ ৰকষ্টাৰ্ছৰ পিছত এইবাৰ ভিলেজ ৰকষ্টাৰ্ছ পাৰ্ট-টু

ছয়গাঁও,৩০ জুনঃ শনিবাৰে সন্ধিয়া ছয়গাঁও শ্ৰীমন্তশঙ্কৰদেৱ কলা কৃষ্টি বিকাশ কেন্দ্ৰত ছয়গাঁও শিল্পী সমাজৰ উদ্যোগত আয়োজিত ৰীমা দাসৰে মুখামুখি অনুষ্ঠানত এই কথা প্ৰকাশ কৰে ৰীমা দাসে ৷ অনুষ্ঠানত অস্কাৰৰ দৌৰলৈ অগ্ৰসৰ হোৱা ৰীমা দাসৰ ভিলেজ ৰকষ্টাৰ্ছৰ সহজ সৰল কাহিনী ৰাইজে আদৰি লোৱাত অনপ্ৰাণিত হৈয়েই তেওঁ চিনেমাখনৰ পাৰ্ট -টু নিৰ্মাণ কৰাৰ বাবে অনুপ্ৰেৰণা পোৱা বুলি উল্লেখ কৰে ৷ আনহাতে মনোৰঞ্জনধৰ্মী চিনেমাৰ সলনি ক্ৰীড়া আৰু সাংস্কৃতিক বিষয়ৰ ওপৰতহে চিনেমা নিৰ্মাণ কৰাৰ বাবে আগ্ৰহী বুলিহে ৰীমা দাসে প্ৰকাশ কৰে ৷

ভিলেজ ৰকষ্টাৰ্ছৰ পিছত এইবাৰ ভিলেজ ৰকষ্টাৰ্ছ পাৰ্ট-টু

ভৱিষ্যতে ৰীমা দাসে গাঁৱলীয়া পটভূমিৰ লগতে ক্ৰীড়া আৰু সাংস্কৃতিক দিশৰ ওপৰতহে চিনেমা নিৰ্মাণ কৰিব বুলি মুখামুখি অনুষ্ঠানত প্ৰকাশ কৰে ৷ৰীমা দাসে বিশেষকৈ এখন সংগীতধৰ্মী চিনেমা নিৰ্মাণৰো আশা প্ৰকাশ কৰে । আনহাতে অসম চৰকাৰে 'পূৰ্ণ চন্দ্ৰা' নামৰ চিনেমাখন ৰীমা দাসক নিৰ্মাণ কৰাৰ বাবে দায়িত্ব অৰ্পণ কৰাৰ বাবে তেওঁ অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে ৷ ইফালে অস্কাৰৰ দৌৰৰ পৰা আঁতৰি অহা ৰীমা দাসে দুখ প্ৰকাশ কৰি কয় যে ভাৰতবৰ্ষত কামৰ প্ৰচাৰবোৰ বহু পলমকৈ হয় আৰু যাৰ বাবে অস্কাৰৰ বাবে দৌৰাৰ ক্ষেত্ৰতো তেনেদৰে পলম হৈছিল ৷ আনহাতে অস্কাৰৰ বাবে যোৱাত খৰচ হোৱা ধনৰ পৰিমাণ কম হোৱাটোও অন্য এটা কাৰণ বুলি প্ৰকাশ কৰে চলচ্চিত্ৰ নিৰ্মাতাগৰাকীয়ে ।

Intro:ভিলেজ ৰকষ্টাৰ্ছৰ জৰিয়তে স্বৰ্ণ কমল বঁটা লাভ কৰি সমগ্ৰ ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা ৰীমা দাসে পুনৰ নিৰ্মাণ কৰিব ভিলেজ ৰকষ্টাৰ্ছ Part 2 ৷ মনোৰঞ্জনধৰ্মী চিনেমাৰ সলনি খেল আৰু সংগীতধৰ্মী চিনেমা বনাবলৈও মন চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাসৰ ৷Body:ছয়গাঁও ৩০ জুন : ভিলেজ ৰকষ্টাৰ্ছ চিনেমাৰ জৰিয়তে দেশৰ সৰ্বোচ্চ বঁটা স্বৰ্ণ কমল বঁটা আজুৰি আনিবলৈ সক্ষম হোৱা ৰীমা দাসে পুনৰ নিৰ্মাণ কৰিব ভিলেজ ৰকষ্টাৰ্ছ part 2 ৷ শনিবাৰে সন্ধিয়া ছয়গাঁও শ্ৰীমন্তশঙ্কৰদেৱ কলা কৃষ্টি বিকাশ কেন্দ্ৰত ছয়গাঁও শিল্পী সমাজৰ উদ্যোগত আয়োজিত ৰীমা দাসৰে মুখামুখী অনুষ্ঠানত এই কথা প্ৰকাশ কৰে ৰীমা দাসে ৷ অনুষ্ঠানত অস্কাৰৰ দৌৰলৈ অগ্ৰসৰ হোৱা ৰীমা দাসৰ ভিলেজ ৰকষ্টাৰ্ছৰ সহজ সৰল কাহিনী ৰাইজে আদৰি লোৱাত অনপ্ৰাণিত হৈয়েই তেওঁ চিনেমাখনৰ part 2 নিৰ্মাণ কৰাৰ বাবে অনুপ্ৰেৰণা পোৱা বুলি উল্লেখ কৰে ৷ আনহাতে মনোৰঞ্জনধৰ্মী চিনেমাৰ সলনি ক্ৰীড়া আৰু সাংস্কৃতিক বিষয়ৰ ওপৰতহে চিনেমা নিৰ্মাণ কৰাৰ বাবে আগ্ৰহী বুলিহে ৰীমা দাসে প্ৰকাশ কৰে ৷ ভৱিষ্যতে ৰীমা দাসে গাঁৱলীয়া পটভূমিৰ লগতে ক্ৰীড়া আৰু সাংস্কৃতিক দিশৰ ওপৰতহে চিনেমা নিৰ্মাণ কৰিব বুলি মুখামুখী অনুষ্ঠানত প্ৰকাশ কৰে ৷ আনহাতে অসম চৰকাৰে পূৰ্ণ ছন্দ্ৰা নামৰ চিনেমাখন ৰীমা দাসক নিৰ্মাণ কৰাৰ বাবে দায়িত্ব অৰ্পণ কৰাৰ বাবে তেওঁ অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে ৷ ইফালে অস্কাৰৰ দৌৰৰ পৰা আঁতৰি অহা ৰীমা দাসে দুখ প্ৰকাশ কৰি কয় যে ভাৰতবৰ্ষত কামৰ প্ৰচাৰবোৰ বহু পলমকৈ হয় আৰু যাৰ বাবে অস্কাৰৰ বাবে দৌৰাৰ ক্ষেত্ৰতো তেনেদৰে পলম হৈছিল ৷ আনহাতে অস্কাৰৰ বাবে যোৱাত খৰচ হোৱা ধনৰ পৰিমাণ কম হোৱাটোও অন্য এটা কাৰণ বুলি প্ৰকাশ কৰে ৷Conclusion:byte ৰীমা দাস

ছয়গাঁও শিল্পী সমাজে আয়োজন কৰা এই মুখামুখী অনুষ্ঠানটোৰ আঁত ধৰে সুকুমাৰ মেধিয়ে ৷ ছয়গাঁও শিল্পী সমাজৰ সভাপতি কামেশ্বৰ নাথে সঞ্চালনা কৰা অনুষ্ঠানত শিল্পী সমাজৰ বহু সংখ্যক সদস্যৰ লগতে সাংবাদিক আৰু স্থানীয় বহুসংখ্যক লোক উপস্থিত থাকে ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.