ৰঙিয়া, 20 আগষ্টঃ ৰঙিয়াৰ পৰা ৰহস্যজনকভাৱে সন্ধানহীন ছাত্ৰ আৰু ছাত্ৰী ৷ ৰঙিয়াৰ তুলসীবাৰীৰ পৰা ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈছে ১৮ বছৰীয়া এগৰাকী ছাত্ৰী ৷ সন্ধানহীন ছাত্ৰী গৰাকী মানবেন্দ্ৰ ছোৱালী মহাবিদ্যালয়ৰ প্ৰথম ষাণ্মাষিকৰ ছাত্ৰী ৰেশ্মী বেগম ৷ পৰিয়ালৰ সদস্যই জানিবলৈ দিয়া মতে ছাত্ৰী গৰাকী মঙলবাৰে দিনৰ ভাগত মহাবিদ্যালয়লৈ আহিছিল যদিও সন্ধিয়ালৈ তেওঁ ঘৰলৈ ওভতি নগ'ল ৷ আনহাতে ছাত্ৰীগৰাকীৰ মোবাইল ফোনটোও তেতিয়াৰ পৰাই বন্ধ হৈ আছে। বহু বিচাৰ খোচাৰৰ মুৰতো একো সন্ধান নাপাই ইতিমধ্যে তুলসীবাৰী আৰক্ষীৰ কাষ চাপিছে পৰিয়ালবৰ্গ ৷ আনহাতে ৰঙিয়াৰ বনগাঁৱৰ পৰাও ৰহস্যজনকভাৱে সন্ধানহীন হৈছে ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ আজিনুৰ হুছেইন নামৰ ছাত্ৰজন ৷ শনিবাৰে আবেলি বজাৰ কৰিবলৈ গৈ সন্ধানহীন হৈছে ছাত্ৰজন ৷ পৰিয়ালৰ লোকে বহু বিচাৰ-খোচাৰ কৰাৰ পিছতো কোনো শুং সূত্ৰ লাভ কৰিব পৰা নাই আজিনুৰৰ ৷ উপায়হীন হৈ পৰিয়ালৰ লোকে ৰঙিয়া আৰক্ষীৰ কাষ চাপিছে যদিও আৰক্ষীয়েও এইপৰ্যন্ত কোনো সম্ভেদ উলিয়াব পৰা নাই আজিনুৰৰ ৷ বজাৰলৈ গৈ হঠাৎ এনেদৰে ছাত্ৰজন সন্ধানহীন হোৱা ঘটনাক সহজভাৱে ল'ব পৰা নাই অঞ্চলটোৰ ৰাইজে ৷ দুয়োগৰাকী ছাত্ৰ-ছাত্ৰীয়ে কোনো মানৱ সৰবৰাহকাৰী চক্ৰৰ কবলত পৰা বুলি আশংকা কৰিছে ভুক্তভোগী পৰিয়াল দুই ৷
ৰঙিয়াৰ পৰা সন্ধানহীন ছাত্ৰ আৰু ছাত্ৰী - human trafiking
ৰঙিয়াৰ তুলসীবাৰীৰ পৰা ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈছে ১৮ বছৰীয়া এগৰাকী ছাত্ৰী আৰু ১৪ বছৰীয়া এজন ছাত্ৰ ৷ দুয়োগৰাকী ছাত্ৰ-ছাত্ৰীয়ে কোনো মানৱ সৰবৰাহকাৰী চক্ৰৰ কবলত পৰা বুলি ভয় আৰু শংকাত ভুগিছে ভুক্তভোগী পৰিয়াল দুটা ৷
ৰঙিয়া, 20 আগষ্টঃ ৰঙিয়াৰ পৰা ৰহস্যজনকভাৱে সন্ধানহীন ছাত্ৰ আৰু ছাত্ৰী ৷ ৰঙিয়াৰ তুলসীবাৰীৰ পৰা ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈছে ১৮ বছৰীয়া এগৰাকী ছাত্ৰী ৷ সন্ধানহীন ছাত্ৰী গৰাকী মানবেন্দ্ৰ ছোৱালী মহাবিদ্যালয়ৰ প্ৰথম ষাণ্মাষিকৰ ছাত্ৰী ৰেশ্মী বেগম ৷ পৰিয়ালৰ সদস্যই জানিবলৈ দিয়া মতে ছাত্ৰী গৰাকী মঙলবাৰে দিনৰ ভাগত মহাবিদ্যালয়লৈ আহিছিল যদিও সন্ধিয়ালৈ তেওঁ ঘৰলৈ ওভতি নগ'ল ৷ আনহাতে ছাত্ৰীগৰাকীৰ মোবাইল ফোনটোও তেতিয়াৰ পৰাই বন্ধ হৈ আছে। বহু বিচাৰ খোচাৰৰ মুৰতো একো সন্ধান নাপাই ইতিমধ্যে তুলসীবাৰী আৰক্ষীৰ কাষ চাপিছে পৰিয়ালবৰ্গ ৷ আনহাতে ৰঙিয়াৰ বনগাঁৱৰ পৰাও ৰহস্যজনকভাৱে সন্ধানহীন হৈছে ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ আজিনুৰ হুছেইন নামৰ ছাত্ৰজন ৷ শনিবাৰে আবেলি বজাৰ কৰিবলৈ গৈ সন্ধানহীন হৈছে ছাত্ৰজন ৷ পৰিয়ালৰ লোকে বহু বিচাৰ-খোচাৰ কৰাৰ পিছতো কোনো শুং সূত্ৰ লাভ কৰিব পৰা নাই আজিনুৰৰ ৷ উপায়হীন হৈ পৰিয়ালৰ লোকে ৰঙিয়া আৰক্ষীৰ কাষ চাপিছে যদিও আৰক্ষীয়েও এইপৰ্যন্ত কোনো সম্ভেদ উলিয়াব পৰা নাই আজিনুৰৰ ৷ বজাৰলৈ গৈ হঠাৎ এনেদৰে ছাত্ৰজন সন্ধানহীন হোৱা ঘটনাক সহজভাৱে ল'ব পৰা নাই অঞ্চলটোৰ ৰাইজে ৷ দুয়োগৰাকী ছাত্ৰ-ছাত্ৰীয়ে কোনো মানৱ সৰবৰাহকাৰী চক্ৰৰ কবলত পৰা বুলি আশংকা কৰিছে ভুক্তভোগী পৰিয়াল দুই ৷
আনহাতে ৰঙিয়াৰ বনগাঁৱৰ পৰাও ৰহস্যজনকভাৱে সন্ধানহীন হৈছে ১৪ বছৰীয়া ছাত্র এগৰাকী । সন্ধানহীন হোৱা যুৱকজন হৈছে ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ আজিনুৰ হুছেইন । শনিবাৰে আবেলি বজাৰ কৰিবলৈ গৈ সন্ধানহীন হৈছে ছাত্রজন । মানৱ সৰবৰাহকাৰী চক্ৰৰ কবলত পৰা বুলি ভয় আৰু সংকাত ভুগিছে ভুক্তভোগী পৰিয়ালটো । পৰিয়ালৰ লোকে বহু বিচাৰ-খোচাৰ কৰাৰ পিছতো কোনো শুং সূত্ৰ লাভ কৰিব পৰা নাই আজিনুৰৰ । উপায় বিহীন হৈ পৰিয়ালৰ লোকে ৰঙিয়া আৰক্ষীৰ কাষ চাপিছে । কিন্তু আৰক্ষীয়েও কোনো সম্ভেদ উলিয়াব পৰা নাই আজিনুৰৰ ৷ বজাৰত গৈ হঠাৎ এনেদৰে ছাত্রজন সন্ধানহীন হোৱা ঘটনাটো সহজভাৱে লব পৰা নাই বনগাঁও অঞ্চলৰ ৰাইজে ।Conclusion:ৰঙিয়াৰ পৰা বন্দনা শৰ্মা