ETV Bharat / state

ৰঙিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা : আহত 7 জন

author img

By

Published : Nov 26, 2020, 9:14 AM IST

বুধবাৰে নিশা ৰঙিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ ক্ষেত্ৰীৰ পৰা নলবাৰী চামতালৈ গৈ থকা এক বাহনত পিছফালৰ পৰা এখন তীব্ৰবেগী ট্ৰাকে খুন্দা মৰাৰ ফলত আঘাতপ্ৰাপ্ত হয় 7 গৰাকীকৈ যাত্ৰী ৷

rangia road accident
ৰঙিয়াত পথ দুৰ্ঘটনা

ৰঙিয়া,26 নৱেম্বৰ : ৰঙিয়াত বুধবাৰে নিশা সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ মুৰাৰাত ক্ষেত্ৰীৰ পৰা নলবাৰী চামতালৈ গৈ থকা AS-01EL- 6520 নম্বৰৰ এক বাহনত পিছফালৰ পৰা খুন্দা মাৰে এখন তীব্ৰবেগী ট্ৰাকে ৷ ফলত পথৰ দাতিত বাগৰি পৰে বাহনখন ।

rangia road accident
ৰঙিয়াত পথ দুৰ্ঘটনা

দুৰ্ঘটনাৰ ফলত বাহনখনত থকা 7 গৰাকী যাত্ৰী আঘাতপ্ৰাপ্ত হয় ৷ আহত যাত্ৰীকেইগৰাকীক ৰঙিয়াস্থিত স্বস্তি হাস্পতালত ভৰ্তি কৰোৱা হয় । আনহাতে আহত কেইগৰাকীৰ ভিতৰত বাহনখনৰ চালক নৱজিৎ দাসৰ অৱস্থা সংকটজনক হোৱাৰ বাবে তেওঁক গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় ।

লগতে পঢ়ক : উৎকোচ কেলেংকাৰীত জড়িত আৰক্ষীৰ পৰা জব্দ লাখ লাখ টকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.