ETV Bharat / state

দুই ভগ্নীক ধৰ্ষণ: এজন গ্ৰেপ্তাৰ

author img

By

Published : Aug 25, 2019, 9:18 AM IST

ৰঙিয়া ষ্টেচনৰ সমীপত ৰেলৱে কোৱাৰ্টাৰত বৰপেটাৰ দুই কিশোৰী ভগ্নীক ধৰ্ষণ কৰিছিল ৰেল বিভাগৰ ট্ৰলীমেন কিশোৰী মণ্ডলে ৷ শনিবাৰে আৰ এম এছ কলনিৰ সমীপত আৰক্ষীৰ জালত পৰিল ধৰ্ষণ কাণ্ডৰ অন্যতম অভিযুক্তজন

দুই ভগ্নীক ধৰ্ষণ: এজন গ্ৰেপ্তাৰ

ৰঙিয়া, 25 আগষ্ট: অৱশেষত আৰক্ষীৰ জালত পৰিল ৰঙিয়া ধৰ্ষণ কাণ্ডৰ অন্যতম অভিযুক্ত তথা ধৰ্ষণ সংঘটিত হোৱা ৰেলৱে কোৱাৰ্টাৰৰ গৰাকী কিশোৰী মণ্ডল ৷ শনিবাৰে চহৰখনৰ আৰ এম এছ কলনিৰ পৰা আৰক্ষীয়ে আটক কৰা অভিযুক্ত কিশোৰী পেছাত আছিল এগৰাকী ৰেল বিভাগৰ ট্ৰলীমেন ৷ আৰক্ষীয়ে অধিক তথ্যৰ বাবে বৰ্তমান কিশোৰীক জেৰা অব্যাহত ৰখাৰ লগতে আন অভিযুক্ত সকলক গ্ৰেপ্তাৰ কৰিবলৈ অভিযান তীব্ৰতৰ কৰি তুলিছে ৷

দুই ভগ্নীক ধৰ্ষণ: এজন গ্ৰেপ্তাৰ

উল্লেখযোগ্য যে শনিবাৰে নিশা বৰপেটাৰ দুই কিশোৰী ভগ্নী ডিমাপুৰৰ আত্মীয়ৰ ঘৰৰ পৰা নিজ গৃহলৈ যোৱাৰ উদ্দেশ্যে ৰেল যোগে ৰঙিয়া ষ্টেচনত উপস্থিত হোৱাৰ পিছতে দুজন হকাৰে সহায় কৰাৰ চলেৰে ষ্টেচনৰ সমীপতে থকা এটা ৰেলৰ কোৱাৰ্টাৰলৈ অতি কৌশলেৰে আন 6জন পাষণ্ডৰ লগত দুই ভগ্নীক ওৰে নিশা উপৰ্যুপৰি ধৰ্ষণ কৰিছিল ৷ ধৰ্ষণ কাণ্ডৰ পাছত অঞ্চলটোৰ একাংশ ৰাইজৰ অভিযোগ অধিকাংশ ৰেলৱে কোৱাৰ্টাৰ অবৈধভাৱে বিভিন্ন বাহিৰৰ লোকক ভাৰাত দি আহিছে ৰেল কৰ্মচাৰীয়ে ৷ ইফালে নিৰাপত্তাৰক্ষীৰে গিজ-গিজাই থকা ৰঙিয়া ষ্টেচনৰ সমীপত এনে জঘন্য ঘটনা কেনেকৈ সংঘটিত হবলৈ পালে তাক লৈ এতিয়া ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে৷

Intro:ৰঙিয়াৰ ধৰ্ষণ কাণ্ডৰ এজন অভিযুক্ত তথা ৰেলৱে কাৱাৰ্টাৰটোৰ গৰাকী কিশোৰী মণ্ডল আটকBody:ৰঙিয়া ষ্টেচনৰ সমীপত বৰপেটাৰ দুই কিশোৰী ভগ্নীক ধৰ্ষণ কৰা সকলৰ এজন অন্যতম অভিযুক্ত আৰক্ষীৰ জালত পৰিছে । আৰক্ষীৰ জালত পৰা লোকজন হৈছে জঘন্য কাণ্ড সংঘটিত কৰা ৰেলৱে কোৱৰ্টাৰটোৰ গৰাকী কিশোৰী মণ্ডল । কিশোৰী মণ্ডল নামৰ লম্পট টোক আৰক্ষীয়ে শনিবাৰে বিয়লি ৰঙিয়াৰ আৰ এম এছ কলনিৰ পৰা আটক কৰিবলৈ সক্ষম হয় । কিশোৰী মণ্ডল নামৰ লোকজন ৰেল বিভাগৰ ট্ৰলী মেন । অধিক তথ্যৰ বাবে লোকজনক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে । ৰঙিয়া ৰেল আৰক্ষীয়ে বাকী দুৰ্বৃত্ব কেইজনক আটক কৰিবলৈ জোৰদাৰ অভিযান চলাই থকা বুলি জানিব দিয়ে ।উল্লেখযোগ্য যে যোৱা নিশা বৰপেটাৰ দুই কিশোৰী ভগ্নী ডিমাপুৰৰ আত্মীয়ৰ ঘৰৰ পৰা নিজ গৃহলৈ যোৱাৰ উদ্দেশ্যে ৰেল যোগে ৰঙিয়া ষ্টেচনত উপস্থিত হোৱাৰ পিছতে দুজন হকাৰে সহায় কৰাৰ চলেৰে ষ্টেচনৰ সমীপতে থকা এটা ৰেলৰ কোৱাৰ্টাৰলৈ অতি কৌশলেৰে নি দুই ভগ্নীক ওৰেটো নিশা ৬ জন পাষণ্ড‌ই উপৰ্যুপৰি ধৰ্ষণ কৰিছিল । একাংশ ৰাইজে অভিযোগ কৰা মতে অঞ্চলটোৰ অধিকাংশ ৰেলৱে কোৱাৰ্টাৰ অবৈধভাৱে ৰেল কৰ্মচাৰীয়ে বিভিন্ন বাহিৰৰ লোকক ভাৰাত দি আহিছে । এনে একাংশ কোৱাৰ্টাৰত অবৈধ ভাৰাতীয়াই অসামাজিক কাৰ্যকলাপ চলাই অহাৰ অভিযোগ উত্থাপিত হৈছে । এনে অনৈতিক কাৰ্যৰো তদন্ত বিচাৰিছে সচেতন ৰাইজে ।ইফালে নিৰাপত্তা ৰক্ষীৰে গিজ গিজাই থকা ৰঙিয়া ষ্টেচনৰ সমীপত এনে জঘন্য ঘটনা কেনেকৈ সংঘটিত হবলৈ পালে তাক লৈয়ো ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে ।Conclusion:বন্দনা শৰ্মা, ৰঙিয়া
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.