ETV Bharat / state

Hath Se Hath Jodo Yatra : ৰঙিয়া কংগ্ৰেছৰ উদ্যোগত হাথ ছে হাত জোড়ো যাত্ৰাৰ প্ৰতিবাদী সমদল

author img

By

Published : Mar 12, 2023, 10:14 PM IST

দেওবাৰে ৰঙিয়াত কংগ্ৰেছৰ উদ্যোগত আয়োজন কৰা হয় হাত ছে হাত জোড়ো যাত্ৰাৰ কাৰ্যসূচী (Hath Se Hath Jodo Yatra at Rangia)৷ এই কাৰ্যসূচীত জিলাখনৰ ভিন্ন প্ৰান্তৰ পৰা অহা কেইবা শতাধিক দলীয় কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷

Hath se hath jodo yatra at Rangia
ৰঙিয়া কংগ্ৰেছৰ উদ্যোগত হাত ছে হাত জোড়ো যাত্ৰা

ৰঙিয়া, 12 মাৰ্চ : 26 জানুৱাৰীৰ পৰা সমগ্ৰ দেশজুৰি অনুষ্ঠিত হৈ আছে কংগ্ৰেছৰ হাত ছে হাত জোড়ো যাত্ৰা কাৰ্যসূচী (Hath se hath jodo yatra in India) । ব্যতিক্ৰম নহয় ৰঙিয়াও ৷ ৰঙিয়া বিধান সভা সমষ্টিৰ কামৰূপ জিলা কংগ্ৰেছ কমিটীৰ উদ্যোগত ৰঙিয়া নগৰ ব্লক কংগ্ৰেছ কমিটীৰ সৌজন্যত দলীয় কৰ্মীৰ উপস্থিতিত দেওবাৰে হাত ছে হাত জোড়ো কাৰ্যসূচী ৰূপায়ন কৰা হয় (Hath se hath jodo yatra at Rangia)।

কামৰূপ গ্ৰাম্য জিলা কংগ্ৰেছ দলৰ সভাপতি কংকন দাস, ৰঙিয়া ব্লক সমিতিৰ সভাপতি উদ্ধৱ দাস, ৰঙিয়া টাউন ব্লক কংগ্ৰেছ কমিটীৰ সভাপতি উজ্জ্বল লহকৰ, মুৰতাজ ৰহমান, আবু বক্কৰ চিদ্দিকৰ নেতৃবৃন্দৰ নেতৃত্বত ৰূপায়ন কৰা হয় এই হাত ছে হাত জোড়ো কাৰ্যসূচী ৷ এই কাৰ্যসূচীত জিলাখনৰ ভিন্ন প্ৰান্তৰ পৰা অহা শতাধিক দলীয় কৰ্মীয়ে অংশগ্ৰহণ কৰে ।

ইফালে এই অভিযানৰ পূৰ্বে স্থানীয় ৰাজীৱ ভৱনত দলীয় নেতৃবৃন্দৰ লগতে কেবাগৰাকীও কংগ্ৰেছ কৰ্মী সমবেত হৈ ৰঙিয়া নগৰ পৰিভ্ৰমণ কৰি ৰূপায়ন কৰে এক প্ৰতিবাদী সমদল । অভিযান কালত শাসনাধীস্থিত বিজেপি দলৰ বিৰুদ্ধে সৰব হৈ পৰে নেতৃবৃন্দ । এই প্ৰতিবাদী কাৰ্যসূচীৰ সময়ত পথৰ দাঁতিত লগ পোৱা ৰাইজকে কংগ্ৰেছ দলৰ গোঁহাৰি বিতৰণ কৰে প্ৰতিবাদকাৰীসকলে ৷

আনহাতে, সংবাদ মাধ্যমৰ আগত প্ৰতিবাদী কংগ্ৰেছ কৰ্মীসকলে বিজেপি দলে হিন্দু মুছলমান ৰাজনীতি কৰি অসমখনক ভাগ ভাগ কৰিছে বুলি অভিযোগ উত্থাপন কৰে । দেওবাৰে ৰঙিয়াত কংগ্ৰেছে ৰূপায়ন কৰা এই প্ৰতিবাদী সমদলক পুলিচ প্ৰশাসনে সমদলকাৰীক বাধা প্ৰদান কৰে ।

ইয়াৰ পাচতে কংগ্ৰেছ নেতা কংকন দাস আৰু অন্যান্য কংগ্ৰেছ কৰ্মীয়ে আৰক্ষীৰ সৈতে তৰ্ক-বিতৰ্কতো লিপ্ত হয় ৷ অৱশ্যে কিছু সময় পিছতে আৰক্ষীয়ে বেৰিকেড মুকলি কৰি দিয়ে আৰু সমদলটো ৰঙিয়াৰ মাজেৰে আৰু কিছুদুৰ আগুৱাই যায় । ইফালে কংগ্ৰেছৰ সমদলকাৰীসকলে বিজেপিয়ে কংগ্ৰেছৰ এই যাত্ৰাত বাধা-বিঘিনি ঘটাবলৈ চেষ্টা কৰি আছে বুলিও আভিযোগ উত্থাপন কৰে ।

লগতে পঢ়ক : Hath se Hath jodo yatra at Rangia: ৰঙিয়া কংগ্ৰেছৰ উদ্যোগত হাত সে হাত জোড়ো যাত্ৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.