ৰঙিয়া, ২৬ ফেব্ৰুৱাৰী: ৰঙিয়াত দুৰ্ঘটনাত পতিত হ'ল গুৱাহাটী অভিমুখী এখন মাৰুতি এল্ট' বাহন । ৰঙিয়াৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত স্বস্তি হাস্পতালৰ সন্মুখত এই দুৰ্ঘটনা সংঘটিত হয় । দ্ৰুত বেগত অহা গুৱাহাটী অভিমুখী এখন ট্ৰাকে পিছফালৰ পৰা প্ৰচণ্ড জোৰে খুন্দিয়ায় মাৰুতি এল্ট' বাহনখনত । এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় এল্ট' বাহনখনত থকা প্ৰবীণ শালৈ নামৰ এজন লোক । প্ৰবীণ শালৈৰ ঘৰ গুৱাহাটীৰ চন্দন নগৰত ।
দুৰ্ঘটনাৰ পিছতে স্থানীয় ৰাইজে সংকটজনক অৱস্থাত তেওঁক সমীপতে থকা স্বস্তি হস্পিতালত ভৰ্তি কৰায় । পিছত উন্নত চিকিৎসাৰ বাবে প্ৰবীণ শালৈক গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয় । আনহাতে, দুৰ্ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা ট্ৰাকখনে পলায়ন কৰে । উক্ত স্থানত গতিৰোধক দিয়াৰ বাবে ৰাইজে দাবী জনাই আহিছে যদিও প্ৰশাসনে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে । ফলত এই স্থানত দুৰ্ঘটনা ক্ৰমাৎ বৃদ্ধি পাইছে ।
লগতে পঢ়ক:ডিব্ৰুগড়ত চিচিটিভি নিয়ন্ত্ৰণ কেন্দ্ৰ পৰিদৰ্শন উপায়ুক্তৰ