ETV Bharat / state

ৰঙিয়াত ৰামসেনাৰ জোৰ সমদল - ৰামসেনা

এখন শুদ্ধ এন আৰ ছিৰ দাবীত জোৰ সমদল ৰামসেনাৰ

ৰঙিয়াত ৰামসেনাৰ জোৰ সমদল
author img

By

Published : Sep 6, 2019, 2:15 AM IST

ৰঙিয়া,৬ ছেপ্তেম্বৰঃ এখন শুদ্ধ এন আৰ ছি বিচাৰি ৰঙিয়াত ৰাম সেনাৰ জোৰ সমদল । ৰঙিয়াৰ প্ৰগতি সংঘ বাকৰিৰ পৰা আৰম্ভ কৰা এই জোৰ সমদলটোৱে সমগ্ৰ ৰঙিয়া নগৰ পৰিভ্ৰমণ কৰে । জোৰ সমদলত উপস্থিত থাকে অসমৰ ৰামসেনা প্ৰমুখ দেৱজিত ডেকা আৰু মুখ্য উপদেষ্টা নয়নজ্যোতি মেধি । 'এন আৰ ছিৰ আসোঁৱাহ দূৰ কৰক', 'এন আৰ ছিত বাদ পৰা খিলঞ্জীয়া লোকৰ নাম অন্তৰ্ভুক্ত কৰক','বিসঙ্গতি পূৰ্ণ এন আৰ ছি আমাক নালাগে','হিন্দু শৰণাৰ্থীক এন আৰ ছিত অন্তৰ্ভুক্ত কৰক' আদি ধ্বনিৰে ৰাজপথ উত্তাল কৰি তোলে সমদলকাৰীসকলে । অতি শীঘ্ৰে এই দাবী সমূহ কাৰ্যকৰী নকৰিলে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ ৰামসেনাৰ সদস্য সকলৰ ।

Intro:ৰঙিয়াত ৰামসেনাৰ জোৰ লৈ সমদলBody:ৰঙিয়াত এখন শুদ্ধ এন আৰ চি বিছাৰি ৰঙিয়াত ৰাম সেনাই উলিয়ালে জোৰ সমদল। প্ৰথমে ৰঙিয়াৰ প্ৰগতি সংঘৰ বাকৰিৰ পৰা সমদলটো উলিয়াই পিছত গোটেই ৰঙিয়া নগৰ পৰিভ্ৰমণ কৰে । এন আৰ চিৰ আসোৱাহ দূৰ কৰক, এন আৰ চিত বাদ পৰা খিলঞ্জীয়া লোকৰ নাম অন্তৰ্ভুক্ত কৰক, বিসঙ্গতি পূৰ্ণ এন আৰ চি আমাক নালাগে ,হিন্দু শৰণাৰ্থীক এন আৰ চিত অন্তৰ্ভুক্ত কৰক আদি ধ্বনিৰে সমদলকাৰীসকলে ৰাজপথ উত্তাল কৰি তোলে । অতি শীৰ্ঘ্ৰে ৰাম সেনাই কৰা দাবী সমূহ কাৰ্যকৰী নকৰিলে তীব্ৰ জঙ্গী আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হব বুলি সকীয়াই দিয়ে। জোৰলৈ ওলিওৱা সমদলটোত অসমৰ ৰামসেনা প্ৰমুখ দেবজিত ডেকা আৰু মুখ্য উপদেষ্টা নয়নজ্যোতি মেধিয়েও অংশগ্ৰহণ কৰে ।Conclusion:বন্দনা শৰ্মা, ৰঙিয়া
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.