ETV Bharat / state

শ্বহীদ দীপাঞ্জল দাসৰ পিতৃলৈ ই-ৰিক্সা ৰাহুল গান্ধীৰ - শ্বহীদ দীপাঞ্জল দাস বাসগৃহত উপস্থিত ৰাহুল গান্ধী

দীপাঞ্জলৰ দাসৰ গৃহত উপস্থিত হৈ সাংসদ গৰাকীয়ে শ্বহীদ গৰাকীৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে কংগ্ৰেছ দলৰ পৰা পিতৃক দুই লাখ টকাৰ উপৰিও প্ৰদান কৰে এখন ই-ৰিক্সা ৷

শ্বহীদ দীপাঞ্জল দাস
শ্বহীদ দীপাঞ্জল দাসৰ পিতৃলৈ ই-ৰিক্সা ৰাহুল গান্ধীৰ
author img

By

Published : Dec 28, 2019, 11:40 PM IST

কামৰূপ, 28 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ প্ৰথম শ্বহীদ দীপাঞ্জল দাসৰ ছয়গাঁৱৰ দলৈপাৰাস্থিত বাসগৃহ শনিবাৰে উপস্থিত হয় কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ তথা সাংসদ ৰাহুল গান্ধী ৷ দীপাঞ্জলৰ দাসৰ গৃহত উপস্থিত হৈ সাংসদ গৰাকীয়ে শ্বহীদ গৰাকীৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে কংগ্ৰেছ দলৰ পৰা পিতৃক দুই লাখ টকাৰ উপৰিও প্ৰদান কৰে এখন ই-ৰিক্সা ৷ তাৰোপৰি শ্বহীদ গৰাকীৰ পিতৃৰ-মাতৃৰ লগত বহুসময় ধৰি অকলশৰে মত-বিনিময় কৰে ৰাহুল গান্ধীয়ে ৷

শ্বহীদ দীপাঞ্জল দাসৰ পিতৃলৈ ই-ৰিক্সা ৰাহুল গান্ধীৰ

শ্বহীদ দীপাঞ্জলৰ মাতৃৰ ভাষ্য অনুসৰি, ৰাহুল গান্ধীয়ে দীপাঞ্জলৰ পৰিয়ালৰ লগত সদায় থকাৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে এটি বাসগৃহ সাজি দিব বুলিও মন্তব্য কৰে ৷ তাৰোপৰি ৰিক্সা চলাই জীৱন নিৰ্বাহ কৰা দীপাঞ্জলৰ পিতৃক এখন ই-ৰিক্সা দিয়াৰ প্ৰতিশ্ৰুতিও দিয়ে সাংসদ গৰাকীয়ে ৷ দীপাঞ্জলৰ ককায়েক আৰু বায়েকক সংস্থাপন দিয়াৰ ব্যবস্থা গ্ৰহণ কৰিব বুলিও ৰাহুল গান্ধীয়ে আশ্বাস দিয়ে বুলি শ্বহীদ গৰাকীৰ মাতৃয়ে জানিবলৈ দিয়ে ৷ আনহাতে তেওঁলোকৰ পুত্ৰ হত্যাকাৰী চৰকাৰে বৰ্তমানলৈ পৰিয়ালটোৰ কোনো খবৰ নোলোৱাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰাৰ লগতে কোনো কাৰনতে নাগৰিকত্ব সংশোধনী আইন নামানো বুলিও দৃঢ় মত প্ৰকাশ কৰে।

ইফালে, স্থানীয় বিধায়ক ৰেকিবুদ্দিন আহমেদেও দুৰ্যোগৰ সময়ত কংগ্ৰেছ নেতা ৰাহুল গান্ধী শ্বহীদ গৰাকীৰ বাসগৃহত আহি সমবেদনা প্ৰকাশ কৰাত যথেষ্ঠ সুখ প্ৰকাশ কৰে ৷ কংগ্ৰেছৰ যুৱৰাজ গৰাকীৰ লগত অসম কংগ্ৰছৰ তত্বাৱধায়ক হৰিশ ৰাৱাট, প্ৰদেশ কংগ্ৰছৰ সভাপতি ৰিপুণ বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, উপ দলপতি ৰকিবুল হুছেইন, সাংসদ আব্দুল খালেক, বিধায়ক ছামছুল হুদা প্ৰমুখ্য প্ৰদেশ কংগ্ৰেছৰ কেইবাগৰাকী নেতা উপস্থিত হয় শ্বহীদ দীপাঞ্জল দাসৰ বাসগৃহত ৷

উল্লেখ্য যে, ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে ৰাহুল গান্ধীয়ে দিয়া প্ৰতিশ্ৰুতি অনুসৰি শ্বহীদ দিপাঞ্জলৰ পিতৃ খগেন দাসৰ হাতত ই-ৰিক্সা এখন অৰ্পণ কৰে ৷ লগতে ৰাহুল গান্ধীয়ে কংগ্ৰেছ নেতা হৰিশ ৰাৱাট আৰু ৰকিবুল হুছেইনৰ জৰিয়তে নিশা দীপাঞ্জলৰ পিতৃৰ হাতত দুই লাখ টকা প্ৰদান কৰে ৷

আৰু পঢ়কঃ শ্বহীদ দীপাঞ্জল দাসৰ বাসগৃহত ৰাহুল গান্ধী

Intro:"কা" আন্দোলনৰ প্ৰথম শ্বহীদ দীপাঞ্জলৰ গৃহত কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী ৷ দীপাঞ্জলৰ পিতৃক দিলে ই-ৰিক্সা আৰু দুই লাখ টকা ৷Body:ছয়গাঁও ২৮ ডিচেম্বৰ : নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ প্ৰথম শ্বহীদ দীপাঞ্জল দাসৰ ছয়গাঁৱৰ দলৈপাৰাস্থিত বাসগৃহত আজি সন্ধিয়া ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাক্তন অধ্যক্ষ তথা সাংসদ ৰাহুল গান্ধী উপস্থিত হয় ৷কংগ্ৰেছ নেতাগৰাকীয়ে আজি সন্ধিয়া ছয়গাঁৱৰ দলৈপাৰা গাঁৱৰ দীপাঞ্জল দাসৰ পিতৃগৃহত উপস্থিত হৈ শ্বহীদ দীপাঞ্জল দাসৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলী ঞ্জাপন কৰে ৷ তেওঁ দীপাঞ্জলৰ পিতৃ মাতৃৰ লগত বাসগৃহৰ ভিতৰত ভিতৰত বহুসময় ধৰি অকলশৰে কথা বতৰা পাতে ৷এই সময়ছোৱাত কংগ্ৰেছৰ সকলো নেতা ঘৰৰ বাহিৰত অপেক্ষা কৰি আছিল। অৱশ্যে ৰাহুল গান্ধীয়ে দীপাঞ্জলৰ পিতৃ মাতৃৰ লগত বহু কথা পাতে যদিও তেওঁ সাংবাদিকৰ লগত তেওঁ কোনোধৰণৰ মত বিনিময় নকৰিলে ৷ অৱশ্যে ৰাহুল গান্ধীয়ে দীপাঞ্জলৰ পিতৃ মাতৃৰ আগত কি কথা ক’লে সেয়া দীপাঞ্জলৰ মাতৃয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে ৷ ৰাহুল গান্ধীয়ে দীপাঞ্জলৰ পৰিয়ালৰ লগত সদায় থকাৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে এটি বাসগৃহ সাজি দিয়াৰ কথাও প্ৰকাশ কৰে ৷ আনহাতে দীপাঞ্জলৰ পিতৃয়ে ৰিক্সা চলাই যদিও তেওঁক এখন ইৰিক্সা দিয়াৰ প্ৰতিশ্ৰুতি দিয়াৰ কথাও দীপাঞ্জলৰ মাতৃয়ে জানিবলৈ দিয়ে ৷ আনহাতে দীপাঞ্জলৰ ককায়েক আৰু বায়েকক সংস্থাপন দিয়াৰ ব্যবস্থা গ্ৰহণ কৰিব বুলিও ৰাহুল গান্ধীয়ে আশ্বাস দিয়াৰ কথা মাকে জানিবলৈ দিয়ে ৷ ইফালে স্থানীয় বিধায়ক ৰেকিবুদ্দিন আহমেদেও কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে দীপাঞ্জল দাসৰ পৰিয়ালৰ লগত সদায় থকাৰ আশ্বাস দিয়াৰ কথা সাংবাদিকৰ আগত প্ৰকাশ কৰে ৷ ৰাহুল গান্ধীয়ে পৰিয়ালটোৰ সংস্থাপনৰ ব্যৱস্থা কৰাৰ কথাটোও সাংবাদিকৰ আগত প্ৰকাশ কৰে ৷পিছত দিপাঞ্জলৰ মাতৃয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে যে এই দুৰ্যোগৰ সময়ত কংগ্ৰেছ নেতা ৰাহুল গান্ধী তেওঁলোকৰ বাসগৃহত আহি সমবেদনা প্ৰকাশ কৰাত যথেষ্ঠ সুখী হৈছে। আনহাতে তেওঁৰ লৰাহত্যাকাৰী চৰকাৰে বৰ্তমানলৈ পৰিয়ালটোৰ কোনো খবৰ নোলোৱাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰাৰ লগত কা নামানো বুলিও দৃঢ় মত প্ৰকাশ কৰে। কংগ্ৰেছৰ যুৱৰাজ গৰাকীৰ লগত অসম কংগ্ৰছৰ তত্বাৱধায়ক হৰিশ ৰাৱাট ,প্ৰদেশ কংগ্ৰছৰ সভাপতি ৰিপুণ বৰা,বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, উপ দলপতি ৰকিবুল হুছেইন,সাংসদ আব্দুল খালেক , বিধায়ক ছামছুল হুদা প্ৰমুখ্যে প্ৰদেশ কংগ্ৰেছৰ কেইবাগৰাকী নেতা উপস্থিত থাকে ৷ ইতিমধ্যে ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে ৰাহুল গান্ধীয়ে দিয়া প্ৰতিশ্ৰুতি অনুসৰ শ্বহীদ দিপাঞ্জলৰ পিতৃ খগেন দাসৰ হাতত ইৰিক্সা এখন অৰ্পণ কৰে ৷ আনহাতে ৰাহুল গান্ধীয়ে কংগ্ৰেছ নেতা হৰিশ ৰাৱাট আৰু ৰকিবুল হুছেইনৰ জৰিয়তে নিশা দীপাঞ্জলৰ পিতৃৰ হাতত দুই লাখ টকা প্ৰদান কৰে ৷Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.