আজাৰা, 30 নৱেম্বৰ: অৱশেষত গ্ৰেপ্তাৰ হ'ল JEE পৰীক্ষাৰ ভাড়াতীয়া পৰীক্ষাৰ্থী ধৃত প্ৰদীপ কুমাৰ ৷ দেওবাৰে নিশা অসম আৰক্ষীৰ এটা দলে দিল্লীৰ পৰা গ্ৰেপ্তাৰ কৰিছিল ভাড়াতীয়া পৰীক্ষাৰ্থী গৰাকীক ৷ নিশা ইণ্ডিগোৰ বিশেষ বিমানযোগে গুৱাহাটীলৈ লৈ অনাৰ পাছত বৰঝাৰ বিমানবন্দৰৰ পৰা আজাৰা আৰক্ষী থানালৈ লৈ যায় ৷ আজাৰা আৰক্ষী থানাৰ পৰা পোনে পোনে আদালতত হাজিৰ কৰোৱা হয় JEE কাণ্ডত গ্ৰেপ্তাৰ হোৱা প্ৰদীপ কুমাৰক ৷ দীৰ্ঘদিন ধৰি দিল্লীত আত্মগোপন কৰি আছিল প্ৰদীপ কুমাৰে ৷ বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ধৃত কুমাৰক ৷
উল্লেখ্য যে, ৫ ছেপ্তেম্বৰত ION Digital Zone নামৰ অনলাইন পৰীক্ষা কেন্দ্ৰটোত অনুষ্ঠিত হোৱা Joint Entrance Exam চমুকৈ JEE পৰীক্ষাত নীল নক্ষত্ৰ দাস নামৰ ছাত্ৰজনৰ হৈ পৰীক্ষাত বহিছিল ভাড়াতীয়া পৰীক্ষাৰ্থী ধৃত প্ৰদীপ কুমাৰে ৷ এই ঘটনা পোহৰলৈ অহাৰ পাছতে কামৰূপ মহানগৰ আৰক্ষীৰ এটি দলে বহুদিন ধৰি অভিযান চলাই আছিল প্ৰদীপ কুমাৰৰ বিৰুদ্ধে ৷ সম্প্ৰতি আদালতে মহানগৰ আৰক্ষীৰ ১০ দিনৰ জিন্মালৈ প্ৰেৰণ কৰে প্ৰদীপ কুমাৰক ৷ প্ৰদীপ কুমাৰৰ পৰা আৰক্ষীয়ে এটা লেপটপ, দুটা মোবাইলৰ লগতে এখন হাৰ্ডদিস্ক জব্দ কৰে ৷
লগতে পঢ়ক : চেলেংগুৰীৰ ৰাজহুৱা খেলপথাৰৰ প্ৰেক্ষাগৃহ নিৰ্মাণত ব্যাপক দূৰ্নীতি