ETV Bharat / state

চাংসাৰীত সমাজ কল্যান বিভাগৰ পোষণ মেলা

author img

By

Published : Aug 10, 2019, 7:01 PM IST

বড়োলেণ্ডক কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে বিচৰাৰ কোনো চিন্তাই কৰা নাই বি পি এফ দলৰ নেতৃত্বই । চাংসাৰীত এই মন্তব্য প্ৰমীলা ৰাণী ব্ৰহ্মৰ ৷ চাংসাৰীত অনুষ্ঠিত সমাজ কল্যান বিভাগৰ পোষণ মেলাত প্ৰমীলা ৰাণী ৷ সমুহীয়া অন্ন-প্ৰসন্ন অনুষ্ঠানতো অংশ মন্ত্ৰীগৰাকীৰ

চাংসাৰীত সমাজ কল্যান বিভাগৰ পোষণ মেলা

চাংসাৰী, 10 আগষ্ট : বড়োলেণ্ডক কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে দাবী কৰাৰ বৰ্তমান কোনো পৰিকল্পনা নাই বি পি এফ দলৰ । বড়োলেণ্ডক কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে বিচৰাৰ কোনো চিন্তাই কৰা নাই বি পি এফ দলৰ নেতৃত্বই । ৰাজ্যসভাত কাশ্মীৰৰ 370 ধাৰা প্ৰত্যাহাৰৰ প্ৰসংগ উত্থাপন হোবাৰ সময়ত সাংসদ বিশ্বজিৎ দৈমাৰীয়ে নিয়মমাফিক উত্থাপন কৰিছিল বড়োলেণ্ডক কেন্দ্ৰীয় শাসিত অঞ্চল ঘোষনাৰ দাবী । কামৰূপ জিলাৰ চাংসাৰীত এই চাঞ্চল্যকৰ মন্তব্য কৰে সমাজকল্যান মন্ত্ৰী তথা জেষ্ঠ বিপিএফ নেত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই । কামৰূপ জিলা সমাজ কল্যাণ বিভাগৰ পৰা চাংসাৰী হালোগুড়িত অনুষ্ঠিত পোষণ মেলাত উপস্থিত থাকি মন্ত্ৰী প্ৰমীলাই বড়োলেণ্ডক কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে পাবলৈ বেলেগ পৰিস্থিতিৰ সৃষ্টি কৰিব লাগিব বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় । ভবিষ্যতে পৃথক বড়োলেণ্ডৰ দাবী উত্থাপন কৰিব লাগিলে বড়োভূমিৰ সকলো জাতি জনগোষ্ঠীক লগত লৈ এই দাবী উত্থাপন কৰিব বুলিও মত প্ৰকাশ কৰে মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই । ইফালে, এই পোষান মেলাত মন্ত্ৰীগৰাকীয়ে এক সমুহীয়া অন্ন প্ৰসন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰে । বৃহত্তৰ অঞ্চলটোৰ অৰ্ধশতাধিক শিশুক মন্ত্ৰীগৰাকীয়ে প্ৰথম আহাৰ পৰিবেশন কৰায় । মন্ত্ৰীগৰাকীৰ লগতে কামৰূপ জিলাৰ উপায়ুক্ত কমল কুমাৰ বৈশ্য আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিনিধি হেমন্ত চৌধুৰীয়ে এই সমুহীয়া অন্নপ্ৰসন্ন অনুষ্ঠানত অংশগ্ৰহন কৰে । ইয়াৰ পাছতে পোষণ মেলাৰ মুকলি সভাত মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই অংশগ্ৰহণ কৰি শিশু -মাতৃ সকলে যাতে প্ৰয়োজনীয় পুষ্টি লাভ কৰে তাৰ প্ৰতি চোকা নজৰ ৰাখিবলৈ অংগনবাড়ী কৰ্মীসকলক আহ্বান জনায় । অনুষ্ঠানত জিলা উপায়ুক্ত কমল কুমাৰ বৈশ্যই ভাষন প্ৰসংগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শিশু-মাতৃ সকলৰ পৰিপুষ্টিৰ বাবে যি আচনি গ্ৰহণ কৰিছে সেয়া প্ৰতিগৰাকী শিশু -মাতৃয়ে যেন লাভ কৰে তাৰ প্ৰতি সমাজ কল্যাণ বিভাগে নজৰ দিয়া প্ৰয়োজন বুলি উল্লেখ কৰে । অনুষ্ঠানত সমাজকল্যান বিভাগৰ সঞ্চালক জুৰি ফুকন, জিলা সমাজকল্যান বিষয়া ৰুবুল শৰ্মাও উপস্থিত থাকে ।

Intro:বড়োলেণ্ডক কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে দাবী কৰাৰ বৰ্তমান কোনো পৰিকল্পনা নাই বি পি এফ দলৰ।বড়োলেণ্ডক কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে বিচৰা কোনো চিন্তা কৰা নাই বি পি এফ দলৰ নেতৃত্বই ।ৰাজ্য সভাত কাশ্মীৰৰ ৩৭০ধৰা পথ্যহাৰৰ প্ৰসংগ উত্থাপন হোৱাৰ সময়ত সাংসদ বিশ্বজিৎ দৈমাৰীয়ে নিময়মাফিক উত্থাপন কৰিছিল বড়োলেণ্ডক কেন্দ্ৰীয় শাসিত অঞ্চল ঘোষণাৰ দাবী। কামৰূপ জিলাৰ চাংসাৰীত এই চাঞ্চলকৰ মন্তব্য কৰে সমাজকলান মন্ত্ৰী তথা জেষ্ঠ বি পি এফ নেত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই ।কামৰূপ জিলা সমাজ কল্যান বিভাগৰ পৰা চাংসাৰী হালোৱাগুড়িত অনুষ্ঠিত পোষণ মেলাত উপস্থিত থাকি মন্ত্রী প্ৰমীলাই বড়োলেণ্ডক কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে পাবলৈ বেলেগ পৰিস্থিতিৰ সৃষ্টি কৰিব লাগিব বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় ।

Body:ইফালে এই পোষণ মেলাত মন্ত্ৰী গৰাকীয়ে এক সমূহীয়া অন্নপ্ৰশ্নন অনুষ্ঠানটো অংশ গ্ৰহণ কৰে।বৃহত্তৰ অঞ্চলটো ৰ অৰ্ধশতাধিক। শিশুক মন্ত্ৰী গৰাকীয়ে প্ৰথম আহাৰ পৰিবেশ ন কৰায়া ।মন্ত্ৰী গৰাকীৰ লগতে কামৰূপ জিলাৰ উপায়ুক্ত কমল কুমাৰ বৈশ্য এই সমূহীয়া অন্নপ্ৰশ্নন অনুষ্ঠানত অংশগ্ৰহণ কৰে ।ইয়াৰ পাছতে পোষণ মেলাৰ মুকলি সভাত অংশ গ্ৰহণ কৰে।

Conclusion:অনুষ্ঠানত সমাজ কল্যান বিভাগৰ সঞ্চালক জুৰি ফুকন, জিলা সমাজ কল্যান বিষয়া ৰুবুল শৰ্মা ও উপস্থিত থাকে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.