ETV Bharat / state

ৰঙিয়াৰ বগৰীবাৰীৰ ৰাইজে পালন নকৰে কাতি বিহু - হেজাৰ হেজাৰ বিঘা কৃষি ভূমি প্লাবিত

আজি কাতি বিহু। সমগ্ৰ ৰাজ‍্যতেই কৃষক ৰাইজে পালন কৰিছে কাতি বিহুৰ পৰম্পৰা। কিন্তু ৰঙিয়াৰ বগৰীবাৰীৰ ৰাইজে এইবেলি পালন কৰিব নোৱাৰে কাতি বিহু।

আজি কাতি বিহু
ৰঙিয়াৰ বগৰীবাৰীৰ ৰাইজে পালন নকৰে কাতি বিহু
author img

By

Published : Oct 17, 2020, 2:25 PM IST

ৰঙিয়া, 17 অক্টোবৰ : আজি কাতি বিহু। সমগ্ৰ ৰাজ‍্যতেই কৃষক ৰাইজে পালন কৰিছে কাতি বিহুৰ পৰম্পৰা। কিন্তু ৰঙিয়াৰ বগৰীবাৰীৰ ৰাইজে এইবেলি পালন কৰিব নোৱাৰে কাতি বিহু। কাৰণ চাৰিমাহ পূৰ্বে বগৰীবাৰীত পুঠিমাৰী নৈৰ মথাউৰি ছিঙি হঠাতে অহা ঢলে অঞ্চলটোৰ হেজাৰ হেজাৰ বিঘা কৃষি ভূমি প্লাবিত কৰিছিল।

ৰঙিয়াৰ বগৰীবাৰীৰ ৰাইজে পালন নকৰে কাতি বিহু

ঠায়ে ঠায়ে পাঁচৰ পৰা দহফুট ওখ বালিৰ তৰপে পুতি পেলাইছিল খেতিপথাৰ সমূহ। চকুৰ পচাৰতে শেষ হৈ গৈছিল প্ৰায় পাঁচশ কৃষকৰ সপোন। আজিও অঞ্চলটো বালিৰ তলতেই আছে। চৌদিশে মৰুভূমি সদৃশ পৰিবেশ।

আনহাতে নৈখনেও গতিপথ সলাই পথাৰৰ মাজেৰে যেনি-তেনি গতি কৰিছে। ক্ষয়-ক্ষতিৰ বুজ ল'বলৈ অসহায় কৃষকৰ ওচৰলৈ অহা নাই চৰকাৰী বিষয়া। কোনেও লাভ কৰা নাই চৰকাৰী সাহাৰ্য। অঞ্চলটোৰ কৃষকে এতিয়া নিজৰ সৰ্বস্ব হেৰুৱাই মূৰে-কপালে হাত দি ভৱিষ্যতৰ চিন্তাত অনিশ্চয়তাৰ মাজেৰে দিন পাৰ কৰিছে।

লগতে পঢ়ক : পিতৃ বিজেপি,মাতৃ কংগ্ৰেছ,পুত্ৰই ঠেং দাঙিছে অগপলৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.