ETV Bharat / state

ৰঙিয়াত ৰড ভৰ্তি ট্ৰাকে মাৰিলে ডিভাইডাৰত খুন্দা: এজনৰ মৃত্যু - মৰাণজানাত ভয়ংকৰ পথ দুৰ্ঘটনা

ৰঙিয়াৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মৰাণজানাত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ এখন দ্ৰুতবেগী ৰড ভৰ্তি ট্ৰাকে ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইডাৰত খুন্দা মৰাৰ ফলত থিতাতে নিহত হয় ট্ৰাক চালকজন ৷

one died in a truck accident at moranjan in rangia
ৰঙিয়াত ৰড ভৰ্তি ট্ৰাকৰ ডিভাইডাৰত খুন্দা
author img

By

Published : May 17, 2021, 1:28 PM IST

ৰঙিয়া, 17 মে': ৰঙিয়াৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মৰাণজানাত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে এজন লোকৰ মৃত্যু হয় ৷ এখন দ্ৰুতবেগী ট্ৰাকে ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইডাৰত খুন্দা মাৰি ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বাগৰি পৰাৰ ফলত ট্ৰাকখনৰ চালক কামাল আনচাৰী (৪৩) থিতাতে নিহত হয় ৷ ট্ৰাকখনৰ চালকজন নিহত হোৱাৰ পৰিৱৰ্তে গুৰুতৰভাৱে আহত হৈছে ট্ৰাকখনৰ হেণ্ডিমেন ৷

one died in a truck accident at moranjan in rangia
ৰঙিয়াত ৰড ভৰ্তি ট্ৰাকৰ ডিভাইডাৰত খুন্দা

প্ৰাপ্ত তথ্য অনুসৰি, ঝাৰখণ্ডৰ পৰা গুৱাহাটী অভিমুখে আহি থকা অৱস্থাত JH 11 N 9544 নম্বৰৰ ট্ৰাকখন ৰঙিয়াৰ মৰাণজানাত দুৰ্ঘটনাত পতিত হয় ৷ ৰড ভৰ্তি ট্ৰাকখন ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে বাগৰি পৰাত কেইবা ঘন্টা ধৰি গুৱাহাটী অভিমুখী ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ হৈ পৰে । উল্লেখ্য যে মৰাণজানাৰ ডিভাইডাৰটোত খুন্দিয়াই প্ৰায়ে দুৰ্ঘটনা সংঘটিত হয় । বিজ্ঞানসন্মতভাৱে ডিভাইডাৰটো স্থাপন নকৰাৰ ফলতে প্ৰায়ে দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ।

লগতে পঢ়ক: দলঙত বাঁহৰ ৰেলিং লগায়েই দায়িত্ব সামৰিছে গেমনে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.