ETV Bharat / state

গীতে-মাতে দীপৰ বিলৰ পাৰত ন খোৱা উৎসৱ

author img

By

Published : Dec 12, 2020, 1:45 PM IST

মহানগৰীৰ দীপৰ বিলৰ পাৰৰ পামহি দেউছটালত শুকুৰবাৰে সন্ধিয়াৰে পৰা নিশালৈকে ন খোৱা উৎসৱৰ আয়োজন ৷ বলেশ্বৰ ৰংপী নামৰ লোক এজনৰ ঘৰত অতি উলহ-মালহৰে উদযাপন কৰা হয় এই ন-খোৱা উৎসৱ ৷ ন খোৱা উৎসৱত ভাগ ল’লে সাংসদ কুইন ওজাকে ধৰি গুৱাহাটী পৌৰ নিগমৰ প্ৰাক্তন মেয়ৰ মৃগেন শৰণীয়া, জনপ্ৰিয় কন্ঠশিল্পী ভৃগু কাশ্যপ আৰু বহু ব্যক্তি ৷

দীপৰ বিলৰ পাৰত ন খোৱা উৎসৱ
দীপৰ বিলৰ পাৰত ন খোৱা উৎসৱ

আজাৰা,12 ডিচেম্বৰ : গীতে-মাতে জীপাল হৈ পৰিছে দীপৰ বিলৰ পাৰৰ পামহি দেউছটাল । ধান চপোৱাৰ পাচত উদযাপন কৰা হৈছে এই ন খোৱা উৎসৱৰ । শুকুৰবাৰে মাছে-মঙহে উদৰ পূৰাই এসাজ খালে সকলোৱে ।

অসম আৰু অসমীয়াৰ কৃষিজীৱী জনজীৱনৰ লগত অতীজৰে পৰা পৰম্পৰাগতভাৱে প্ৰতিবছৰে দীপৰ বিলৰ পাৰত উদযাপন কৰা হয় ন খোৱা উৎসৱ ৷ দীপৰ বিলৰ পাৰৰ পামহি দেউছটালত নাচি-বাগি আনন্দত মতলীয়া হৈ পৰে সকলো । শীতৰ বাবে এফালে জুইৰ উম আৰু সেই জুইতে গাহৰি,বেঙেনা পোৰা ৷ আনফালে আকৌ কণ্ঠশিল্পী ভৃগু কাশ্যপকে ধৰি কেইবাজনো শিল্পীৰ সংগীতানুষ্ঠান । নিজৰ খেতিডৰা চপোৱাৰ পাচতে নতুন ধানৰ চাউলেৰে গৃহস্থৰ লগতে ৰাইজকো এসাজ খুওৱাৰ নামেই হৈছে ‘ন খোৱা’ ।

দীপৰ বিলৰ পাৰত ন খোৱা উৎসৱ

মহানগৰীৰ দীপৰ বিলৰ পাৰৰ পামহি দেউছটালৰ বলেশ্বৰ ৰংপী নামৰ লোক এজনৰ ঘৰত অতি উলহ-মালহৰে উদযাপন কৰা হয় এই ন-খোৱা উৎসৱ । সন্ধিয়াৰে পৰা আৰম্ভ হোৱা এই ন খোৱা উৎসৱৰ বাবে উদুলি-মুদুলি পৰিৱেশৰ সৃষ্টি হয় দীপৰ বিলৰ পাৰত । ন খোৱা উৎসৱত গুৱাহাটী লোকসভাৰ সাংসদ কুইন ওজা, গুৱাহাটী পৌৰ নিগমৰ প্ৰাক্তন মেয়ৰ মৃগেন শৰণীয়া, জনপ্ৰিয় কন্ঠশিল্পী ভৃগু কাশ্যপকে ধৰি বহু লোক উপস্থিত থাকে ।

সাংসদ কুইন ওজাই পুৰণি দিনৰ ন খোৱা উৎসৱৰ স্মৃতি ৰোমন্থন কৰি উৎসৱে অসমৰ কৃষক ৰাইজৰ মাজত একতাৰ এনাজৰীডাল অধিক বৃদ্ধি কৰিছে বুলি ব্যক্ত কৰে । ইফালে ন খোৱা উৎসৱৰ লগত সংগতি ৰাখি অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত কেবাটাও শিল্পীৰ দলে বিহু, বড়ো, কাৰ্বি নৃত্য, সংগীত পৰিৱেশন কৰি পৰিৱেশ জীপাল কৰি তোলে ।

সাংস্কৃতিক অনুষ্ঠানৰ অন্তত সকলোৱে মিলি একেলগে গাহৰি, হাঁহ, মুৰ্গী, থলুৱা মাছ আদি বিভিন্ন খাদ্যৰ সৈতে নতুন চাউলেৰে ভাত খায় । সকলোকে এনেদৰে এসাঁজ খুৱাবলৈ পাই যথেষ্ঠ সুখী অনুভৱ কৰে বলেশ্বৰ ৰংপীৰ পৰিয়ালে ৷

আধুনিকতাৰ পৰশত হেৰাই যোৱা এই পৰম্পৰাবোৰ যেন এনেদৰেই ধৰি ৰাখিবলৈ চেষ্টা কৰিছে এইসকল লোকে । মহানগৰীৰ যান্ত্ৰিকতাৰ মাজতো এই ‘ন-খোৱা’ উৎসৱে সকলোৰে মাজত আনন্দৰ জোৱাৰ তোলা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক : CAA আন্দোলনৰ এটা বছৰ পিছত পুনৰ ৰাজপথলৈ জনতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.