বাইহাটা, 20 ডিচেম্বৰ : প্ৰতিটো সময়তে কমলপুৰ সমষ্টিৰ ৰাইজৰ কাষত থিয় দি আহিছে বিধায়ক দিগন্ত কলিতাই ৷ সমষ্টিটোৰ উন্নয়নৰ স্বাৰ্থত প্ৰতিবাৰেই বিধায়কগৰাকীয়ে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰি অহা পৰিলক্ষিত হৈছে ৷ সেয়ে এবাৰ নিচেই ওচৰৰ পৰা সমষ্টিবাসীৰ মনৰ বুজ লোৱাৰ উদ্দেশ্যে বিধায়কগৰাকীয়ে গ্ৰহণ কৰিছে অনন্য পন্থা ৷ যাৰ বাবে সমষ্টিবাসীৰ এনিশাৰ অতিথি হয় বিধায়ক দিগন্ত কলিতা (MLA diganta kalita spends night at kamalpur) ৷
নিৰ্বাচনৰ পূৰ্বে সমষ্টিবাসীক প্ৰদান কৰা প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰাৰ বাবে বিধায়কগৰাকীক লৈ উৎফুল্লিত হৈ পৰে স্থানীয় ৰাইজ ৷ সমষ্টিবাসীক কৃষি বিপ্লৱ গঢ়াৰ ক্ষেত্ৰত আগবঢ়াই নিয়া (multicrop cultivation at kamalpur), পানী যোগান আঁচনি মুকলি, স্বচ্ছ অভিযান (swach abhiyan at kamalpur) ইত্যাদি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে কমলপুৰ সমষ্টিৰ বিধায়ক কলিতাই ৷
শনিবাৰে সমষ্টিটোৰ অন্তৰ্গত সোণাপুৰ পঞ্চায়তৰ ৰাইপাট নিবাসী চংকে দাস আৰু দময়ন্তী দাসৰ আতিথ্য গ্ৰহণ কৰি আপ্লুত হৈ পৰে বিধায়কগৰাকী ৷ ইয়াৰ পূৰ্বে কেইবাখনো সভাত অংশ লোৱাৰ লগতে কলাকুছি ৰাইজৰ লগত একেলগে নিশাৰ আহাৰ গ্ৰহণ কৰে দিগন্ত কলিতাই ৷ শনিবাৰে নিশাটো এনেধৰণে সমষ্টিবাসীৰ সৈতে কটোৱা বিধায়কগৰাকীয়ে দেওবাৰৰ দিনটোও সোণাপুৰ পঞ্চায়তত কটায় ৷
বিধায়ক গৰাকীৰ এই পদক্ষেপ চমক সৃষ্টিৰ পৰিৱৰ্তে সমষ্টি উন্নত কৰাৰহে কৌশল বুলি সদৰী কৰে ৷ ৰাজ্যৰ আগশাৰীৰ সমষ্টি জালুকবাৰীৰ উন্নয়নৰ দৰে নিজৰ সমষ্টিটোও সকলো ক্ষেত্ৰতে আগুবঢ়াই নিবলৈ বিধায়ক দিগন্ত কলিতাই এই প্ৰচেষ্টা গ্ৰহণ কৰা বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰে ৷
লগতে পঢ়ক : কৃষকক একেডৰা মাটিত কেইবাটাও খেতি কৰাৰ আহ্বান বিধায়ক দিগন্ত কলিতাৰ