ETV Bharat / state

ৰাইজৰ দল এতিয়া এটা প্ৰাইভেট লিমিটেড কোম্পানী: ভৱেশ কলিতা - By Election

বিধায়ক অখিল গগৈ(Akhil Gogoi) আৰু ৰাইজৰ দল(Raijor Dal)ক তীব্ৰ সমালোচনা ৰাজ্যিক বিজেপিৰ সভাপতি তথা ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতা(Bhabesh Kalita)ৰ ৷ আগন্তুক উপ-নিৰ্বাচনত অখিল গগৈ বেয়াকৈ পৰাজয় হ’ব ৷ ৰাইজৰ দল এতিয়া প্ৰাইভেট লিমিটেড কোম্পানীত পৰিণত হোৱা বুলি কটাক্ষ কৰে বিধায়ক ভৱেশ কলিতাই ৷

mla bhabesh kalita critized akhil gogoi and raijor dal
অখিল গগৈ আৰু ৰাইজৰ দলক সমালোচনা ভৱেশ কলিতাৰ
author img

By

Published : Sep 29, 2021, 2:14 PM IST

ৰঙিয়া, 29 ছেপ্তেম্বৰ : ৰঙিয়াত বুধবাৰে এখন সভাত অংশগ্ৰহণ কৰি বিধায়ক অখিল গগৈ(Akhil Gogoi)ৰ নেতৃত্বত গঠন হোৱা ৰাইজৰ দল(Raijor Dal)ক তীব্ৰ কটাক্ষ কৰে ৰাজ্যিক বিজেপিৰ সভাপতি তথা ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতা(Bhabesh Kalita)ই ৷

ৰাইজৰ দল এতিয়া ব্যক্তিগত কোম্পানী লিমিটেড বুলি সমালোচনা কৰি ‘ৰাইজৰ দল’ এটা দল কেনেকৈ হ’ল বুলি প্ৰশ্ন উত্থাপন কৰে বিধায়কগৰাকীয়ে ৷ ৰাইজৰ দলৰ পৰা যেতিয়া ৰাইজ আতৰি গ’ল, 70 টাকৈ সংগঠন আতৰি গ’ল, তাৰ পাচত সেইটো ৰাইজৰ দল কেনেকৈ হ’ল বুলি বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই প্ৰশ্ন উত্থাপন কৰে ।

অখিল গগৈ আৰু ৰাইজৰ দলক সমালোচনা ভৱেশ কলিতাৰ

তেওঁ কয় যে, অখিল গগৈৰ দলটোৰ নাম এতিয়া ৰাইজৰ দল সলনি কৰি অখিল গগৈ দল বুলি দিলেহে বেছি ভাল হ’ব । কাৰণ যেতিয়া 70 টাকৈ সংগঠন আছিল, তেতিয়া ৰাইজৰ দল হৈ আছিল । কিন্তু এতিয়া 70 টা সংগঠনে সংবাদমেল আয়োজন কৰি ওলাই গৈছে । গতিকে ৰাইজৰ দল এতিয়া প্ৰাইভেট লিমিটেড কোম্পানীত পৰিণত হৈছে ৷

উপ-নিৰ্বাচন(By Election)ৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ কৰিবলৈ অখিল গগৈয়ে শিৱসাগৰতে থাকিব নে, ভৱানীপুৰতে থাকিব, নে থাওৰাত থাকিব, মৰিয়নীতে থাকিব নে তামুলপুৰতে যাব বুলি মন্তব্য কৰে বিধায়ক ভৱেশ কলিতাই । আগন্তুক উপ-নিৰ্বাচনত অখিল গগৈয়ে একোৱেই কৰিব নোৱাৰে আৰু নিৰ্বাচনত বেয়াকৈ পৰাজয় হ’ব বুলিও কটাক্ষ কৰে ভৱেশ কলিতাই ৷

ইফালে বিদ্যালয় বন্ধ ৰাখি উপ-নিৰ্বাচনৰ তাৰিখ ঘোষণা হোৱা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি তেওঁ কয় যে, নিৰ্বাচন পাতিবই লাগিব । নিৰ্বাচন নাপাতিলে সেই সমষ্টিৰ বিকাশ কিদৰে হ’ব? বিধায়ক বিহীনভাৱে এটা সমষ্টি চলিব নোৱাৰে । চৰকাৰে সেই সমষ্টিৰ ৰাইজক বঞ্চিত কৰিব নোৱাৰে । সেইকাৰণে নিৰ্বাচন আয়োগে এই সিদ্ধান্ত গ্ৰহণ কৰিছে । ক’ভিড(Covid) প্ৰট’কল মানি এই নিৰ্বাচন অনুষ্ঠিত কৰিব বুলি তেওঁ মন্তব্য কৰে ৷

লগতে পঢ়ক : কাগজ কলৰ বিষয়া-কৰ্মচাৰীৰ বাবে চৰকাৰৰ ৫৭০ কোটি টকাৰ পেকেজ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.