গুৱাহাটী, 26 মাৰ্চ : মহানগৰীৰ ভেটাপাৰাস্থিত নিজ বাসভৱনত পশ্চিম গুৱাহাটীৰ সমষ্টিৰ কংগ্ৰেছ মহাজোঁটৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ শুকুৰবাৰে মুকলি কৰিলে নিৰ্বাচনী ইস্তাহাৰ ৷ লগতে প্ৰাৰ্থী গৰাকীয়ে মুকলি কৰিলে এটি নিৰ্বাচনী গীত ৷
ইস্তাহাৰৰ যোগেদি সমষ্টিটোৰ কেইবাটাও সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে মীৰা বৰঠাকুৰে ৷ খোৱাপানী যোগান, ভৰলু পৰিস্কাৰ, পাহাৰ খনন প্ৰতিৰোধ, বিজ্ঞানসন্মত নলা নৰ্দমা নিৰ্মাণৰ কথা উল্লেখ কৰিছে ইস্তাহাৰত ৷ লগতে ৰাইজৰ সুবিধাৰ্থে মোবাইল ভেন মুকলি কৰাৰও প্ৰতিশ্ৰুতি প্ৰদাণ কৰিছে মীৰা বৰঠাকুৰে ৷
লগতে পঢ়ক: নিৰ্বাচনী সভা হ'ব পাৰিলে বিহু কিয় হ'ব নোৱাৰিবঃ হিমন্ত বিশ্ব শৰ্মা