ETV Bharat / state

JE outbreak across Assam: চন্দ্ৰপুৰত জাপানীজ এনকেফেলাইটিছত ২ জন আক্ৰান্ত

author img

By

Published : Jul 16, 2022, 9:07 AM IST

ৰাজ্যত জাপানীজ এনকেফেলাইটিছৰ ভয়াৱহ ৰূপ ৷ চন্দ্ৰপুৰত জাপানীজ এনকেফেলাইটিছত ২ জন লোক আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে (Many cases of Japanese encephalitis in Chandrapur)

Japanese Encephalitis at Chandrapur
চন্দ্ৰপুৰত জাপানীজ এনকেফেলাইটিছত ২ জন আক্ৰান্ত

গুৱাহাটী, 16 জুলাই: ৰাজ্যত জাপানীজ এনকেফেলাইটিছৰ আতংক ক্ৰমাৎ বৃদ্ধি পাইছে (Japanese encephalitis outbreak in Assam) । চৰকাৰী তথ্য মতে, ৰাজ্যত এতিয়া ক'ভিডতকৈ জাপানীজ এনকেফেলাইটিছে ভয়াৱহ ৰূপ ধাৰণ কৰিছে । দৈনিক দ্ৰুত হাৰত বাঢ়িছে জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ৰোগী আৰু মৃতকৰ সংখ্যা ।

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মহানগৰীৰ পাৰ্শ্বৱৰ্তী এলেকা চন্দ্ৰপুৰতো প্ৰাদুৰ্ভাৱ ঘটিছে জাপানীজ এনকেফেলাইটিছৰ (Japanese encephalitis at Chandrapur)৷ চন্দ্ৰপুৰত জাপানীজ এনকেফেলাইটিছত ২ জন আক্ৰান্ত ৷ বৰ্তমানলৈ অঞ্চলটোত মুঠ চাৰিজন লোক জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈছে ৷ যদিও ইয়াৰে দুজন ৰোগী সম্প্ৰতি আৰোগ্য হৈছে ।

ইফালে জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত পানীখাইটিৰ 13 বছৰীয়া কিশোৰ সন্তোষ কুমাৰ মাহাতো আজি পৰ্যন্ত গুৱাহাটীৰ এজন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷ আনহাতে চন্দ্ৰপুৰৰ হজংবৰি অঞ্চলৰ নিৰুবালা দাস নামৰ এগৰাকী যুৱতী আক্ৰান্ত হৈছে ৷ 14 জুলাইৰ নিশা সাধাৰণ জ্বৰত আক্ৰান্ত হৈ আছিল যুৱতী গৰাকী ৷

ইয়াৰ পিছতেই যুৱতীগৰাকীক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।

পানীখাইটি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক ডা: সুমন পালে কয় যে আমি অঞ্চলটোত সজাগতা সভা আৰম্ভ কৰিছো ৷ ম'হৰ পৰা সাৱধান হ'বলৈ আমি লোকসকলক আঠুৱা ব্যৱহাৰ কৰাৰ লগতে সন্ধিয়া ধূপ ধূনা দিয়াৰ লগতে ম'হৰ বাবেও ধোঁৱা দিয়াৰ পৰামৰ্শ দিছো ৷ বজাৰসমূহত আমি কেম্পো কৰিছো ৷ যাতে লোকসকলে সকলোকে সজাগ কৰি দিব পাৰে ৷ অঞ্চলটোত বিশেষকৈ গাহৰি, বগলীকে ধৰি বিভিন্ন বনৰীয়া চৰাই পৰিভ্ৰমণৰ বাবেও এই ৰোগ বিয়পাৰ সম্ভাৱনা আছে বুলি জানিবলৈ দিয়ে চিকিৎসকগৰাকীয়ে ৷

লগতে পঢ়ক : JE vaccine to adults: ছেপ্টেম্বৰৰ পৰা প্ৰাপ্তবয়স্ককো জে ইৰ প্ৰতিষেধক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.