ETV Bharat / state

কা আন্দোলনৰ প্ৰথম শ্বহীদ দীপাঞ্জলৰ বাসগৃহত লুৰীণজ্যোতি গগৈ

author img

By

Published : Dec 26, 2020, 9:28 AM IST

Updated : Dec 26, 2020, 9:46 AM IST

শুকুৰবাৰে নিশা কা আন্দোলনৰ প্ৰথম গৰাকী শ্বহীদ দীপাঞ্জল দাসৰ বাসগৃহত উপস্থিত হৈ দীপাঞ্জলৰ পিতৃ-মাতৃক বহু সময় ধৰি সাক্ষাৎ কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ৷ লুৰীণজ্যোতি গগৈৰ সংগ দিয়ে দলটোৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা আৰু কেইবাগৰাকীও বিষয়ববীয়াই ৷

lurinjyoti gogoi
লুৰীণজ্যোতি গগৈ

ছয়গাঁও,26 ডিচেম্বৰ : কা আন্দোলনৰ প্ৰথম গৰাকী শ্বহীদ দীপাঞ্জল দাসৰ ছয়গাঁওস্থিত বাসগৃহত শুকুৰবাৰে নিশা উপস্থিত হয় অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ ৷ দলটোৰ কেইবাগৰাকী নেতাৰ সৈতে উপস্থিত হৈ দীপাঞ্জলৰ পিতৃ-মাতৃক সাক্ষাৎ কৰি পৰিয়ালটোৰ খবৰ লয় লুৰীণে ৷

নতুন আঞ্চলিক দলটোৰ সভাপতি লুৰীণে দিপাঞ্জলৰ পিতৃ-মাতৃৰ সৈতে বহু সময় ধৰি কথা পতাৰ লগতে দেশৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত বহু কথা আলোচনা কৰে ৷

লুৰীণজ্যোতি গগৈ

আনহাতে সাংবাদিকৰে সৈতে সাক্ষাৎকাৰত লুৰিণজ্যোতি গগৈয়ে কয় যে,শ্বহীদ দীপাঞ্জল দাসৰ পৰিয়ালে এতিয়াও দীপাঞ্জলৰ মৃত্যুৰ প্ৰমাণ পত্ৰ নোপোৱাত আক্ষেপ কৰাৰ লগতে এয়া চৰকাৰৰ সম্পূৰ্ণ গাফিলতি বুলি উল্লেখ কৰে ৷ দীপাঞ্জলৰ মৃত্যুৰ উচিত তদন্ত দাবী কৰিছে দীপাঞ্জলৰ পৰিয়ালে ৷

লুৰীণজ্যোতি গগৈয়ে বিজেপি চৰকাৰক হত্যাকাৰী চৰকাৰ বুলি তীব্ৰ সমালোচনা কৰে ৷ দীপাঞ্জলৰ বাসগৃহত লুৰীণজ্যোতি গগৈৰ লগতে অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ আৰু কেইবাগৰাকীও বিষয়ববীয়া তথা নেতা-কৰ্মী উপস্থিত থাকে ৷

লগতে পঢ়ক : বিলাসীপাৰাত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ড

Last Updated : Dec 26, 2020, 9:46 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.