ৰঙিয়া, ২২ এপ্ৰিল: কৰ'ণাসৃষ্ট পৰিৱেশৰ মাজতে ৰাজ্যবাসীয়ে উলহ মালহেৰে পালন কৰিলে চেনেহৰ ৰঙালি বিহুটি । ৰাজ্যৰ চৌদিশে পালন কৰিছে বাপতিসাহোন ৰঙালী বিহু । পিছপৰি ৰোৱা নাই নাই ৰঙিয়াবাসীও । ৰঙিয়াৰ কণ-কণ বিহুৱা আৰু বিহুৱতীসকলেও কৰিছে ৰং ৰহস্য । ডাঙৰৰ লেখীয়াকৈ কণ-কণ বিহুৱা আৰু বিহুৱতীসকলেও ঢোল তাল লৈ ৰাইজৰ পদুলীয়ে-পদুলীয়ে জুৰিছে বিহু । কণমানি বিহুৱাৰ ঢোলৰ ছেৱত ককাল ঘুৰাই নাচিছে কণমানি বিহুৱতীয়ে । অন্তৰেৰে গৃহস্থক দিছে আশীৰ্বাদ, বছৰটো যেন কুশলে যায় ।
আধুনিকতাৰ ধামখুমীয়াত হেৰাই যোৱাৰ উপক্ৰম হোৱা কৃষ্টি ধৰি ৰাখিবলৈ চেষ্টা কৰা এইসকল কণমানি বিহুৱা-বিহুৱতীক ৰাইজেও দিছে অন্তৰৰ পৰা আশীৰ্বাদ ।
লগতে পঢ়ক: ধন দাবী কৰি ৰঙাঘৰৰ আলহী ৰাজনৈতিক দলৰ নেতা