ETV Bharat / state

শ্যামা প্ৰসাদ মূখাৰ্জী ৰুৰবান মিছনৰ অধীনত 500 বিঘা ভূমিত নেমু খেতি

author img

By

Published : Sep 4, 2021, 4:20 PM IST

চন্দ্ৰপুৰ আৰু পানীখাইটি গাঁও পঞ্চায়ত এলেকাত প্ৰায় 500 বিঘা ভূমিত অচিৰেই আৰম্ভ কৰা হ'ব নেমুটেঙাৰ খেতি ৷ দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাই আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰিলে এই কাৰ্যসূচী ৷

lemon-cultivation-on-500-bighas-of-land-under-syama-prasad-mukherjee-rurban-mission
শ্যামা প্ৰসাদ মূখাৰ্জী ৰুৰবান মিছনৰ অধীনত 500 বিঘা ভূমিত নেমু খেতি

গুৱাহাটী,4 ছেপ্তেম্বৰ: শ্যামা প্ৰসাদ মূখাৰ্জী ৰুৰবান মিছনৰ অধীনত চন্দ্ৰপুৰ আৰু পানীখাইটি গাঁও পঞ্চায়ত এলেকাত প্ৰায় 500 বিঘা মাটিত কৰা হ'ব নেমুটেঙাৰ খেতি ৷ প্ৰথম পৰ্যায়ত 150 বিঘা ভূমিত কৰা হ'ব নেমু খেতি ৷ শুকুৰবাৰে চন্দ্ৰপুৰৰ ঠাকুৰকুছি গাঁৱত নেমুটেঙাৰ পুলি ৰোপণ কৰি এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাই ৷

অনুষ্ঠানত বিধায়ক বৰাই শ্যামা প্ৰসাদ মূখাৰ্জী ৰুৰবান মিচনৰ অধীনত নেমু টেঙাৰ পুলি ৰোপণৰ লগতে হিতাধিকাৰী সকলক খেতি পথাৰত পানী যোগান ধৰাৰ পাম্প ছেট বিতৰণ কৰে ৷ এই উপলক্ষে ঠাকুৰকুচি গাঁৱৰ প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা এখনি সভাত বিধায়ক অতুল বৰাই কয় যে, জলসিঞ্চনৰ বাবে প্ৰথম পৰ্যায়ত হিতাধিকাৰীক 200 টা পাম্প ছেট বিতৰণ কৰা হ'ব ৷ শুকুৰবাৰে ইয়াৰে 14 জন হিতাধিকাৰীক বিনামূলীয়াকৈ পাম্প ছেট বিতৰণ কৰা হয় ৷

পাম্প ছেট কেইটা যোগান ধৰি বিধায়ক গৰাকীয়ে খেতিয়কসকলৰ কৃষি কৰ্মৰ বাবে যিখিনি প্ৰয়োজনীয় সা-সঁজুলিৰ প্ৰয়োজন সেই সকলো খিনি সঁজুলি তথা সকলো ধৰণৰ সা-সুবিধা প্ৰদান কৰিব আশ্বাস প্ৰদান কৰে ৷

উক্ত অনুষ্ঠানত ঠাকুৰকুচি গাঁৱৰ ৰহেন বড়ো, গনপতি বংজাং, বলোৰাম বড়ো, প্ৰবীণ বড়ো, দিগন্ত টুমুং, কৃষ্ণ ফাংচু, অজিনধৰ ইংতি, কানু ইংতি, সুৰজিৎ ফাংচু, ভৰত কুমাই, নৰেন বংজাং, লক্ষ্মীনাথ টুমুং আৰু শিৱ ইংতিকে ধৰি মুঠ 14 গৰাকী খেতিয়কক বিনামূলীয়াকৈ পাম্প ছেট যোগান ধৰা হয় ৷

এই কাৰ্যসূচীত জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া, কৃষি বিভাগৰ সহ জিলা কৃষি বিষয়া, নডাল কৃষি বিষয়া, গ্ৰাম সেৱক আদিকে ধৰি কেইবাজনো বিষয়া কৰ্মচাৰী উপস্থিত থকাৰ লগতে চন্দ্ৰপুৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী আৰু পানীখাইতি গাঁও পঞ্চায়তৰ সভাপতি উপস্থিত থাকে ৷

লগতে পঢ়কঃ প্ৰাক্তন বিধায়ক সুশান্ত বৰগোঁহাইৰ বিৰুদ্ধে সৰৱ থাওৰা ব্লক কংগ্ৰেছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.