ETV Bharat / state

খাকী পোচাকত কালিমা : উৎকোচ লৈ নিলম্বিত দুই কনিষ্টবল - আৰক্ষীৰ পোচাকত কালিমা

খাকী পোচাকত কালিমা সানিলে কামৰূপৰ দুই আৰক্ষীয়ে ৷ উৎকোচ লৈ নিলম্বিত হ’ল চাংসাৰী থানাৰ কনিষ্টবল নুৰ ইছলাম আৰু গৃহৰক্ষী জোৱান উপেন কলিতা ৷

Kamrup SP suspend two police conistable
খাকী পোচাকত কালিমা
author img

By

Published : Aug 7, 2021, 11:18 AM IST

Updated : Aug 7, 2021, 1:54 PM IST

বাইহাটা, 7 আগষ্ট : আৰক্ষীৰ পোচাকত কালিমা সানিলে দুই জোৱানে । কামৰূপ(গ্ৰাম্য) চাংসাৰীত ধন লৈ নিলম্বন হ'ল খাকী পোছাকধাৰী । এই ঘটনা সংঘটিত হৈছে কামৰূপ চাংসাৰীত ৷ নিলম্বিত দুই আৰক্ষীৰ জোৱান হৈছে নুৰ ইছলাম আৰু উপেন কলিতা । জানিব পৰা মতে, শুকুৰবাৰে চাংসাৰীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত দিন-দুপৰতে এখন পশ্চিমবংগৰ পৰা অহা বাহনৰ পৰা ৫০ টকাৰ উৎকোচ লৈছিল দুই জোৱানে ৷ জোৱান দুগৰাকীৰ উক্ত কাৰ্যৰ ভিডিঅ’ সংগ্ৰহ কৰিছিল এগৰাকী স্থানীয় লোকে ৷

খাকী পোচাকত কালিমা

পৰৱৰ্তী সময়ত ব্যক্তিগৰাকীয়ে সেই ভিডিঅ’টো কামৰূপ(গ্ৰাম্য) জিলাৰ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰয়লৈ প্ৰেৰণ কৰে । ভিডিঅ’টো লাভ কৰিয়েই তাৎক্ষণিকভাৱে আৰক্ষী অধীক্ষকগৰাকীয়ে পৰ্যবেক্ষণ কৰে সমগ্ৰ ঘটনা ৷ ঘটনাৰ তদন্তৰ অন্তত আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰয় চাংসাৰী থানাত উপস্থিত হৈ কনিষ্টবল নুৰ ইছলাম আৰু গৃহৰক্ষী জোৱান উপেন কলিতাক নিলম্বিত কৰে ।

Kamrup SP suspend two police conistable
খাকী পোচাকত কালিমা

উল্লেখ্য যে, বৃহস্পতিবাৰে দদৰা আৰক্ষী চকীৰ দুই জোৱানক এগৰাকী সোণৰ ব্যৱসায়ীয়ে দিছিল এক কোটি টকাৰ প্ৰলোভন ৷ কিন্তু সেই প্ৰলোভনক নস্যাৎ কৰে দুই বিষয়াই ৷ যাৰ বাবে দুয়োগৰাকী বিষয়াক পুৰষ্কৃত কৰিছিল ঊৰ্ধতম মহলে ৷ কিন্তু এই ঘটনাৰ 72 ঘণ্টা নৌহওঁতেই কামৰূপ আৰক্ষীয়ে অসম আৰক্ষীৰ নাক কটা পৰিলক্ষিত হয় ৷ যি ঘটনাক কেন্দ্ৰ কৰি সচেতন মহলৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

অসৎ উপায়েৰে ধন সংগ্ৰহ কৰা আৰক্ষী জোৱানৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ হুংকাৰ প্ৰদান কৰিছে কামৰূপ(গ্ৰাম্য) জিলাৰ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰয়ে ।

লগতে পঢ়ক: আৰক্ষী বিভাগৰ ভুৱা নিযুক্তিপত্ৰ দিয়া এজন লোকক আটক

Last Updated : Aug 7, 2021, 1:54 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.