কামৰূপ,১৪জুলাই : ভয়ংকৰ বানত ডুব গৈছে কামৰূপৰ কমলপুৰ আঠগাঁও-সোণাপুৰ । পুঠিমাৰীৰ বাঢ়নী পানীৰ লগতে মথাউৰি ছিঙি অঞ্চলকেইটাত সৃষ্টি কৰিছে সন্ত্ৰাসৰ । বন্যাৰ্তৰ মাজত সৃষ্টি হৈছে হাহাকাৰময় পৰিস্থিতিৰ । খাদ্য, আশ্ৰয়ৰ সংকটত পৰিছে বানাক্ৰান্তসকল ।
ইফালে, এটুপি বিশুদ্ধ খোৱাপানীৰ অভাৱত ককবকাই থকা বানাক্ৰান্তসকলক কামৰূপ জিলা প্ৰশাসনে লঘু আহাৰৰ যোগান ধৰে যদিও বানপীড়িতক চাউল যোগান ধৰিব নোৱৰাত অঞ্চলবাসীৰ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ তথ্য প্ৰচাৰ সম্পাদক ধৰ্মেশ্বৰ দাসে চৰকাৰ তথা প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভি উজাৰে ।