ETV Bharat / state

এপল মিল পুনৰুজ্জীৱিত কৰাৰ দাবীত ঘাইপথ অৱৰোধ - প্ৰতিবাদ

এপল মিল পুনৰ উজ্জীৱিত কৰাৰ দাবীত বৃহস্পতিবাৰে ৰঙিয়া-ভূটান সংযোগী আন্তঃৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে এপল শ্ৰমিক সন্থাৰ লগতে বৈদ‍্যগড় আঞ্চলিক ছাত্ৰ সন্থাই । লগতে বিধানসভাত চলি থকা বৰ্ষাকালীন অধিৱেশনত বিধায়ক ভৱেশ কলিতাই এপল মিলৰ বিষয়টো উপস্থাপন নকৰাত ক্ষোভ উজাৰে প্ৰতিবাদকাৰীসকলে ।

International road blocks in demand of Apol Mill revival in rangia kamrup assam etv bharat news
ৰঙিয়াত ঘাইপথ অৱৰোধ
author img

By

Published : Sep 3, 2020, 3:59 PM IST

ৰঙিয়া,3 চেপ্তেম্বৰ: কামৰূপ(গ্ৰাম্য) জিলাৰ ৰঙিয়াস্থিত এপল মিল সুদীৰ্ঘ সময়ে বন্ধ হৈ পৰি আছে ৷ বিগত সময়ছোৱাত বহু কেইবাবাৰো এই মিল উজ্জীৱিত কৰাৰ দাবীত সাব্যস্ত কৰা হৈছিল প্ৰতিবাদ ৷ ৰাজ্য চৰকাৰে এইক্ষেত্ৰত সঠিক ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰিছিল যদিও সেয়া কাৰ্যত পৰিণত নহ’ল ৷ সেয়ে পুনৰ এই মিল উজ্জীৱিত কৰাৰ দাবীত বৃহস্পতিবাৰে ৰঙিয়া-ভূটান সংযোগী আন্তঃৰাষ্ট্ৰীয় ঘাইপথটো অৱৰোধ কৰে এপল শ্ৰমিক সন্থাৰ লগতে বৈদ‍্যগড় আঞ্চলিক ছাত্ৰ সন্থাই ।

ৰঙিয়াত ঘাইপথ অৱৰোধ

উল্লেখ্য যে, প্ৰতিবাদকাৰীসকলে এসপ্তাহ পূৰ্বে গ্ৰহণ কৰা অৱৰোধ কাৰ্যসূচীত উপস্থিত হৈ জিলা উপায়ুক্তই এসপ্তাহৰ ভিতৰত কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল । কিন্তু এসপ্তাহৰ পিছতো কোনো ফল লাভ নকৰাত পথটো অৱৰোধ কৰে শ্ৰমিকসকলে ।

বিধানসভাত চলি থকা বৰ্ষাকালীন অধিৱেশনত বিধায়ক ভৱেশ কলিতাই এপল মিলৰ বিষয়টো উপস্থাপন নকৰাত ক্ষোভ উজাৰে প্ৰতিবাদকাৰীসকলে । বৃহস্পতিবাৰে পুৱাৰ পৰা আৰম্ভ হোৱা এই অৱৰোধৰ ফলত ঘাইপথটোত আৱদ্ধ হৈ পৰে শতাধিক যান-বাহন । প্ৰতিবাদকাৰীসকলে হাতে হাতে বেনাৰ লৈ চৰকাৰৰ বিৰুদ্ধে শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে । বিগত প্ৰায় চাৰিবছৰে মিলটো খোলাৰ প্ৰতিশ্ৰুতি প্ৰদানৰ পিছতো কোনোধৰণৰ কাৰ্যকৰী পদক্ষেপ গ্ৰহণ নকৰাৰ প্ৰতিবাদত কৰ্মচাৰীসকলৰ লগতে স্থানীয় ৰাইজেও প্ৰদৰ্শন কৰে বিক্ষোভ ৷ প্ৰতিবাদকাৰীসকলে শীঘ্ৰে মিলটো কাৰ্যক্ষম নহ’লে অথবা কৰ্মচাৰীসকলক স্বেচ্ছামূলক অৱসৰ গ্ৰহণৰ সুবিধা কৰি নিদিলে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ প্ৰদান কৰে ৷

লগতে চাওকঃ ৰাষ্ট্ৰীয় সংবাদ মাধ্যম চৰকাৰী পক্ষৰ পকেটৰ ৰুমাল : প্ৰদ্যুৎ বৰদলৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.