ETV Bharat / state

ৰঙিয়া ৰেল জংচনত ১৭ লক্ষাধিক টকাৰ গাঞ্জা জব্দ - Cannabis seized in Rangia

ৰঙিয়াত নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ অভিযান ৷ ৰঙিয়া ৰেলৱে আৰক্ষীয়ে দেওবাৰে আগৰতলা-দেওগড় এক্সপ্ৰেছৰ পৰা জব্দ কৰে বৃহৎ পৰিমাণৰ গাঞ্জা (Cannabis seized in Rangia)৷ অভিযানৰ সময়ত আটক তিনিসৰবৰাহকাৰী ৷

huge amount of Cannabis seized by rpf
ৰঙিয়া ৰেল জংচনত ১৭ লক্ষাধিক টকাৰ গাঞ্জা জব্দ
author img

By

Published : Mar 28, 2022, 2:17 PM IST

ৰঙিয়া, 28 মাৰ্চ : ৰঙিয়া ৰেল জংচনত ৰেলৱে আৰক্ষীয়ে দেওবাৰে বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়(huge amount of Cannabis seized by rpf) । ৰেলৱে আৰক্ষীয়ে আগৰতলা-দেওগড় এক্সপ্ৰেছৰ পৰা জব্দ কৰে গাঞ্জাখিনি ৷ আৰক্ষীৰ দলটোৱে অভিযানৰ সময়ত তিনিটা গাঞ্জা সৰবৰাহকাৰীকো আটক কৰে(Cannabis smugglers arrested in Rangia) । সৰবৰাহকাৰীকেইটাই ৰেলেৰে বহিঃৰাজ্যলৈ গাঞ্জাখিনি সৰবৰাহ কৰি থকা সময়তে ৰেলৱে আৰক্ষীয়ে গাঞ্জাসহ আটক কৰে লোককেইজনক ৷

ৰঙিয়া ৰেলৱে আৰক্ষী

উদ্ধাৰ হোৱা গাঞ্জাখিনি ওজন প্ৰায় ৮৮ কিলোগ্ৰাম বুলি জানিব পৰা হৈছে ৷ গাঞ্জাখিনিৰ বজাৰ মূল্য প্ৰায় ১৭ লক্ষাধিক টকা বুলি জানিব পৰা হৈছে ৷ আনহাতে আটকাধীন গাঞ্জা সৰবৰাহকাৰীকেইটা বিহাৰৰ ভগলপুৰৰ হিমাংশু কুমাৰ, বামবাম সিং আৰু সন্তোষ কুমাৰ বুলি জানিব পৰা হৈছে ৷ ড্ৰাগছ সৰবৰাহকাৰীকেইটাই আগৰতলা-দেওগঢ় এক্সপ্ৰেছত অতি কৌশলেৰে লুকুৱাই আনিছিল গাঞ্জাখিনি ।

সৰবৰাহকাৰীকেইটাই আগৰতলাৰ পৰা বিহাৰৰ ভগলপুৰলৈ গাঞ্জাখিনি সৰবৰাহ কৰি নিয়াৰ চেষ্টা কৰাৰ বুলি জানিব পৰা হৈছে ৷ সম্প্ৰতি ৰঙিয়া ৰেলৱে আৰক্ষীৰ থানাত গাঞ্জা সৰবৰাহকাৰীকেইটাৰ জেৰা অব্যাহত ৰখা হৈছে । উল্লেখ্য যে, শেহতীয়াকৈ ৰেলত দুষ্ট চক্ৰই ট্ৰেনজিত পইণ্ট হিচাপে ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক : Encounter in Rangia: আৰক্ষীৰ গুলীত আহত ড্ৰাগছ সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.