ETV Bharat / state

যৌতুক আনিবলৈ গৈ গুৰুলা-গুৰুলকৈ পিটন খালে আৰক্ষীয়ে - হাজো যৌতুকৰ নিউজ

উল্লেখযোগ্য যে আদালতৰ নিৰ্দেশনাৰ ভিত্তিত হাজো আৰক্ষীৰ এটা দলে খাইৰুল হক নামৰ এজন লোকৰ ঘৰত বৃহস্পতিবাৰে নিশা ১ বজাত অভিযান চলাইছিল । অভিযান চলোৱা আৰক্ষীক বেয়াকৈ মাৰ-ধৰ কৰি বৰ্তমান ৰঙাঘৰৰ আলহী হ'বলগীয়া হৈছে উক্ত পৰিয়াটো ৷

ৰঙাঘৰৰ আলহী খাইৰুল আৰু পৰিয়াল
author img

By

Published : Oct 18, 2019, 10:01 AM IST

Updated : Oct 18, 2019, 12:33 PM IST

হাজো, 18 অক্টোবৰ: যৌতুক উভতাই ল'বলৈ গৈ ঔকিল পৰিল হাজো আৰক্ষীৰ পিঠিত ৷ ঘটনা অনুসৰি, পত্নীয়ে দিয়া এটা গোচৰৰ বাবে হাজোৰ নিবাসী খাইৰুল হকৰ গৃহত উপস্থিত হৈছিল হাজো আৰক্ষী ৷ তাৰ পিচতে ঘটনাস্থলীত সৃষ্টি হয় এক যুদ্ধ সদৃশ পৰিবেশ । ঘটনা সন্দৰ্ভত জানিব পৰা মতে, পত্নীৰ গোচৰৰ ভিত্তিত খাইৰুলৰ ঘৰত থকা যৌতুকৰ সামগ্ৰী নিবলৈ উপস্থিত হোৱা আৰক্ষীক খাইৰুলৰ লগতে তেঁওৰ আত্মীয়ই গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে । এই সমগ্ৰ ঘটনাত আহত হয় দুগৰাকী মহিলা আৰক্ষীৰ লগতে তিনিজনকৈ আৰক্ষী বিষয়া।

খাইৰুল হকৰ গৃহত উপস্থিত হাজো আৰক্ষী

উল্লেখ্য যে, আহত কেইবাজনো আৰক্ষীৰ পোছাক পৰ্যন্ত ফালি দিয়ে খাইৰুল তথা তেঁওৰ আত্মীয়ই। অভিযুক্তৰ আক্ৰমণৰ পৰা সাৰি নগ'ল হাজো থানাৰ উপ পৰিদৰ্শক পুৰবী নৰহ । ইয়াৰ উপৰিও কনিষ্টবল মিতালী দাস আৰু 4th APBN ৰ নায়ক উদয় চন্দ্ৰ ডেকা কিছু পৰিমাণে আঘাটপ্ৰাপ্ত হয় । ইতিমধ্যে ঘটনা সম্পৰ্কত পাঁচজন লোকক গ্ৰেপ্তাৰ কৰিছে ৷ আটকাধীন লোককেইজন আনছাৰ উল্লা তালুকদাৰ, ৰমজান আলী, ধন আলী, মিন্টু হুছেইন আৰু আনোৱাৰ হুছেইন।

Intro:SLUG- HAJO POLICE ATTACK

SCRIPT- হাজোৰ দামপুৰত তীব্ৰ উত্তেজনা। আদালতৰ নিৰ্দেশনাৰ ভিত্তিত খাইৰুল হক নামৰ এজন লোকৰ ঘৰত ১ বজাত অভিযান চলাইছিল হাজো আৰক্ষীৰ এটা দলে। Body:খাইৰুলৰ পত্নীৰ গোচৰৰ ভিত্তিত খাইৰুলৰ ঘৰত থকা যৌতুকৰ সামগ্ৰী নিবলৈ অহা আৰক্ষীক খাইৰুলৰ পৰিয়ালৰ লগতে তেঁওৰ আত্মীয়ই গুৰুলা গুৰুল প্ৰহাৰ কৰিলে আৰক্ষীক। আক্ৰমণত আহত মহিলা আৰক্ষীৰ লগতে তিনিজনকৈ আৰক্ষীৰ লোক। আহত কেইবাজনো আৰক্ষীৰ ফালি পেলালে পোছাক। ঘটনাস্থলীত যুদ্ধ সদৃশ পৰিবেশ । এই আক্ৰমণৰ ফলত হাজো থানাৰ উপ পৰিদৰ্শক পুৰবী নৰহ গুৰুতৰভাবে আঘাত প্ৰাপ্ত হয় । ইয়াৰ উপৰিও কনিষ্টবল মিতালী দাস আৰু 4th APBN ৰ নায়ক উদয় চন্দ্ৰ ডেকা কিছুপৰিমাণে আঘাট প্ৰাপ্ত হয় । ইতিমধ্যে ঘটনা সম্পৰ্কত পাঁচজন লোকক আৰক্ষীয়ে আটক কৰিছে । আটকাধীন লোককেইজন হল-- আনছাৰ উল্লা তালুকদাৰ, ৰমজান আলী, ধন আলী, মিন্টু হুছেইন আৰু আনোৱাৰ হুছেইন। Conclusion:আনহাতে ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে AS-0-DY-9242 নম্বৰৰ পালচাৰ বাইক এখন আৰু AS 01 DJ 0650 ক্ৰেটা বাহন জব্দ কৰে ।
Last Updated : Oct 18, 2019, 12:33 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.