ETV Bharat / state

নাওখেল প্ৰতিযোগিতাৰে ব্যতিক্ৰমী স্বাধীনতা দিৱস - ব্যতিক্ৰমী স্বাধীনতা দিৱস উদযাপন

২০,০০০ হাজাৰ দৰ্শকৰ সমুখত নাওখেল প্ৰতিযোগিতাৰে ব্যতিক্ৰমী স্বাধীনতা দিৱস উদযাপন হাজোত ৷ ২৫ বছৰত ভৰি দিলে হাজোৰ পৰম্পৰাগত নাওখেল প্ৰতেযোগিতাই ৷

নাওখেল প্ৰতিযোগিতাৰে ব্যতিক্ৰমী স্বাধীনতা দিৱস
author img

By

Published : Aug 17, 2019, 8:02 PM IST

হাজো, 17 আগষ্টঃ বিগত বৰ্ষসমূহৰ দৰেই এই বছৰো কামৰূপ জিলাৰ হাজোত ব্যতিক্ৰমীভাৱে অনুষ্ঠিত হয় স্বাধীনতা দিৱস ৷ হাজাৰ হাজাৰ দৰ্শকৰ সমুখত পৰম্পৰাগত হোলোং নাঁও খেল প্ৰতিযোগিতাৰে হাজোবাসীয়ে অনুষ্ঠিত কৰিলে 73 সংখ্যক স্বাধীনতা দিৱস ৷ উল্লেখযোগ্য যে, হাজোৰ পৰম্পৰাগত এই নাওঁখেলে এইবাৰ ২৫ বছৰত ভৰি দিছে । বৰ্নি নাওখেল পৰিচালনা সমিতিয়ে আয়োজন কৰা পুখুৰীবডী দলং ঘাটত আয়োজিত সাতটা হোলোং নাওখেলৰ দলে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত অসমৰ বিভিন্ন ঠাইৰ প্ৰায় ২০,০০০ হাজাৰ দৰ্শকে নাওখেল উপভোগ কৰে । হাজোৰ ঐতিহ্য বহনকাৰী এই নাওঁখেল প্ৰতিযোগিতাত অতিথি হিচাপে উপস্থিত থাকে বৰ্নি গাঁও পঞ্চায়তৰ সভাপতি নুৰমহম্মদ আলী , আঞ্চলিক সদস্য আৰ্জুমা বেগম, শনিযাদি গাওঁ, পঞ্চায়তৰ সভাপতি ৰবিউল হুছেইন সহ কেইবা গৰাকী বিশিষ্ট ব্যক্তি । নাওঁখেলৰ প্ৰথম বিজয়ী দল "ৰাইজৰ আৰ্শীবাদ" (বৰ্নি),দ্বিতীয় দল "জলপৰী" (দেহৰকুৰিহা)ক নগদ টকা আৰু বঁটাৰে পুৰস্কাৰ প্ৰদান কৰা হয় ৷

Intro:SLUG- HAJO BOAT RACHING COMPATION

হাজোৰ বৰ্ণিত পৰম্পৰা গত নাওখেল প্ৰতিযোগিতা। স্বাধীনতা দিবস উপলক্ষে আযোজন কৰা হোলোং নাও খেল প্ৰতিযোগিতা অসমৰ বিভিন্ন ঠাইৰ পৰা সাতটা দলে অংশ গ্ৰহণ কৰে।খেল চাবলৈ হাজাৰ হাজাৰ দৰ্শকৰ ভিৰ।

-Body:

-SCRIPT-প্রতি বছৰৰ দৰে এইবাৰো স্বাধীনতা দিৱস উপলক্ষে হোলোং নাওঁখেল প্রতিযোগিতা আয়োজন কৰে বৰ্নি নাওখেল পৰিচালনা সমিতিযে।। হাজোৰ বৰ্ণিত আয়োজন কৰা এই নাওঁখেলে এই বছৰ ২৫ বছৰত ভৰি দিছে ।হাজোৰ বৰ্নি পুখুৰীবডী দলং ঘাটত আয়োজিত এই নাওঁখেলত সাতটা হোলোং নাওখেলৰ দলে অংশ গ্রহন কৰে । নাও খেল চাবলৈ অসমৰ বিভিন্ন ঠাইৰ পৰা প্ৰায ২০,০০০ হাজাৰ দৰ্শকে নাওখেল উপভোগ কৰে।হাজোৰ ঐতিহ্য বহনকাৰী এই নাওঁখেল প্রতিযোগিতাত অতিথি হিচাপে উপস্হিত থাকে বৰ্নি গাঁও পঞ্চায়তৰ সভাপতি নুৰমহম্মদ আলী , আঞ্চলিক সদস্য আৰ্জুমা বেগম, শনিযাদি গাও পঞ্চাযতৰ সভাপতি ৰবিউল হুছেইন সহ কেইবা গৰাকী বিশিষ্ট ব্যক্তি । প্রতিযোগিতাৰ শেষত বিজয়ী দল মাজত নগদ ধনআৰু ট্রফি প্রদান কৰা হয় । Conclusion: এইবাৰ নাওঁখেলৰ প্রথম বিজয়ী দলক ৰাইজৰ আৰ্শীবাদ (বৰ্নি),দ্বিতীয় জলপৰী(দেহৰকুৰিহা) ।দুযোটা দলক নগদ টকা আৰু বটাৰে পুৰস্কাৰ প্রদান কৰা হয় । নাওখেল শান্তি পৃৰ্ন ভাবে পৰিচালনা কৰাত ৰাইজ তথা দৰ্শক ধন্যবাদ জনাই খেলপৰিচালনা সমিতিযে।

Byte-1) খেলপৰিচালনা সমিতি
2) খেল উপভোগ কৰা দৰ্শক
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.