ETV Bharat / state

উৰাবাতৰি বিয়পাই পলাশবাৰীত আটক হ'ল যুৱতী !

author img

By

Published : Apr 10, 2020, 8:16 PM IST

মহা সংকটৰ এই সময়ত উৰাবাতৰিত বিয়পাই আটক হ'ল এগৰাকী যুৱতী । প্ৰধান মন্ত্ৰীৰ আহ্বান মৰ্মে দেশত লক্ ডাউন চলি থকাৰ সময়তে বিভিন্ন জনে সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ উৰাবাতৰিত বিয়পাই অস্থিৰ কৰিব বিচাৰিছে পৰিস্থিতি । যাৰবাবে এতিয়া কঠোৰ হৈছে ৰাজ্যৰ আৰক্ষী প্ৰশাসন ।

girl arrested for sharing fake news
girl arrested for sharing fake news

আজাৰা,10 এপ্ৰিল : বিধায়কেই হওক বা সাধাৰণ লোকেই হওক উৰাবাতৰি বিয়পোৱা কাকোৱেই যেন ৰেহাই দিয়া নাই আৰক্ষী তথা প্ৰশাসনে । নগাঁৱত বিধায়ক আমিনুল ইছলাম আৰু ডিফুত দুজন বৰপেটাৰ যুৱক গ্ৰেপ্তাৰ হোৱাৰ পাচত এইবাৰ দক্ষিণ কামৰূপৰ পলাশবাৰী আৰক্ষীয়ে আটক কৰিলে এগৰাকী যুৱতীক । কিছুদিন পূৰ্বেই যুৱতী গৰাকীয়ে নিজৰ ফেচবুক একাউন্টত এটি বিৰ্তকিত পোষ্ট দিছিল ৷ যাৰ ফলত অঞ্চলটোত গোষ্ঠীগত সংঘাতৰ দৰে ঘটনা ঘটাৰ উপক্ৰম হৈছিল । কিন্তু আৰক্ষীৰ তৎপৰতাৰ বাবেই সংঘটিত হ'বলৈ নাপালে এনে ঘটনা ।

উৰাবাতৰি বিয়পাই পলাশবাৰীত আটক হ'ল যুৱতী !

পৰৱৰ্তী সময়ত পলাশবাৰী আৰক্ষীৰ তদন্তত ওলাই পৰিল যুৱতী গৰাকীৰ এটা ফেচবুক পোষ্টে কিমান ডাঙৰ কাণ্ড সংঘটিত কৰিবলৈ ওলাইছিল । যাৰ বাবে আৰক্ষীয়ে সোধা পোচৰ বাবে শুকুৰ বাৰে যুৱতীগৰাকীক থানালৈ আনি এটা গোচৰ ৰুজু কৰে । পিচত যুৱতী গৰাকীক ঘৰলৈ যাবলৈ দিয়ে যদিও পৰৱৰ্তী সময়ত তদন্তৰ খাতিৰত আৰক্ষীয়ে যেতিয়াই বিচাৰে তেতিয়াই থানাত আহি উপস্থিত হ'ব লাগিব বুলি নিৰ্দেশ দিয়ে যুৱতী গৰাকীক ।

লগতে পঢ়ক : বৰদৈচিলাৰ তাণ্ডৱত তচনচ ৰাজ্যৰ ভিন্ন অঞ্চল !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.