ETV Bharat / state

ড্ৰাগছ সৰবৰাহকাৰীক কঠোৰ সকিয়নী বিধায়ক ভৱেশ কলিতাৰ - ড্ৰাগছ সৰবৰাহকাৰী

ৰঙিয়াৰ ড্ৰাগছ সেৱনকাৰী আৰু ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে সৰৱ প্ৰাক্তন মন্ত্ৰী ভৱেশ কলিতা ৷ ড্ৰাগছ সেৱনকাৰী তথা সৰবৰাহকাৰী কোনোৱেই সাৰি যাব নোৱাৰিব বুলি মন্তব্য ভৱেশ কলিতাৰ ৷ মঙলবাৰে সাংবাদিকৰ আগত এইদৰে কঠোৰ সকিয়নী প্ৰদান কৰে বিধায়ক ভৱেশ কলিতাই ৷

former-minister-bhabesh-kalita-tightens-strict-action-against-drugs-paddler
ড্ৰাগছ সৰবৰাহকাৰীক কঠোৰ সকিয়নী বিধায়ক ভৱেশ কলিতাৰ
author img

By

Published : Jun 15, 2021, 4:42 PM IST

ৰঙিয়া, 15জুন: সমগ্ৰ ৰাজ্যতে ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অতি সস্তম ভূমিকা গ্ৰহণ কৰিছে ৷ আৰক্ষী অধীক্ষকসকলে ড্ৰাগছ বিৰোধী অভিযান দিনক দিনে তীব্ৰতৰ কৰি তোলাৰ সমান্তৰালকৈ শতাধিক ড্ৰাগছ সৰবৰাহকাৰী তথা ড্ৰাগছ সেৱনকাৰী ইতিমধ্যে আৰক্ষীৰ অভিযানত জালত পৰিছে ৷ ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে কোটি-কোটি টকা মূল্যৰ ড্ৰাগছ ৷ সমান্তৰালকৈ ৰঙিয়াতো আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰাখিছে ৷

ড্ৰাগছ সৰবৰাহকাৰীক কঠোৰ সকিয়নী বিধায়ক ভৱেশ কলিতাৰ

উল্লেখ্য যে, কিছুদিন পূৰ্বে ড্ৰাগছ সৰবৰাহত জড়িত থকাৰ অভিযোগত ৰঙিয়া আৰক্ষীয়ে এগৰাকী বিজেপি কৰ্মীক গ্ৰেপ্তাৰ কৰিছিল । ইফালে উক্ত ঘটনাটো পোহৰলৈ অহাৰ পাচতে সৰৱ হৈ পৰিছে ৰঙিয়াৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ভৱেশ কলিতা ৷ সাংবাদিকৰ আগত ভবেশ কলিতাই ৰঙিয়াৰ ড্ৰাগছ সেৱনকাৰী আৰু ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে বিজেপি দল তথা চৰকাৰ কঠোৰ হোৱা বুলি সকীয়াই দিয়ে ৷

তেওঁ কয় যে, ড্ৰাগছ সেৱন তথা সৰবৰাহৰ লগত জড়িত কোনো লোককে ৰেহাই দিয়া নহ'ব । যদিহে ড্ৰাগছ সৰবৰাহকাৰী বিজেপি দলৰ কৰ্মকৰ্তাও হয়, তথাপিও তেওঁলোকক আইনৰ গণ্ডীৰ পৰা সাৰি যাবলৈ দিয়া নহ'ব । যদি কোনো বিজেপি কৰ্মী পুনৰ ড্ৰাগছ সৰবৰাহত জড়িত হয়, তেন্তে সেই ড্ৰাগছ সৰবৰাহকাৰীক দৃষ্টান্তমূলক শাস্তি বিহিবলৈ আৰক্ষীক সহায় কৰিব বুলিও তেওঁ সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰে । ড্ৰাগছৰ বিৰুদ্ধে সকলোকে মাৰবান্ধি ওলাই আহিবলৈ আহ্বান জনাই বিধায়কগৰাকীয়ে কোনোলোকে ড্ৰাগছৰ বিষয়ে কিবা তথ্য লাভ কৰিলে ততালিকে সকলো তথ্য চৰকাৰী বিভাগক প্ৰদান কৰিবলৈও আহ্বান জনায় ৷

লগতে পঢ়ক-কোকৰাঝাৰৰ দুই ভগ্নীৰ মৃত্যুৰ ৰহস্য ফাদিল মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.