বকো, 1 জুন : বিগত দিনৰ ধাৰাষাৰ বৰষুণৰ ফলত মেঘালয়ৰ পৰা অহা পানীৰ ঢলে তাণ্ডৱ সৃষ্টি কৰিছে দক্ষিণ কামৰূপত । মেঘালয়ৰ পৰা নামি অহা পানীত বুৰ গৈছে ছয়গাঁও আৰু বকো অঞ্চলৰ হাজাৰ বিঘা কৃষি ভূমি। কলহী নৈৰ পানীয়ে ইতিমধ্যে বুৰাই পেলাইছে বনগাঁও,গৰৈমাৰী আৰু ছমৰীয়া ৰাজহ চক্ৰৰ শতাধিক গাঁও ৷
বিশেষকৈ ছয়গাঁৱৰ গৰৈমাৰীৰ হাতীশলা,লাউৰুৱাজান,ভলুকাবাডী আৰু বকোৰ বনগাঁওৰ কলহীকাষ,তামুলদি,১নং জামবাৰী,শিঙিমাৰী আৰু ছমৰীয়া ৰাজহ চক্ৰৰ কুৰিটাখনতকৈ অধিক গাঁও পানীৰ ঢলে বুৰাই পেলোৱাৰ ফলত মূৰে কপালে হাত দিবলগীয়া হৈছে অঞ্চলটোৰ কৃষি-কৰ্মৰ সৈতে জৰিত লোকসকলে ৷
লগতে পঢ়কঃ ডুমডুমাৰ বাইপাছত টায়াৰ জ্বলাই পথ অৱৰোধ
উল্লেখ্য যে,সুতত বা বেংকৰ পৰা ঋণ লৈ খেতি কৰা কৃষকসকলক উদ্ধাৰ কৰিবলৈ এতিয়া চৰকাৰক আহ্বান জনাইছে ভুক্তভোগী কৃষকসকলে ৷