ETV Bharat / state

সাৱধান অসমত প্ৰৱেশ কৰিছে ফেনী ! ক'ত ক'ত পৰিব ফেনীৰ প্ৰভাৱ ?

ওড়িশাৰ পাচত তীব্ৰবেগেৰে পশ্চিমবংগ হৈ উত্তৰ পূৰ্বাঞ্চললৈ আহি আছে বিধ্বংসী ঘূৰ্ণীবতাহ ফেনী ৷ ফেনীৰ বাবে সতৰ্কবাণী জাৰি কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ৷ ফেনীৰ প্ৰভাৱত বৃহস্পতিবাৰৰে পৰা প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ অন্যান্যা ৰাজ্যসমূহত ৷

author img

By

Published : May 3, 2019, 7:46 PM IST

সাৱধান অসমত প্ৰৱেশ কৰিছে ফেনী ! ক'ত ক'ত পৰিব ফেনীৰ প্ৰভাৱ ?

গুৱাহাটী, 3 মে' : ঘন্টাত ১৭৫ পৰা ১৮৫ কি.মি বেগৰে অহা ফেনী ঘূৰ্ণীবতাহে ৪ মে'ত প্ৰৱেশ কৰিব উত্তৰ-পূৰ্বাঞ্চলত ৷ অসমত অৱশ্যে ধুমুহাৰ গতি হ্ৰাস হৈ ঘন্টাত ৬০ পৰা ৮০ কিমি বেগ হ'ব বুলি জনায় বতৰ বিজ্ঞান কেন্দ্ৰই ৷ ফেনীৰ বাবে 4 আৰু 5 মে'ত ৰাজ্যত তীব্ৰ বৃষ্টিপাতৰো আশংকা কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ৷

সাৱধান অসমত প্ৰৱেশ কৰিছে ফেনী ! ক'ত ক'ত পৰিব ফেনীৰ প্ৰভাৱ ?

অসমৰ ক'ত ক'ত পৰিব ফেনীৰ প্ৰভাৱ ?

  • অসমৰ ধুবুৰী, কোকৰাঝাৰ,গোৱালপাৰা,বঙাইগাঁও,চিৰাং, বৰপেটা, কামৰূপ, দক্ষিণ শালমৰা, মানকাচৰ আৰু বাক্সাৰ ঠাই বিশেষে বৃষ্টিপাতৰ কমলাৰঙী সতৰ্কতা জাৰি কৰিছে ।
  • ইয়াৰ বিপৰীতে নলবাৰী,কামৰূপ (মহানগৰ),দৰং, মৰিগাঁও, শোণিতপুৰ, কাছাৰ আৰু কৰিমগঞ্জত বৃষ্টিপাতৰ হালধীয়া ৰঙী সতৰ্কতা জাৰি কৰিছে প্ৰশাসনে ।
  • দেওবাৰে বঙাইগাঁও,চিৰাং, বৰপেটা, নলবাৰী, বাক্সা, শোণিতপুৰ, ওদালগুৰি জিলাত প্ৰৱলৰ পৰা প্ৰৱলতৰ বৃষ্টিপাতৰ আশংকা। ধুবুৰী, কোকৰাঝাৰ, গোৱালপাৰা, কামৰূপ, কামৰূপ (মহানগৰ), দক্ষিণ শালমৰা, মানকাচৰ, নগাঁও, হোজাই, বিশ্বনাথ, পশ্চিম কাৰ্বি আংলং, যোৰহাট, মাজুলী, লখিমপুৰ, ধেমাজি আৰু ডিব্ৰুগড়ত প্ৰৱল বৃষ্টিপাতৰ আশংকাত কমলাৰঙী সতৰ্কতা জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ।
  • 3 ৰ পৰা 5 মে'লৈ অসমৰ লগতে মেঘালয়, অৰুণাচল, নাগালেণ্ড, ত্ৰিপুৰা, মণিপুৰ মিজোৰাম আৰু ত্ৰিপুৰাতো তীব্ৰ বৰষুণৰ আশংকা বতৰ বিজ্ঞান কেন্দ্ৰৰ৷

Slug:-As_kam_3may_fani_come_to_assam_811_photo+bite_as10020

সাৱধান অসমলৈ আহি আছে ফণী ! ক'ত ক'ত পৰিব ফণীৰ প্ৰভাৱ ?

Ocvo…উৰিষ্যাৰ পিছত তীব্ৰবেগেৰে পশ্চিম বংগ দিশে আগ বাঢ়িছে বিধ্বংশী ঘুৰ্ণীবতাহ ফণী । পশ্চিমবংগ,বাংলাদেশ হৈ উত্তৰ-পূৰ্বাঞ্চললৈ গতি লৈছে ফণীয়ে । ইয়াকে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবানী । অসমৰ লগতে উত্তৰ-পুৰ্বাঞ্চলত ইতিমধ্যে ফণীৰ প্ৰভাৱ পৰিছে । আজিৰ পৰা ৫ মে লৈ অসমৰ বিভিন্ন ঠাইত প্ৰৱল বৃষ্টিপাতৰ আশংশা কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই । উৰিষ্যাত ঘন্টাত ১৭৫ পৰা ১৮৫ কিমি বেগত ধুমুহাই কালৰূপ ধাৰন কৰাৰ লগতে তীব্ৰবেগেৰে আগবাঢ়ি অহা ধুমুহাই ৪ মেত উত্তৰ-পুৰ্বাঞ্চলত প্ৰৱেশ কৰিব যদিও ধুমুহাৰ গতি হ্ৰাস হৈ ঘন্টাত ৬০ পৰা ৮০ কিমি বেগ হ'ব বুলি জনায় বতৰ বিজ্ঞান কেন্দ্ৰই । অৱশ্যে এই ফণীৰ ফলত অসমত ৪ আৰু ৫ মেত তীব্ৰ বৃষ্টিপাত হ'ব পাৰে বুলি আশংশা কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই । অসমৰ ধুবুৰী, কোকৰাঝাৰ,গোৱালপাৰা,বঙাইগাঁও,চিৰাং, বৰপেটা, কামৰূপত, দক্ষিণ শালমৰা, মানকাচৰ আৰু বাক্সাৰ ঠাই বিশেষে বৃষ্টিপাতৰ কমলাৰঙী সতৰ্কতা জাৰি কৰিছে । ইয়াৰ বিপৰীতে নলবাৰী,কামৰূপ (মহানগৰ),দৰং, মৰিগাঁও, শোণিতপুৰ, কাছাৰ আৰু কৰিমগঞ্জত বৃষ্টিপাতৰ হালধীয়াৰঙী সতৰ্কতা জাৰি কৰিছে । লগতে দেওবাৰে বঙাইগাঁও,চিৰাং, বৰপেটা, নলবাৰী, বাক্সা, শোণিতপুৰ, ওদালগুৰি জিলাত প্ৰৱলৰ পৰা প্ৰৱলতৰ বৃষ্টিপাতৰ আশংকা। ধুবুৰী, কোকৰাঝাৰ, গোৱালপাৰা, কামৰূপ, কামৰূপ (মহানগৰ), দক্ষিণ শালমৰা মানকাচৰ, নগাঁও, হোজাই, বিশ্বনাথ, পশ্চিম কাৰ্বি আংলং, যোৰহাট, মাজুলী, লখিমপুৰ, ধেমাজি আৰু ডিব্ৰুগড়ত প্ৰৱল বৃষ্টিপাতৰ আশংকাত কমলাৰঙী সতৰ্কতা জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ।

Bite..

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.