ৰঙিয়া,27 মাৰ্চ: জ্যেষ্ঠ হোৱা বাবে হাগ্ৰামা মহিলাৰী মুখ্যমন্ত্ৰী হোৱাৰ পিছতহে ডঃ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হ’ব পাৰিব । ৰঙিয়াত মহাজোঁটৰ প্ৰাৰ্থী ডাঃ ভগবান দেৱ মিশ্ৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি এই মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে ৷
লগতে বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োক সমালোচনা কৰি হাগ্ৰামা মহিলাৰীয়ে কয় যে, প্ৰমোদ বড়োৰ ৰঙিয়াৰ লগতে কোকৰাঝাৰ, গুৱাহাটী, দিল্লী, মুম্বাই, ছিংগাপুৰ আদি বিভিন্ন ঠাইত ঘৰ আছে । ইপিনে ৰঙিয়াৰ বাৰ্মিজ ফিল্ডত মহাজোঁটৰ বিশাল প্ৰচাৰ সভাত অংশলৈ হাগ্ৰামা মহিলাৰীয়ে নিৰ্বাচনত জয় হোৱাৰ পিছতে ডাঃ ভগবান দেৱ মিশ্ৰক কেবিনেট মন্ত্ৰীৰ প্ৰদান কৰাৰ হ’ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰা দেখা যায় । লগতে মাজুলীলৈ প’লিং, প্ৰিজাইডিং বিষয়াসকলে ট্ৰেক্টৰত যাব লগা হোৱা বুলি কটাক্ষ কৰি বিজেপিয়ে কি উন্নয়ন কৰিছে বুলি প্ৰশ্ন কৰে হাগ্ৰামা মহিলাৰীয়ে ।
আনহাতে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত মহাজোঁটে ২০ খনতকৈও অধিক আসন পাব বুলি দাবী কৰাৰ লগতে তিনিটা পৰ্যায়ৰ নিৰ্বাচনত মহাজোঁটে মুঠ ৭০ খনতকৈও অধিক আসন পাই চৰকাৰ গঠন কৰিব বুলি মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে । একেদৰে বিপিএফে নিৰ্বাচনৰ পিছত কোনো কাৰণতে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ লগত চামিল নহয় বুলি হাগ্ৰামাই স্পষ্ট কৰি দিয়ে ।
লগতে পঢ়কঃ যুৱ ভোটাৰক আকৰ্ষণৰ বাবে গোৱালপাৰা জিলা প্ৰশাসনৰ ন ন কৌশল