ETV Bharat / state

দিল্লীৰ ব্লু-প্ৰিণ্ট: হিমন্তই হ’ব পৰৱৰ্তী মুখ্যমন্ত্ৰী - হিমন্ত বিশ্ব শৰ্মা

ইটিভি ভাৰতৰ হাতত পৰা তথ্য অনুসৰি বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেই আজি প্ৰস্তাৱ কৰিব ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নাম ৷ ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসে সমৰ্থন কৰিব সোণোৱালৰ প্ৰস্তাৱ ৷

as_ghy_Himanta_Biswa_Sarma_will_be_the_next_CM_of_Assam_img
দিল্লীৰ ব্লু-প্ৰিন্ট: হিমন্তই হ’ব পৰৱৰ্তী মুখ্যমন্ত্ৰী
author img

By

Published : May 9, 2021, 10:26 AM IST

নিউজ ডেস্ক,9 মে’: নিৰ্বাচনী ফলাফল ঘোষণাৰ সম্পূৰ্ণ এসপ্তাহৰ পিছত আজি দিছপুৰত হ’ব বিজেপি বিধায়িনী দলৰ বৈঠক ৷ য’ত নিশ্চিত হ’ব ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম ৷

যদিও বিধায়িনী দলৰ বৈঠকত মুখ্যমন্ত্ৰীৰ নাম চূড়ান্ত হ’ব বুলি জানিবলৈ দিয়া হৈছে, প্ৰকৃততে শনিবাৰে দিল্লীৰ বৈঠকত ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে পৰৱৰ্তী মুখ্যমন্ত্ৰী সম্পৰ্কত ৷ এই সম্পূৰ্ণ ব্লু-প্ৰিন্ট দিল্লীতেই প্ৰস্তুত কৰা হৈছে, আজি মাথো প্ৰকাশ কৰা হ’ব এই সিদ্ধান্তৰ আনুষ্ঠানিকতা ৷

শনিবাৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ বাসগৃহত অনুষ্ঠিত মাৰাথন বৈঠকৰ পিছত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্য তথা বিত্ত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নিশাই দিল্লীৰ পৰা অসমলৈ উভতি আহে ৷

দিল্লীৰ পৰা বিজেপি কেন্দ্ৰীয় নেতৃত্বই অসমলৈ পঠিয়াই কেন্দ্ৰীয় মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰ, দলৰ সাধাৰণ সম্পাদক অৰুণ সিং, অসমৰ পৰ্যবেক্ষক বৈজয়ন্ত জয় পাণ্ডা আৰু দলৰ সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষক ৷ এই চাৰিজনৰ দুজনক কেন্দ্ৰীয় নেতৃত্বই হ’বলগীয়া বিধায়িনী দলৰ বৈঠকৰ বাবে পৰ্যবেক্ষকৰ দায়িত্ব দিব ৷

ইটিভি ভাৰতৰ হাতত পৰা তথ্য অনুসৰি বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেই প্ৰস্তাৱ কৰিব পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নাম ৷ অসম ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসে সমৰ্থন কৰিব সোণোৱালৰ প্ৰস্তাৱ ৷

বিজেপি দলৰ সমূহ নৱ নিৰ্বাচিত বিধায়কক অসম বিধানসভাত আজি দিনৰ 11 বজাত উপস্থিত হ’বলৈ নিৰ্দেশ দিয়া হৈছে ৷ 12 বজাৰ পৰা আৰম্ভ হ’ব বিধায়িনী দলৰ বৈঠক ৷

শনিবাৰে নিশা ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাসে কিছুসংখ্যক নৱ নিৰ্বাচিত বিধায়কক লগত লৈ আজি অনুষ্ঠিত হ’বলগীয়ৈ বৈঠকৰ স্থান পৰিদৰ্শন কৰে ৷ য’ত উপস্থিত থাকে যোৰহাটৰ বিধায়ক তথা বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামী ৷

আনহাতে, সোমবাৰে অনুষ্ঠিত হ’ব ৰাজ্যৰ নতুন মন্ত্ৰীসভাৰ শপত গ্ৰহণ কাৰ্যসূচী ৷ ইতিমধ্যে পূৰ্ণোদ্যমে চলিছে শপতগ্ৰহণ কাৰ্যসূচীৰ প্ৰস্তুতি ৷ এইবেলি ৰাজভৱনৰ সলনি কলাক্ষেত্ৰত অনুষ্ঠিত হ’ব শপতগ্ৰহণ কাৰ্যসূচী ৷

লগতে পঢ়ক-ন তুন মন্ত্ৰীসভাত অগপৰ তিনি বিধায়কে পাব মন্ত্ৰীত্ব : কেশৱ মহন্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.