কামৰূপ,23জুনঃ ৰাজ্যত কৰ'ণাই গণ সংক্ৰমনৰ ৰূপ ধাৰণ কৰাৰ সময়তে পলাশবাৰীস্থিত 'চান ফাৰ্মা' নামৰ বহুজাতিক ঔষধ নিৰ্মানকাৰী প্ৰতিষ্ঠানটোৰ এগৰাকী কৰ্মচাৰীৰ দেহত ধৰা পৰিল ভয়াৱহ কোভিড-১৯ ৰ ভাইৰাছ । ঔদ্যোগটোৰ প্ৰশাসনিক বিভাগত কৰ্মৰত বহিৰাজ্যৰ ৰাকেশ শৰ্মা নামৰ বিষয়া গৰাকীৰ দেহত ক‘ৰণা ধৰা পৰা লগে-লগে আতংকৰ সৃষ্টি হৈছে অঞ্চললটোত । জানিব পৰা ম'তে আদাবাৰীত ভাড়াতীয়া হিচাপে থাকি এই উদ্যোগটোত কাম কৰি আহিছিল ব্যক্তি জনে।
আনহাতে লোকজনৰ কোনোধৰণৰ ট্ৰেভেল হিস্ট্ৰী নাছিল কিন্তু ভাড়াঘৰৰ মালিকগৰাকী দিল্লীৰ পৰা উভতি অহাৰ পিছত তেঁও ক‘ৰণাত আক্ৰান্ত হৈছিল ৷ তেওঁৰ পৰাই ৰাকেশ শৰ্মাৰ দেহলৈ সংক্ৰমিত হোৱা বুলি সন্দেহ কৰা হৈছে । আনহাতে প্ৰতিষ্ঠানটোত হোৱা এই ঘটনাতো গাপ দিয়াৰ চেষ্টা চলাইছিল 'চান ফাৰ্মা' নামৰ বহুজাতিক ঔষধ নিৰ্মানকাৰী প্ৰতিষ্ঠানটোৱে ।
লোকজনৰ দেহত ক‘ৰণা পজিটিভ থকাৰ ঘটনা পোহৰলৈ আহিছিল যোৱা ২১ জুন দেওবাৰে ৷ কিন্তু কোম্পানীটোৱে গাপ দিয়াৰ চেষ্টা চলাইছিল। আজি কোম্পানীটোত এই ঘটনাৰ পিছতে কামৰূপ জিলাৰ অতিৰিক্ত উপায়ুক্ত গুনজিত ৰায় চৌধুৰী সহ প্ৰশানৰ লোক উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে সংস্পৰ্শলৈ অহা ১২জন লোকক কোৱাৰেন্টাইনলৈ প্ৰেৰণ কৰিছে বুলি জানিবলৈ দিয়ে অতিৰিক্ত উপায়ুক্তগৰাকীয়ে । ইপিনে যদি স্বয়ং ঔষধ নিৰ্মান প্ৰতিস্থানতে এনেদৰে অসাৱধানতাৰ ফলত ক‘ৰণা আক্ৰান্ত হয় তেন্তে সাধাৰণ লোক কেনেদৰে সুৰক্ষিত হৈ থাকিব এই ৰোগৰ পৰা । খোদ ঔষধ নিৰ্মান প্ৰতিষ্ঠানৰ কৰ্মচাৰী ক‘ৰণাত আক্ৰান্ত হোৱাৰ পিছত এতিয়া পলাশবাৰী অঞ্চলটোৰ লোকসকল আতংকিত হৈ পৰিছে ।
লগতে পঢকঃ বাৰিষাৰ পথাৰত ভূই ৰুলে বিধায়ক গুৰুজ্যোতি দাসে