ETV Bharat / state

কামৰূপত চাউল আৰু বিস্কুট ভৰ্তি ট্ৰাক জব্দ

বাইহাটা চাৰিআলিৰ চাংসাৰি আৰক্ষীয়ে কামৰূপ জিলাৰ দুটা পৃথক ঠাইত অভিযান চলাই চাউল আৰু বিস্কুট ভৰ্তি ট্ৰাক জব্দ কৰে ৷ জব্দকৃত চাউলখিনি ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চোৰাং চাউল বুলি সন্দেহ কৰা হৈছে ৷

author img

By

Published : Aug 8, 2020, 1:42 PM IST

Changsari stolen rice&Biscuite truck recover
কামৰূপত চাউল আৰু বিস্কুট ভৰ্তি ট্ৰাক জব্দ

কামৰূপ.8আগষ্ট: বাইহাটা চাৰিআলিৰ চাংসাৰি আৰক্ষীয়ে কামৰূপ জিলাৰ দুটা পৃথক ঠাইত অভিযান চলাই জব্দ কৰে দুখনকৈ ট্ৰাক । বাইহাটা চাৰিআলিৰ স্থানীয় ৰাইজে এখন ১২ চকীয়া চাউল ভৰ্তি ট্ৰাক জব্দ কৰি গটাই দিয়ে চাংসাৰি আৰক্ষীক । চাংসাৰি আৰক্ষীয়ে ট্ৰাকখনত থকা চাউলখিনি ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চোৰাং চাউল বুলি সন্দেহ কৰে । আৰক্ষীয়ে গাড়ীখন জব্দ কৰাৰ উপৰিও চালক জনক আটক কৰে । চাউলখিনি কোকৰাঝাৰৰ পৰা তিনিচুকীয়ালৈ সৰবৰাহ কৰাৰ সময়তে চাউলখিনি জব্দ কৰে আৰক্ষীয়ে ৷

অন্য এক খবৰৰ বাবে:কামপুৰত বন্যহস্তীৰ আক্ৰমণত নিহত এজন,আহত দুজন

আনহাতে,যোৱা ১ আগষ্টৰ নিশা চাংসাৰি আৰক্ষী থানাৰ অন্তৰ্গত সিন্দুৰিঘোপাত থকা আইটিচি গুডামৰ পৰাও চুৰি হৈছিল এখন বিস্কুট ভৰ্তি কন্টেনাৰ গাড়ী । গাড়ীখনত লগাই থোৱা জিপিএছৰ জৰিয়তে গোৱালপাৰালৈ গাড়ীখন লৈ যোৱাৰ সম্ভেদ পাইছিল আৰক্ষীয়ে। সম্ভেদৰ ভিত্তিতেই আৰক্ষীয়ে তদন্ত চলাই গোৱালপাৰাৰ চুনেৰিৰ পৰা গাড়ী খন উদ্ধাৰ কৰাৰ লগতে প্ৰায় ৮০০ কাৰ্টন বিস্কুট উদ্ধাৰ কৰে ৷ এই ঘটনাক লগত জড়িত আছাদুল তালুকদাৰ নামৰ ব্যক্তি এজন ব্যক্তিকো আটক কৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.