ETV Bharat / state

গৰ্গ চেটাৰ্জীক গ্ৰেপ্তাৰৰ বাবে ৰাওনা মহানগৰ আৰক্ষীৰ দল - গৰ্গ চেটাৰ্জী

গৰ্গ চেটাৰ্জীৰ বিৰুদ্ধে ইতিমধ্যেই 10/2020 নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে মহানগৰ আৰক্ষীয়ে ।

Case register against Garg Chatarjee
গৰ্গ চেটাৰ্জীক গ্ৰেপ্তাৰৰ বাবে ৰাওনা মহানগৰ আৰক্ষীৰ দল
author img

By

Published : Jun 19, 2020, 7:53 PM IST

গুৱাহাটী, 19 জুন : শীঘ্ৰেই গ্ৰেপ্তাৰ হ'ব পশ্চিমবংগৰ বাঙালী বুদ্ধিজীৱি গৰ্গ চেটাৰ্জী । বৰ অসমৰ ভেটি প্ৰতিষ্ঠাতা চাওলুং চ্যুকাফা সন্দৰ্ভত কটু মন্তব্য কৰিছিল তথাকথিত বুদ্ধিজীৱিগৰাকীয়ে । চ্যুকাফাক চীনা আক্ৰমণকাৰী বুলি মন্তব্য কৰিছিল গৰ্গ চেটাৰ্জীয়ে । অসম সন্দৰ্ভত কৰা এনে মন্তব্যৰ পিছতেই জাঙুৰ খাই উঠিছে ৰাজ্যৰ সচেতন নাগৰিক । ৰাজ্যৰ ঠায়ে ঠায়ে গৰ্গ চেটাৰ্জীৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ । এই বিষয়টো মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দৃষ্টিগোচৰ হোৱাৰ পাছতেই তাৎক্ষণিক পদক্ষেপ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে ।

গৰ্গ চেটাৰ্জীক গ্ৰেপ্তাৰৰ বাবে ৰাওনা মহানগৰ আৰক্ষীৰ দল

গৰ্গ চেটাৰ্জীক গ্ৰেপ্তাৰ কৰি অসমলৈ অনাৰ বাবে আৰক্ষীক নিদেৰ্শ দিয়ে মুখ্যমন্ত্ৰী সোণোৱালে । বৰ্তমান মহানগৰ আৰক্ষীৰ এটা দল ৰাওনা হ'বলৈ সাজু হৈছে পশ্চিমবংগলৈ । গৰ্গ চেটাৰ্জীৰ বিৰুদ্ধে ইতিমধ্যেই 10/2020 নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে মহানগৰ আৰক্ষীয়ে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও সময়ে সময়ে অসম আৰু অসমীয়াৰ বিৰুদ্ধে বিভিন্ন অপমানসূচক মন্তব্য কৰি আহিছিল তথাকথিত বুদ্ধিজীৱিগৰাকীয়ে ।

লগতে পঢ়ক: ৰঙা চীনক মুকলি প্ৰত্যাহ্বান প্ৰাক্তন ভাৰতীয় সেনানীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.