ETV Bharat / state

বকোৰ নামনি লাম্পীত অসম প্ৰশাসন আৰু মেঘালয় প্ৰশাসনৰ মাজত উত্তপ্ত পৰিস্থিতি

author img

By

Published : Feb 20, 2020, 6:02 PM IST

বকোৰ নামনি লাম্পীত বৃহস্পতিবাৰে পুৱা সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ । লাম্পীৰ উমালিত অসমৰ সীমান্ত আৰক্ষী চকী স্থাপনক লৈ এই বিতৰ্কৰ সূত্ৰপাত ঘটে । উল্লেখ্য যে, সীমান্ত আৰক্ষী চকী স্থাপনৰ অৰ্থে অঞ্চলটোলৈ ভূমি জৰীপৰ বাবে গৈছিল অসম আৰক্ষী তথা প্ৰশাসনৰ এটা দল । দলটোক উক্ত কাৰ্যত বাধা প্ৰদান কৰে মেঘালয় আৰক্ষী আৰু কামাণ্ডোৰ এটা দলে ৷

BOKO INTER STATE BORDER CONFLICT KAMRUP
উত্তপ্ত পৰিস্থিতি

বকো,20 ফেব্ৰুৱাৰীঃ অসমৰ চুবুৰীয়া ৰাজ্যসমূহে নিজৰ ভৌগলিক সীমা পাৰহৈ অসমৰ ওপৰত চলাই অহা আগ্ৰাসনে সম্প্ৰতি ৰাজ্যৰ আভ্যন্তৰীণ ক্ষেত্ৰত এক স্পৰ্শকাতৰ বিষয় হৈ পৰিছে৷ বিশেষকৈ অসমৰ সীমান্তৱৰ্তী মেঘালয়ে অসমৰ ভূমিৰ ওপৰত শেন চকু নিক্ষেপ কৰি দীৰ্ঘদিনৰ পৰাই চলাই আহিছে আগ্ৰাসন ৷ এনে এক পৰিস্থিতিৰে উদ্ভৱ হয় অসম-মেঘালয় সীমান্তৱৰ্তী কামৰূপ জিলাৰ বকো থানাৰ অন্তৰ্গত বকো ৰাজহ চক্ৰ এলেকাৰ উমালি গাঁৱত ৷

বকোৰ পৰা 35 কিলোমিটাৰ দক্ষিণে থকা অসম মেঘালয় সীমান্তৱৰ্তী নামনি লাম্পীৰ উমালি গাঁৱত অসম চৰকাৰৰ গড়কাপ্তানি বিভাগৰ কাৰ্যালয় নিৰ্মাণৰ বাবে আবন্টিত মাটিত জৰীপ চলাবলৈ যায় কামৰূপ জিলা প্ৰশাসন আৰু গড়কাপ্তানি বিভাগৰ দলে ৷ কিন্তু অতিকে দূৰ্গম অঞ্চলটোত কামৰূপ জিলা প্ৰশাসন আৰু গড়কাপ্তানি বিভাগৰ দলটোৱে সন্মুখীন হয় এক অপ্ৰীতিকৰ পৰিস্থিতিৰ ৷ কামৰূপৰ জিলা উন্নয়ন আয়ুক্ত টংকেশ্বৰ দাস, কামৰূপ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সঞ্জীৱ শইকীয়া, গড়কাপ্তানি বিভাগৰ অভিযন্তা প্ৰণৱ ডেকা আৰু বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া যোগেন্দ্ৰ বৰ্মনে আৰক্ষী, চিআৰপিএফ আৰু কামাণ্ডো বাহিনীৰ বৃহৎ দল লৈ লাম্পীত উপস্থিত হয় ৷ অসম চৰকাৰৰ দলটোৰ আগমনৰ বিষয়ে গম পাই লাম্পীত পূৰ্বৰে পৰাই খাপ পিতি থকা মেঘালয় প্ৰশাসনৰ এটা দলৰ সৈতে মুখামুখি হয় অসম চৰকাৰৰ দলটো ৷ মেঘালয়ৰ নষ্টাইন জিলাৰ অতিৰিক্ত উপায়ুক্ত এডি চাংমা, উপ-আৰক্ষী অধীক্ষক আই খংকৰগোৰৰ নেতৃত্বত অঞ্চলটোত খাপ পিতি আছিল মেঘালয় আৰক্ষীৰ দশম বিশেষ বাহিনীৰ ডেৰ শতাধিক জোৱানৰ লগতে প্ৰায় শতাধিক নাগৰিক ৷ এনে অৱস্থাত অসমৰ ভূমি নিজৰ বুলি দাবী কৰা মেঘালয় প্ৰশাসনৰ দলটোৱে কোনোধৰণৰ বৈধ নথি-পত্ৰ দেখুৱাবলৈ সক্ষম নহয়, যদিও অসম প্ৰশাসনৰ দলটোৱে চাৰ্ভে অৱ ইণ্ডিয়াকে ধৰি বকো ৰাজহ চক্ৰৰ সীমাৰ মানচিত্ৰ মেঘালয় প্ৰশাসনক প্ৰদৰ্শন কৰে ৷ উল্লেখ্য যে, মেঘালয় প্ৰশাসনৰ ছত্ৰছায়াত দুগৰাকী মহিলাই অসমৰ উক্ত ভূমি বেদখল কৰি আছিল যদিও অসম প্ৰশাসনৰ দলটোৰ নতি-পত্ৰ অগ্ৰাহ্য কৰি দলটোৰ সৈতে বাক-বিতণ্ডাত লিপ্ত হয় মেঘালয় প্ৰশাসনৰ দলটো ৷ দুয়োখন ৰাজ্যৰ চৰকাৰী প্ৰশাসনৰ দল দুটাৰ মাজত প্ৰায় চাৰি ঘন্টাধৰি তীব্ৰ বাক বিতণ্ডা অব্যাহত থাকে ৷

অসম-মেঘালয় সীমান্তৰ উজনি লাম্পীলৈ সাত কিলোমিটাৰ বাকী থকা অৱস্থাত মেঘালয়ে কিদৰে অসমৰ ভূমিত আহি এইদৰে চৰকাৰী কাৰ্যালয়ৰ নামত আবন্টিত ভূমি বেদখল কৰিবলৈ পালে সেয়া লক্ষনীয় বিষয় হৈ পৰিছে ৷ বিভিন্ন সময়ত আন্ত-ৰাজ্যিক সীমাক লৈ দুয়োখন ৰাজ্যৰ মাজত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈ আহিছে ৷ দেশৰ আভ্যন্তৰীণ সীমা সমস্যাই ৰাজ্যসমূহৰ প্ৰশাসনিক ক্ষেত্ৰত শীতল যুদ্ধ চলি থকাৰ সময়তে মেঘালয়ৰ এই আগ্ৰাসনে দুয়োখন ৰাজ্যৰ সীমান্ত এলেকাৰ জনগনৰ মাজত ভৌগলিক তথা বিভিন্ন ভাবুকি কঢ়িয়াইছে ৷ উল্লেখ্য যে, ৰাজ্যিক সীমা বিবাদৰ ওপৰত অসম চৰকাৰে বিশেষ কোনো গুৰুত্ব প্ৰদান নকৰাৰ পৰিপ্ৰেক্ষিতত অসম সীমান্তৱৰ্তী নাগৰিকে চৰম দুৰ্ভোগ ভূগি আহিব লগা হৈছে৷ উল্লেখ্য যে, প্ৰাকৃতিক ভূ-স্বৰ্গ স্বৰূপ, পৰ্যটনৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰ হৈছে চিৰসেউজ অসম ভূমিৰ লাম্পী ৷ লাম্পীৰ ওপৰত মেঘালয়ে দীৰ্ঘদিনৰ পৰাই অসম চৰকাৰৰ দূৰ্বলতা আৰু দায়িত্বহীনতাৰ সুযোগ গ্ৰহন কৰি ব্যাপক হাৰত অসমৰ ভূমি বেদখল কৰি দিনে নিশাই চলাই আহিছে বিভিন্ন নিৰ্মানকাৰ্য৷ মেঘালয় চৰকাৰৰ পৃষ্ঠপোষকতাত একাংশ লোকে অসমৰ অস্তিত্বৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই অনাতে ক্ষান্ত নাথাকি অসমৰ ভূমিতে অসম চৰকাৰে কৰিবলৈ লোৱা চৰকাৰী কাৰ্যালয় তথা উন্নয়নমূলক কামত বাধা প্ৰদান ও কাম বন্ধ কৰি দিয়াৰ ঘটনাও সংঘটিত হৈছে ৷

শেহতীয়াভাৱে লাম্পীৰ অসম ভূমিত চৰকাৰী কাৰ্যালয় নিৰ্মানৰ জৰীপ কৰিবলৈ যোৱা কামৰূপ জিলা ও আৰক্ষী প্ৰশাসনক মেঘালয় প্ৰশাসন আৰু আৰক্ষী বিভাগে তীব্ৰ বাধা প্ৰদান কৰাত অসম চৰকাৰৰ জৰীপ কাৰ্য সম্ভৱ হৈ নুঠিল ৷ ইয়াকলৈ নামনি লাম্পীৰ উমালিত সৃষ্ঠি হয় তীব্ৰ উত্তেজনাময় পৰিস্থিতি ৷ লাম্পী অঞ্চলত মেঘালয়ৰ একাংশ লোকে মেঘালয় চৰকাৰৰ প্ৰত্যক্ষ ছত্ৰছায়াত দীৰ্ঘদিনৰ পৰা অপ্ৰতিৰোধ্যভাৱে আগ্ৰাসন চলাই আহিবলৈ সক্ষম হোৱা বাবেই আজি অসমৰ মাটিতে অসম চৰকাৰ অস্তিত্বহীন হৈ পৰিছে । ইতিমধ্যে বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া যোগেন্দ্ৰ বৰ্মনে সম্প্ৰতি নিয়ন্ত্ৰণত থকা অসম-মেঘালয় সীমান্তৰ লাম্পীৰ উমালিত পৰৱৰ্তী সময়ত সৃষ্টি হ'ব পৰা যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ লগতে লাম্পীৰ জনগণক সুৰক্ষিত কৰি ৰাখিবলৈ কামৰূপ আৰক্ষী সষ্টম হৈ আছে বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে ৷

উত্তপ্ত পৰিস্থিতি

কিছুদিন পূৰ্বে বকো আৰক্ষী থানাৰ অন্তৰ্গত অসম-মেঘালয় সীমান্তৰ পৰ্যটনস্থলী হুহুৱা জলপ্ৰপাত এলেকাৰ ৰাস্তা এটাৰ নিৰ্মান কাৰ্য মেঘালয়ৰ প্ৰৰোচনাত মেঘালয় সমৰ্থিত অসমৰ একাংশ লোকে বন্ধ কৰি দিয়াৰ লগতে গড়কাপ্তানি বিভাগৰ অভিযন্তা, ঠিকাদাৰ আৰু কৰ্মচাৰীৰ দলক অপদস্থ কৰা আৰু লাম্পীত অসমৰ মাটিত অসমৰ লোকে স্থাপন কৰিবলৈ লোৱা মোবাইলৰ টাৱাৰৰ নিৰ্মান বন্ধ কৰি দিয়াৰ দৰে ঘটনা সংঘটিত হৈছে ৷ আনহাতে, কামৰূপ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সঞ্জীৱ শইকীয়াই জানিবলৈ দিয়ে যে, উমালিত অসম আৰক্ষীৰ এটা সীমা পহৰা চকীৰ গৃহ নিৰ্মাণৰ জৰীপৰ বাবে তেওঁলোকে উপস্থিত হৈছিল যদিও, মেঘালয় চৰকাৰৰ বিষয়াই সেই মাটি ডোখৰ মেঘালয়ৰ বুলি ক'ব বিচাৰিছিল যদিও কোনো নথিপত্ৰ দেখুৱাব নোৱাৰিলে আৰু এই বিষয়টো দুয়ো ৰাজ্যৰ উৰ্দ্ধতম কতৃপক্ষৰ আলোচনাৰ পাছতে পৰৱৰ্তী কাম আৰম্ভ হব বুলি প্ৰকাশ কৰে ।

লগতে চাওকঃউত্তৰ গুৱাহাটীৰ মাজগাঁৱত সংঘটিত পথ দুৰ্ঘটনাত নিহত পথচাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.